মোৰ স্বৰচিত গীতৰ সঁফুৰা

Rinku Rajowar
0
আজি মই আপোনাকলোকক মোৰ স্বৰচিত গীতকেইটিমান সঁফুৰাত অগবঢ়াইছো ৷গীতসমূহ ভাল পাই যদি কোনো শিল্পীপ্ৰেমী সদাশয় ব্যক্তিয়ে বাণীবদ্ধ কৰিব বিচাৰে তেনেহ’লে মোক যোগাযোগ কৰিবপাৰে এই নম্বৰত 6002305269 ৷
আশা কৰোঁ গীতকেইটিক আদৰি লব ৷
     

১/ প্ৰভাতী গীত

অ ৰঙা সুৰুজৰ দৰশন। 
আলোকিত হ’ল জগতখন
ৰঙা বেলিৰে পোহৰতে
জিলিকি উঠে সেউজীয়া বন …৷২
নিয়ৰ টোপালে পৰি গছে বনে
মণিমুকুটা নিগৰে
ক  খ  গ  ঘ  অ আ শিকিলোঁ 
এ বি চি ডি ও লিখিলোঁ ...৷২
প্ৰভাতে সোংকালে উঠিবা তুমি
মেলিবা কিতাপ ফলি
তেহে হবা ডাঙৰ মানুহ
ৰচিবা ইতিহাস নতুন ….৷২
অ ৰঙা বেলি তোমাক প্ৰণাম বুলি
মেলিবা নিতৌ কিতাপ ফলি …..৷২
               -------

   ২/  ল’ৰালিৰ প্ৰেমপ্ৰীতি


ডেকা যে হ’লো মই 
তুমি হ’লা গাভৰু
মনতে আছেনে বাৰু
আছিলো যে আমি সৰু  ….৷২
স্কুলৰ দুপৰীয়া আইচক্ৰীম 
চুপি চুপি খোৱা 
লগৰ সমনীয়াই জোকোৱা 
আছিল জানো মিছা  …..৷২
তোমাৰ পদূলি উদুলিমুদুলি
বিহুৰে সেই গধূলি
মই আছিলো ধুলীয়া
তুমি হৈছিলা নাচনী….৷২
তুমি চাগে পাহৰিলা
মনতে যে নাৰাখিলা
নাই নাই নাই পাহৰা
মনত মোৰো সকলো ঘটনা …..৷২
               -----------

    ৩ / আজি চিত পখিলা


আজি চিত চিত পখিলা এই মন…..৷২
নয়ন দুটিত সুখৰ চানেকি
উল্লাস অ উল্লাস আনন্দৰ
ৰঙেৰে ভৰা এই জীৱন….৷২
কিনো হাঁহি কিনো কান্দোন
সুখ দুখ জীৱনত
 অহাযোৱা কৰে দেখোন
কিনো পালো অ কিনো হেৰুৱালোঁ
ভাৱি চিন্তি লাভ নাই
শুদ্ধ চিন্তা কৰা সদায়
সফলতা পাবাই নিশ্চয়…..৷২

৪ / কিনো মৰম চেনেহ 


কিনো মৰম চেনেহ 
কাষলৈ আনে
বেদনাই আৱৰে…..৷২
মৰম চেনেহৰ এনাজৰী
ছিঙিবকে নোৱাৰি
দুয়ো হিয়াক থৈ বান্ধি এক কৰি….৷২
মায়ে দিয়া মৰদ
দেউতাই কৰা চেনেহ
আইতাই দিয়া চেনেহৰ চুম্বন
ভাই বন্ধুৰে মৰম
প্ৰীতমাৰ প্ৰেমৰ বন্ধন
মনত পৰিলে 
কান্দি উঠে হিয়াখন,….৷২
               
৫/ তই ছোৱালী আনৰে বোৱাৰী 

তই ছোৱালী
আনৰে বোৱাৰী
নিজ দেশ এৰি এদিন
পৰদেশলৈ যাবি…..৷২
অচিনাকি দেশতে
অচিনাকি লোকৰ মাজত
গৈ জীৱন কটাবি…..৷২
তই ছোৱালী…..৷২
উদূলি মুদূলি আইৰে পদূলি
এদিন হবগৈ শোকৰে গধূলি
তই ছোৱালী…..৷২
লগৰ সমনীয়াৰ সৈতে
দৰা কইনা খেলা 
নিতৌ পতা সেই 
ধেমালিৰ মেলা
সকলো এৰি থৈ যাবি….৷২
তই ছোৱালী….৷২
আইৰে চকুমণি
পিতাইৰ কলিজাখনি
জেঙ কোমোৰাৰ তলৰ
আজলী ছোৱালী ….৷২
তই ………..যাবি ৷
             
                    -------

৬ / বন্ধুৰ গাওঁখন


ইমান ধুনীয়া এই গাওঁখনি
সেউজী চাহনি
কাষতে ধান সোণোৱালী
অতি মন মোহন
লাগে মন চিৰদিন 
ইয়াতে থাকি যাওঁ বুলি
বন্ধু তোমাৰ গাওঁখনি……৷২
বসন্ত আহিলে কুলিয়ে মাতিলে
সেউজী ধৰণীয়ে নসাজ পিন্ধিলে 
মাঘৰে বিহুতে  গাঁৱৰ ঘৰে ঘৰে
ঢেকীৰে ছেওতে  উৰুকা ৰাতিতে
সান্দহ পিঠা পনা ভাজে
মৰমৰ জলপান খাই এমুঠি
মন নভৰে চাই গাওঁখনি
প্ৰেমৰে উপচা এই গাওঁখনি…..৷২
                  -------------
এইকেইটা হ’ল মোৰ স্ৰৰচিত গীত আৰু বহুত আছে বাকীখিনি আগলৈ পঢ়িবলৈ পাব আজিলৈ ৷ 
জয় আই অসম
লিখক – দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)