বাবা প্ৰসাদৰ মহিমা

Rinku Rajowar
0
 মাৰ কান্দোন চিঞৰ বাখৰ শুনি কথাটো আচৰিত ধৰনেই আমাৰ চুবুৰী প্ৰতিজন আত্মীয় চোতাললৈকে বিয়পি গল ৷নহবনো কিয় “ মা ” ধাৰণাত মই পাগল হলোঁ !
          সেইদিনা মা কান্দোনত মোৰ কোনো বেজাৰ লগা নাচিল হাঁহিছিলো খুউব হাঁহিছিলোঁ ৷অন্য দিনা হোৱা হ’লে মাৰ চকুলোৱে মোৰ অন্তৰ পৰশি গলহেঁতেন ৷
কি হল তুফান ঃ--- দদাইদেউৱে আহি সুধিলে ৷ দদাইদেউৱে মোক তুফান বুলি মাতিছিল তাৰো কাহিনী আছে ৷
ঃ--- হুম ! হাঁ হাঁ হি হি মোৰ হাঁহিৰ প্ৰতাপ দদাইদেউৰ দুচকুত আচৰিত দৃষ্টিভংগী তথাপিও দদাইদেউৱে  হাঁহিবলৈ ধৰা দৃশ্য এতিয়াও মোৰ মানস পটত জিলিকি আছে কি অভাৱনীয় ঘটনা আছিল সেইদিনা মনত পৰিলে মই এতিয়াও পুলকিত অনুভৱ কৰোঁ মনৰ মাজত ৷দেউতা থকাহ’লে কথাটো বেলেগলৈ গতি কৰিলেহেঁতেন মোৰ ভাগ্য ভাল দেউতা ঘৰত নাছিল ৷
ঃ--- সি ভাং খালে, আজি শিৱৰাত্ৰি নহয় জানো ৷ কোনে জানো কলে আমাৰ চোতালত উপস্থিত থকা ৰাইজৰ মাজৰ পৰা মই গমেই নাপালোঁ কাৰণ সেইদিনা আছিলোঁ মই হাঁহিৰ সাম্ৰাজ্যত একছত্ৰী সম্ৰাট হৈ ৷
       ভাঙৰ নিচা জুতি লবলৈ গৈ মোৰযে এনেকুৱা এটা পৰিস্থিতিৰ সম্মুখীন হব লাগিব ভবা নাছিলো তেতিয়াৰ চেঙেলীয়া মনে সোঁতৰ বিপৰীতে সাঁতুৰা স্বভাৱে সেইসময়ত বাধা কি পায় নাপায় তেনে চিন্তা তেনে ধাৰণাৰ পৰা বহু দুৰ নিলগাই ৰাখিছিল ৷যৌৱনাৱস্থাত ৰঙ উপচাৰ লৈ জীৱনটোক কৃপনালি নকৰাকৈ তুলি ধৰিছিলোঁ তেতিয়া ভাবিছিলো পৃথিৱীৰ উপভোগ্য যিবিলাক সামগ্ৰী আছে সকলো যেন আমাৰ সেৱনত গৌণ হৈ পৰিব ৷
সোনটোঃ--- মাৰ আবেগ বিহ্বল কণ্ঠৰে এইবাৰ মোৰ কৰ্ণকুহৰত আঘাত কৰাত মই অলপ দুৰ্বল অনুভৱ কৰি চিঞৰি কলোঁ 
“মা” মোক ৰক্ষা কৰা মা ----
বল সোন তই অলপ শুই দে ভাল পাবি ৷
উপস্থিত সকলোৱে হাতে হাতে মোক ধৰি বিচনাত শুৱাবলৈ চেষ্টা কৰিলে যদিও কি হব কেঁচা ভাং কণীৰ লগত ভাজি খোৱাৰ সুখকণ মোৰ মগজুৰে সহিব নোৱাৰাত চিঞৰ মাৰি দিওঁ ঃ--- “মা”-- মই পৰিলোঁ পৰিলোঁ মা মোক ধৰা---৷
যৌৱনত ভৰি দিয়াৰ পৰা মা বুকুৰ উম পোৱা নাছিলো তথা বিচৰা নাছিলো নিজকে অনামি সংকোচত দুৰত্ব ৰাখি চলিছিলোঁ ভাবিছিলো মই ডাঙৰ হ’লোঁ  যিখন বুকুত লুকাই থাকে আত্মিক প্ৰেমৰ প্ৰগলভতা ভালপোৱা মৰম সস্নেহ সেই ভালপোৱা সেই মৰম দিয়েই কিন্তু সেইদিনা গোটেই ৰাতিটো “মা”ই বুকুৰ উমেৰে ঢাকি ৰাখিছিল নিচাসক্ত মোৰ চেতনা ৷
-----------------------------------------------------------
                 ⬛ জিতেন চেতিয়া 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)