সোণালী আঘোণ

Rinku Rajowar
0
সোণালী আঘোণে দিয়ে
সোণগুটিৰ বৰণীয়া সুবাস
শ্যামলী শস্যৰ পথাৰখন দেখি
অভিমানী কৃষক নাচনী হৈ
বুকুত সপোনৰ কাৰেং সাজে।

আঘোণৰ সঁফুৰাত চৌদিশে
সোণগুটিৰ সুগন্ধি কুহুম ফুলে
বিয়লি বেলাৰ পথাৰখনলৈ চাই
বাৰে বাৰে কবলৈ মন যায়
আঘোণৰ ৰঙীয়াল হৈ পৰা
পথাৰখনক ভাল পাওঁ বুলি। 

আঘোণৰ বিয়লি বেলাত বুকুত
ওপজা মাটিৰ পৰশত
গঞা কৃষকে ন-খোৱাৰ উৎসৱ পাতে। 

🔰নবীন কুৰ্মি (সাপেখাতী) 
     চৰাইদেউ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)