উপজিলো মই
আইৰে বুকুতে উমলি জামলি
হ’লো মই ডাঙৰ
সেউজী আইৰে আঁচলতে
নিতৌ লিখো মই জীৱনী
বাহুবলি হ’লো মই
আইয়ে যতনাই দিয়া ভাত মুঠি খাই !
এনে মোৰ আই
ক’তো পাবলৈ নাই
ইমান ধুনীয়া মোৰ আই
তোমাৰ ৰূপৰ তুলনা নাই
নাই তোমাৰ গৰিমাৰ উপমা
ভাগৰি পৰিলে এদিন দিবহি ঠাই
জিৰাবলৈ মোক জীৱনৰ শেষ সন্ধিয়াত !
কিহেৰে পূজিম তোমাক আই
এনে কোনো সম্বল নাই
এটি মাথো উপায়
তোমাৰ চৰণতে ধৰি
মুদিম চকু সেৱা জনাই !
কবি – দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ