যৌৱনৰ ভৰ দুপৰীয়া হৃদয়ৰ আকুল আহ্বানতহে প্ৰেমত পৰে সকলো ।
হৃদয়ৰ উত্তাল ঢৌবোৰৰ কঁপনিত
হৃদয়ে বিচাৰে হৃদয়ক ।
তাৰেই ফলস্বৰূপে বিবাহ ।
ইজনে সিজনৰ প্ৰতি দুৰ্বলতা ।
সেয়ে আজি মই - - - - - - -
হব খুজিছিলো পত্নী তোমাৰ হিয়াৰ
কিন্তু তুমি দিলা কি - - - ?
যি মন তাকে কৰিব পাৰা
যলৈকে মন যায় যাবও পাৰা
মাজনিশালৈকে তোমাৰ অসভ্য আচৰণ ।
কি যন্ত্ৰণা মোৰ হৃদয়ত - - - !
ভাবিবৰ আহৰি নাই তোমাৰ
মই যে নাৰী ।
মদৰ ৰাগিত মাতাল তোমাৰ মন মগজু
সন্তান প্ৰতি নেদেখো দায়িত্ব
অপ্ৰিয় বাক্যবাণে থকা -সৰকা হৃদয়।
হব খুজিছিলো পত্নী কৰিলা বান্দী
দিনে ৰাতিয়ে মোৰ কৰ্মৰাজিক লৈ অসন্তুষ্টি।
তুমিতো জানাই নাৰী নদীৰ দৰে
তথাপিও - - - - - - -
ধৈৰ্য্যৰ আৰু সহ্যৰ পৰীক্ষা আৰু কিমান লবা ?
তোমাৰ তীক্ষ্ণ বানত উশাহ বন্ধ হব খোজে ।
যৌৱনৰ প্ৰাচুৰ্যত বৰ্ষাৰ ঢল - - - -
আবেলিটিৰ সতে কথা পাতিবৰ মন নোযোৱা হয় ,তুমি তো নাজানা ।
নদী সদায়ে নদী যি বৈ যায় গভীৰৰ পৰা গভীৰলৈ ।
নীলা চাকিচাকিৰ পোহৰত নামি আহিল অমানিশা।
হৃদয়ত পৰাধীনতাৰ মেৰপাক
নিশাৰ নিস্তব্ধতা ভংগ কৰি বৈ আহে চকুলো ।
বেদনাৰ নিসংগতা বুকুত
স্মৃতিৰ বুকুত যৌৱনৰ অভিশপ্ত অনুৰাগ।
⬛ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ