ফাগুনৰ দুখ

Rinku Rajowar
0
ফাগুন উতনুৱা
ফাগুন ৰং সনা
ফাগুনে চটিয়াই প্ৰেম
ফাগুন আনমনা ।

ফাগুনৰ লয়লাস
বতাহত ধূলিকনা
নাচে যেন তাণ্ডৱ কৰি
কৰে শিৱৰ আৰাধনা ।।

মদাৰ পলাশ ফুলে
শিমলু তুলা উৰে
আকাশত ছটিয়াই জুই
ফাগুনৰ কি বিড়ম্বনা ।।

লঠঙা ডালত ফুলে
জকমক শিমলু
পত্ৰ অবিহনে সেয়া
মাতৃহাৰা শিশু
এয়াই নেকি ফাগুনৰ তাড়না !

শুনিছানে ফাগুনৰ
শুকান বেদনাবোৰ
সেউজ অবিহনে
জীয়াই থকাৰ ব্যাথাবোৰ ।
বতাহত জলে জুই
আকাশত জলে জুই
কলিজাত জলে জুই
ফাগুন ফাগুন হ'ই ,
ফাগুনৰো আছে ইতিহাস ।
তাৰেই নাম চা'গে 
"ফাগুনী পচোৱাজাক"
মষিমূৰ কৰে লঠঙাক
নাম দিওঁ বৰদৈচিলা যাক,,,,,,

ফাগুন নহয় উতনুৱা ,
চকুলো শুকাই ৰুক্ষ হোৱা
ফাগুন এক অনামী বেদনা ।।।।

নবযানী বৰুৱা শইকীয়া
ডিগবৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)