হত্যা কৰে আৱেগবোৰক.....?
সন্ধানহীন শব্দ বোৰৰ অপেক্ষাত
দিখৌ নৈৰ গঢ়াত....
থমকি ৰব খোজে ভৰিৰ খোজ
গোপন হৃদয়ত নিমিষতে বিৰিঙি উঠে
হাজাৰ আৱেগৰ জোৱাৰ.....
ৰঙা বেলিৰ পোহৰত
মেলি দিওঁ এমুঠি সপোন...
"সাত সাগৰ তেৰ নদীৰ পাৰ" হৈ
যাওঁক বহুদূৰ.....
আৱেলিৰ বেলিৰ আৱেগিক নিস্তব্ধতাত
হেৰুৱাব বিচাৰে...
জীয়াই থকাৰ কৰুণ যন্ত্ৰণা...
চিনাকি বাটেৰে জিলমিল পোহৰত
প্ৰাপ্তিৰ...
অপ্ৰাপ্তিৰ...
মৃদু কম্পন....
নৈৰ বুকুত ভাহি
অহা অন্তৰাত্মাৰ চিঞৰ
বিচাৰি পাওঁ প্ৰতিশ্ৰুতি প্ৰিয়জনৰ....
নদীৰ শেষ সীমনাত অপেক্ষাৰত এটি উশাহ
ভালপোৱা মাথোঁ
উপলব্ধি
শূন্যতা.....
নৈৰ খোজে সাৰ পোৱা অলীক কল্পনা...
🔰নৃপেন ৰাজোৱাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ