মনৰ বুৰবুৰণি

Rinku Rajowar
0
যান্ত্ৰিকতাৰ যুগত বহুতে হইতো ভগৱানক বিশ্বাস নকৰে, মইয়ো বিশ্বাস নকৰো , কিন্তু মই এটা কথা কওঁ যে  "আমাক ভগৱানে এই পৃথিৱীত কিব নহয় কিবা এটা কৰিবলৈ পঠাইছে ,যিটো কাম মই নিষ্ঠাৰে ,সততাৰে আৰু বিশ্বাসেৰে কৰি যাব লাগিব যিটো মোৰ অবিহনে অথবা মোৰ বাদে সেই কাম অন্যই কৰাৰ আগতে মই কৰিব লাগিব " বুলি মনত স্থিৰ কৰিবলৈ আপোনাৰ ভাই ভনী , বন্ধু বান্ধৱী আৰু সকলোৰে মনত এই কথাষাৰ মনত কওঁক , যদি তেওঁ ভগৱানক বিশ্বাস কৰে তেনে। তেতিয়া তেওঁ উৎসাহৰ লগতে এক মনোশক্তি পাব যি শক্তিৰ যোগেদি জীৱনৰ উন্নতিৰ ৰণত উঠি পৰি লাগিব তথা উন্নয়নৰ দিশত ধাবমান হ'ব আৰু ক'ব মই আমাৰ সমাজখনক এটা চিনাকি দি যাব লাগিব বা আমি সমাজখনত নাম থকাকৈ ভাল  কৰ্মৰে নিজৰ নাম উজলাই থৈ যাব লাগিব বুলি ভাৱিব। আৰু জীৱনৰ লক্ষ্যত আগোৱাই যোৱাৰ প্ৰেৰণা পাব। এজন পণ্ডিতে মন্তব্য কৰিছিল যে "তুমি যদি ডাঙৰ কাম কৰিব পৰা নাই তেনে তুমি সৰু কামটোকে ডাঙৰকৈ কৰা " এজন মানুহ যেতিয়া পৰাজয় হয় তেতিয়া পৰাজয় হোৱা লোকজনক বহুতে হাঁহে ,কিন্তু এইয়া ভাল লক্ষ্যননে কেতিয়া ভাল হ'ব নোৱাৰে নিশ্চয় , এই হাঁহিৰে এজন মানুহ ভাল হ'ব পাৰে অন্যথা বেয়াও হ'ব পাৰে । এজনে পৰাজয় বৰণ কৰাৰ পিছত সেই ব্যক্তিগৰাকীক উৎসাহ দিয়ক পাৰিলে আপুনি যি সহায়ৰ হাত আগবঢ়াব পাৰে সেই সহায়েৰে তেওঁক সাহস দিয়ক এইয়াই প্ৰকৃত মানুহৰ চিন ,উদাৰতাৰ চিন , এজন ভালতকৈয়ো ভাল মানুহৰ চিন ।আপুনি যিগৰাকী ব্যক্তিক সাহস ,প্ৰেৰণা , কোনো এটা পৰিস্থিতিৰ মুখামুখি হ'ব পৰাৰ যি শক্তি দিয়ে তেওঁ কেতিয়াও আপুনাৰ কথা পাহৰিব নোৱাৰে ।সফলতা লাভ কৰাৰ পিছত আপোনাক নিশ্চয় এবাৰ মনত পেলাৱ ,আৰু তেওঁৰ সফলতাৰ আঁৰত যে আপোনি সেই কথাও সুৱঁৰি থাকিব।

     ৰিন্টু কুৰ্মী 
৭০৮৬২১১৪৭৮

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)