মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ "আলি আই লিগাং "

Rinku Rajowar
0


মিচিংসকলৰ কৃষি উৎসৱ আলি আই লিগাং এই উৎসৱৰ অন্তৰালত আছে ভূমিৰ উৰ্বতা বৃদ্ধি আৰু  পৃথিৱীখনত শস্যৰে নদন বদন কৰি তোলাৰ প্ৰয়াস ৷

এতিয়া আলি আই লিগাঙৰ অসমীয়া অৰ্থ হ’ল আলি মানে আলুজাতীয় শস্য , আই মানে গছত হোৱা ফল আৰু  লিগাং মানে ৰোৱলৈ আৰম্ভ কৰা ৷
ফাগুন মাহৰ প্ৰথম বুধবাৰে মিচিংসকলে  এই উৎসৱৰ আয়োজন কৰে ৷ 
এমাহৰ আগৰে পৰাই প্ৰস্তুতি আৰম্ভ কৰি দিয়ে লিগাঙৰ বাবে পঃৰ আপন তৈয়াৰ কৰে 
লিগাঙৰ দিনা জীয়ৰী বোৱাৰীসকলোৱে পুৱাতে উঠি গা-পা ধুই আমপি আমকৃন মানে বৰা চাউল তৰপাতেৰে সৰু সৰু  টোপোলা বান্ধি সিজাই এই সিজোৱা ভাতক পুৰাং আপিং বুলি কোৱা হয় ৷
পুৰাঙৰ লগত খাবলৈ বিধে বিধে আঞ্জা ৰান্ধে যদিও মাংগলিক কাৰ্যৰ বাবে 
মাটিমাহত কচুৰ আগ , শুকান মাছ বা মাংস আৰু খাৰ দি ৰন্ধা হয় ৷শুকান মাছ কুঢ়ি বা চেনি ( বগা ৰঙৰ বাকলি থকা মাছ ) আৰু আঞ্জাত তেল নিদিয়ে তেল দিলেহেনো শস্য শুকাই যায় বুলি মিচিংসকলে বিশ্বাস কৰে ৷
লিগাং অৰ্থাৎ বীজ সিঁচাৰ কৰ্মৰ হেতু  ঘৰৰ গৃহিণীয়ে পুৰাং পঃৰ আপং , মাটিমাহৰ আঞ্জা , পাতত দিয়া শুকান মাছ, মাংস , আদা , কপাহ আদিৰ সংগ্ৰহ কৰা পিঃৰ ( মেগেলাৰ আগ কেইডালমান, আহু ধানৰো  ’ আমনি " ( কঠিয়া ) আদি এটা অপৃন যতনাই দিয়ে ৷
এই কাম সমাপন হোৱাৰ পাছত গৃহস্থই ভোজন কৰে ৷ তাৰপাছত বাকীবোৰ ভোজনত হাত দিয়ে ৷ ভোজৰ লগত আপঙও যোগান দিয়ে ৷
লিগাঙৰ দিনাখন মিচিংসকলৰ মাজৰ শতুৰুতা পাহৰি একলগ হৈ লিগাং খাই ৷ কোনেও কাকো নিমন্ত্ৰণ নকৰাকৈ ঘৰে ঘৰে গৈ পুৰাং , আঞ্জা , আপং , খাই ৷
সন্ধিয়াৰপৰা আৰ আৰম্ভ হয় " ওমৰাগ চঃমান " ( বিহু ) গুমৰাগ গুমৰাগ্  কেকনলক গুমৰাগ , লগে লগে
 " বৰদুগ "  ( ঋতু গত ) , নিঃতম গীতৰ সুললিত সুৰত  ধ্বনিত সহযোগী হৈ  লুঃপি মানে তাল , পেঁমপা মানে পেঁপা , গুংগা মানে গগণা , লীঃন  মাৰুবাং মানে বৰকাঁহ  আদিৰ সমলয়ত এক স্ৰৰ্গীয় আনন্দত মুখৰিত হয় গৃহস্থৰ চোতাল ৷
দঞি পঃল মানে সূৰ্য , চন্দ্ৰ , ৰুনী পৃনী মানে সৃষ্টিকৰ্তা , চিনীমাব মানে উপৰিপুৰুষ আদিক সাক্ষী কৰি ৰাইজে গৃহস্থক আশিৰ্বাদ দি গৃহস্থই আপং পুৰাং আদি খাই অন্য এঘৰত বিহু মাৰিবলৈ গুচি যায় ৷ 
এইদৰে বিহু মাৰি পোৱা ধন আৰু সামগ্ৰীৰে ভোজৰ আয়োজন কৰে ৷
এই ভোজক " দপান তৃপান " বুলি কয় ৷
এই  " দপান তৃপান " তৃতীয় দিনা চলে ৷
চতুৰ্থ দিনত গচ কটা , মাছ ধৰা , পথাৰত জুই দিয়া , মাটি খন্দা আদি নিষিদ্ধ হয় ৷
পঞ্চম দিনা " লুঃলেন " অৰ্থাৎ লিগাঙৰ বিদায় দিন সমাপন কৰে মিচিং সকলে ৷
দেখা গ’ল যে আলি আই লিগাং এটা মহত্ত্বপূৰ্ণ কৃষিকৰ্মৰ লগত জৰিত উৎসৱ এই উৎসৱ মিচিংজনগোষ্ঠীৰ বাব অতি গুৰুত্বপূৰ্ণ উৎসৱ সেইবাবে বৰ ধুমধামেৰে উদযাপন কৰে ৷

লিখক – দুলাল ৰবিদাস
( সহযোগী মিলি দা আৰু ৰাতুল দত্ত )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)