যমৰজাৰ ঘৰত

Rinku Rajowar
0
কালি বতৰতো বৰ গোমা আছিল 
ৰক্তচাপটো কো কোকৈ বাঢ়িছিল
সুযোগটো পাই ভাবিলো
এপাক যমৰজাৰ ওচৰৰ পৰা 
অহা যাওক 
খত খত খত খত
দুৱাৰত টুকৰ মাৰিছো ।
দুৱাৰ খোল খালে
সোমাই গ'লো 
যমৰজাক সুধিলো-
ইয়াত পাপীবোৰক
কেনেকৈ শাস্তি দিয়ে ?
'বোপাই- আতংকিত নহ'বি !
একো শাস্তি নাই কাৰো বাবে
তোৰ জীৱনৰ ভুলবোৰহে 
ফ্লেছবেক দেখুৱাই দিম
চিনেমাৰ দৰে ।
তাকে চাই পৰজন্মৰ বাবে 
শুধৰাই লবি ।
মঙ্গলময়তাহে আমাৰ কাম
শাস্তি নহয়'- যমৰাজে উত্তৰ দিলে ।

সৌৰভ কুমাৰ বৰুৱা
   উঃ লখিমপুৰ
   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)