আছিল মাথো যৌৱনৰ মাদকতা লোৱাৰ হেপাহ ।
দেখুৱাইছিলা প্ৰলোভন
দেখুওৱা নাছিলা প্ৰেৰণাৰ বাট - - - - - বঢ়াই তুলিছিলা হৃদয়ৰ স্পন্দন ।
প্ৰেমে কৰে হৃদয় টোলপাৰ
মনত অচিন্ত্য ভাবনাৰ- - - -।
যেতিয়া প্ৰেম জাগিব হৃদয়ত
সাঁচি ৰখা মৰমবোৰ উঠিব উঠলি ।
এজাৰফুলীয়া সপোনবোৰে তোমাক শুবলৈ নিদিয়ে
ৰিব্ ৰিব্ মলয়াৰ মৃদু শিহৰণে কঁপাই তোলে
প্ৰয়োজন নাথাকে ভোক ভাতৰ ।
নিৰিবিলি ক্ষণত নিসংগতাৰ সতে কটাই সময় - -।
টলবল বুকুৰ সাগৰ - - -
মিঠা মিঠা কথাবোৰ ভাহিব কাণত ।
এনে জানো হয় কেতিয়াবা - - - ?
নহলে ভালপাওঁ নুবুলিবা - - - !
দিবতো নোৱাৰা পত্নীৰ মৰ্য্যদা ।
নকৰি ছলনা দিলাহেতেন প্ৰেৰণা
জীৱনৰ পৰা দুৰৈত নাৰাখিলাহেতেন।
নুবুজিলা হৃদয় কিমান ঠুনুকা - - - -
তোমাৰ কথাত পদুম নুফুলে
দুৰ্বাৰ হেপাহ নাথাকে হৃদয়ত !!
⬛ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ