চাহ বাগিছাৰ লছমী ম‌ই

Rinku Rajowar
0
আজি যেন জুনটো জকমকাই উঠিছে
একেবাৰে পুৱাই ওলোৱা সূৰুযটোৰ দৰে
গোটেইখন পোহৰাই তুলিছে।
কাৰণ এতিয়া ভাদ মাহৰ আগমন ঘটিছে,
এতিয়া চাহ জনগোষ্ঠী সমাজৰ 
লোকৰ গা সাতখন আঠখন
একেবাৰে ল'ৰাৰ পৰা বুঢ়ালৈকে
কৰবাত যেন মাদলৰ ৰগৰ উঠিছে
আৰু পবিত্ৰ চিফুং বাহীৰ মাতে মোক মতলীয়া কৰিছে
ওচৰত বজাহলে ম‌ই এপাক নাছিলোহেতেন
কিন্তু এতিয়া বাজিছে দূৰৈত 
ম‌ই যাব নোৱাৰো
কাৰণ ম‌ই নাৰী ম‌ই নাৰী
কৰবাত চাগে মোৰ কোনোবা ৰৈ আছে
মোক তেওৰ হাতৰ ঢুলৰ চাপৰে হাত বাওল দি মাতিছে
কিন্তু ম‌ই যাব নোৱাৰো কাৰণ ম‌ই নাৰী।
এতিয়া মোক কাচিফুল কেৱাফুলৰ
গুন্ধ‌ই মতলীয়া কৰিছে
কোনোবা কোনোবা উজাগৰী নিশা কটাবৰ বাবে 
বাট চাই আছে একাদশী নিশাৰ বাবে
আৰু ম‌ই ৰৈ আছো কাৰণ ম‌ই নাৰী
নিশাৰ ৰজনী ফালি ম‌ই যাব নোৱাৰো 
নোৱাৰো যাব ম‌ই কাৰণ ম‌ই নাৰী।।

 ✍ ময়ুৰী ৰাজোৱাৰ
   নাজিৰা,শিৱসাগৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)