আজি ও আনৰ হব পৰা নাই,
প্ৰেম আৰু ভালপোৱা---------
মান অভিমান গোপনে ৰাখিছোঁ।
মৌনৰ দুটি ওঁঠত
ফুটি উঠে ৰ'দৰ মূখৰ কবিতা,
দুৰন্ত হেঁপাহ থকা বাবে
এজাক বৰষুণৰ হৈ মোক বোৱাই দিয়।
স্মৃতিৰ বলুকাত লুকাই থকা
দুখৰ এজাক সপোন
সুখৰ এজাক হাঁহি,
অস্থিৰ অজ্ঞাতে ভৱিষ্যতৰ ঠিকনা দিয়ে।
ক'ত যে কথা আছে গঁঠা
যাক আমি নাজানো,
ক্ষুধা, কামন,বাসনা, সেউজীয়া অনুভূতি
অহেতুক নিৰ্মাণ কৰো নিজক
নতুন ৰূপত।
🔰নাং ননী বৰুৱা গগৈ
টেঙাখাত- ডিব্ৰুগড়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ