অনুশোচনা

©Admin
0

আনাক  লগ পাইছিলাে বাংগালােৰৰ ট্ৰেইনিং এটাত । ছােৱালী হােষ্টেলত তাই মােৰ ৰূমমেত আছিল । তাই  টকা পইচাত বেছ হিচাবি আছিল । পঢ়াত মধ্যম আছিল ।
মই  দুমাহমান তাইৰ লগতে থাকিলাে, ছােৱালী জনী বেয়া নহয় ।  দুয়ােজনীয়ে মিলা-প্ৰীতিৰেই চলিছিলাে । আমি কেতিয়াবা গধূলি এনেয়ে এবাগৰ বিচনাত দিও । তাই এদিন কৈছিল, " মই কি (?) কৰিলাে" বুলি দুখ কৰি থাকে ।  ঘৰৰ ওচৰৰে জগদীশে তাৰে বেংকত চাকৰি কৰে । জগদীশে তাইক ভাল পায় । সি মাজে মাজে তাইক লগ কৰিবলৈ আহে বন্ধৰ দিনত দুয়াে আউতিঙতাে যায়।
      মই ভাবিছিলো ," আনাই তাক  ভালাে পায় আৰু ফুৰি আহি অনুশােচনা  কৰে  আৰু হুমুনিয়াহাে কাঢ়ি থাকে । বহুদিন কথাতো মন কৰিছিলাে যদিও একাে শুধা নাছিলাে - কাৰণ সকলােৰে নিজৰ নিজৰ জীৱন - শৈলী আছে । সকলােৱে নিজৰ নিজৰ মতে চলি আছে । দুয়ােজনীয়ে সমনীয়াৰ দৰে কথা পাতো ।
     দুয়াে  ট্ৰেইনিঙৰ ক্লাচত যাও । আবেলি অলপ ওচৰৰে ৰেষ্টুৰাত কেতিয়াবা কেতিয়াবা চাহ খাও । আৰু চেন্টাৰৰ কেম্পাচতে অলপ ফুৰাে । নিজৰ নিজৰ ঘৰৰ কথা পাতো ।
      ট্ৰেইনিঙ চেন্টাৰৰ পৰা অলপ দূৰত আনাৰ পেহীয়েকৰ ছােৱালী  "অলকা" কেতিয়াবা তাইৰ ওচৰলৈ আহিছিল । বৰ খােলা মনৰ ছােৱালী আছিল । মাজে মাজে আমাৰ ৰূমত আহিলেও মােৰ লগতো নিজৰ মানুহক ব্যৱহাৰ কৰাদি কৰিছিল । আমাৰাে ভাল লাগিছিল । আমাৰ নিষ্টব্ধতাফালি  অলপ সংগ দিয়াৰ বাবে । এটা এটা দেওবাৰে আমাক ফুৰাবলৈ লৈ গৈছিল -আমি বৃন্দাবন গাৰ্ডেন  আৰু মন্দিৰ কিছুমান দৰ্শন কৰিছিলো ।
    আনা  আৰু মই দুয়ােজনীয়ে প্ৰায় বন্ধুৰ দৰেই হৈ পৰিলাে - মাত্ৰ বন্ধু পাতি লোৱা নাছিলাে । তথাপিও একেলগে দুমাহ থকাৰ পিছত -আত্মীয়তা এটা গঢ়ি উঠে । দুয়াে বাংগালােৰ  এৰা-এৰি হবৰ দিনা বেয়া লাগিছিল । তাই ঘৰ   আছিল মধ্যপ্ৰদেশত  , তাই মােতকৈ এদিন আগতে গ'লগৈ ।
     আনা যোৱাৰ দিনা অলকা ও আহিছিল , তাই হােষ্টেলৰ মুখতে আনা গাড়ীত উঠাৰ পাছত  আমাৰ ৰূমলৈকে আহি বহিলে ।
     আলকাই আনা যোৱাৰ পিছত ক'লে ," তাই সদায় বায়েকৰ কাৰণে চিন্তা কৰি থাকে "।
মই ক'লাে কিয় ?
     অলকাই ক'লে কিয় তুমি নাজানা বায়েক মিনাক্ষীৰ কথা ?
:কি কথা ?
:জগদীশে  আগতে  বায়েক মীনাক্ষীকহে ভাল পাইছিল । জগদীশে মীনাক্ষীলৈ লিখা চিঠিখন দিবলৈ যাবও নােৱাৰে,ঘৰত ককায়েকহঁত থাকে কেনেকৈ যাব । মীনাক্ষীয়েও ঘৰৰ গেটলৈ গৈ চিঠি আনিব নােৱাৰি - ভনীয়েক আনাক পথিয়াইছিল আৰু যি ক'ব লগীয়া থাকে, ভনীয়েকক কৈ পথিয়াইছিল।
আনা আছিল সৰু । তায়াে লাজ নকৰি দিবলগীয়া আৰু কবলগীয়া বা কৈ পথিওৱা কথাবােৰ জগদীশক আৰু জগদীশে কৈ পথিওৱাবােৰ কৈ দিছিল ।  এনেদৰে মীনাক্ষী আৰু জগদীশৰ প্ৰেম চলি আছিল ।
       লাহে লাহে আনা ডাঙৰ হ'ল । তাই মেট্ৰিক পাচ কৰি  বাংগালােৰত পঢ়িবলৈ গ'ল । তাতে এদিন জগদীশক লগ পালে আৰু জগদীশে মাজে মাজে আনালৈ ফােন কৰি থাকে । তাৰ কিছুদিনৰ পিছৰ পৰা জগদীশে আনাৰ কলেজলৈ আহি তাইক লগ ধৰা হল আৰু অলপ অলপকৈ দুয়ােৰে মাজত প্ৰেম আৰম্ভ হল । বায়েকে এই কথা বহুদিন জনা নাছিল ।
শেষত দুয়ােৰে মাজত দুৰ্ঘােৰ প্ৰেম চলিল ।
আনাৰো কেনেকৈ জগদীশৰ লগত প্ৰেম আৰম্ভ হল -তাই নিজেই নিজকে বুজি নাপালে ।
   ## ইফালে আনাই জগদীশক এৰিব নােৱাৰা হল আৰু জগদীশেও লাহে লাহে মীনাক্ষীৰ লগত কােনাে আদান-প্ৰদান নােহোৱা হল ।মীনাক্ষীয়ে বহুত দিন এই কথা স্পষ্টভাৱে জনা নাছিল ।
   ## ময়াে কথাবােৰ সেইদিনা শুনি আচৰিত হৈছিলাে । আনা আৰু জগদীশ আচল প্ৰেমিক-প্ৰেমিকা বুলি ভাবিছিলাে, এনেদৰে বায়েকৰ প্ৰেমিকৰ লগত প্ৰেম কৰিছে বুলি জনা নাছিলাে ।
     ##সেইদিনা মই অলকাক কৈছিলাে,"অলকা মই এতিয়াহে বুজিছাে - আনাই কিয় বুকুত চপৰিয়াই দুখ কৰিছিল" । তাই সেইবাবে তাৰ লগত কৰবাৰপৰা ফুৰি অহাৰ পিছতো কৈছিল ," মই কি কৰিছাে",  বুলি দুখ কৰি থাকে । কিন্তু কি কৰিছে সেইতাে কোৱা নাছিল । অৱশ্যে , সেইষাৰ কথা কবও নােৱাৰে ।
   ##বহুত ৰহস্যৰ ভেদ সেইদিনা পাই বায়েক মীনাক্ষীলৈ বৰ বেয়া লাগিল । বেছেৰি জীৱনভৰ দুখ  লৈ আছে । বায়েকে পাছত কথাখিনি জনাৰ পাছত মৌন হৈ ৰল বুলি গম পালাে ।
   ##অলকাক চাহ  আদি খুৱাই পথালো আৰু অলকাই কৈছিল ," মই তুমি সকলােবােৰ জানা বুলি ভাবিছিলাে, কাৰণ দুয়াে একেলগে ইমান দিন থাকিলা " ।
: নাই অলকা মােক কোৱা নাছিল - এইবােৰ ।
: মই যাও এতিয়া ।
অঁ বুলি বিদায় দিয়াৰ পাছত কথাবােৰ কিছুসময় পাগুলিয়ায় থাকিলাে । ইপিনে
ৰাতিৰ খানাৰ বেল মাৰিলেই ।
: ৰুটি খাই আহি ৰূমত সোমাওতে আনাৰ ফােন আহিল আৰু জনালে তাই ভালে ভালে ৰেলত গৈ আছে । কাইলৈহে ঘৰ পাবগৈ ।
ময়াে পিছদিনা ঘৰলৈ বুলি উৰা মাৰিছিলাে ।
       ##বহুবছৰ বিৰতিৰ পিছত  কাৰোবাৰ মুখেৰে শুনিলাে আনা আৰু জগদীশৰ বিয়া হল  আৰু তায়াে বেংকতে কাম কৰে । দুয়াে সুখী ।
     এদিন  আনাই অচানক মােলৈ ফােন কৰিলে বহু বছৰৰ পিছত - মই আনা" মিতালী" (মােক)
তুমি কেনে আছা ।
: মই কলাে ভালেই ।
আনা: নাই মােৰ জীৱনত দুখ আৰু সুখৰ কােনাে পাৰ্থক্যই বিছাৰিয়েই নােপোৱা হৈছাে । সেই কথাই মােক খুলি খুলি জীৱনতাে খাইছে । তুমি সকলাে জানিছাই নিশ্চয় । মােৰ বা মীনাক্ষী এতিয়াও  অবিবাহিত হৈ আছে ।
মাৰ ঘৰলৈ গ'লে এটা কথাই দুখ লাগে । মই জীৱনত কি কৰিলাে । মই কেনেকৈ ফচি গলাে নিজেই কব নােৱাৰিলাে । সংসাৰ কৰিছাে যদিও সেই অনুশােচনাই মোক খুলি খুলি খাইছে ।কি(!) পাপ কাম কৰিলাে ।
     আনাই নিজৰ জীৱনৰ ওপৰত নিজে ধিক্কাৰ  দিছে ।মই সকলােবােৰ এফালৰ পৰা শুনি থাকিলাে -
কাৰণ উত্তৰ দিবলৈ মােৰ একােৱেই নাই ।
জীৱনতো অনুশােচনাত দগ্ধ হৈ আছো বুলি কৈছিল । মােৰ কবলৈ ভাষা নাছিল ।
আনাই  শেষত -আজিলৈ ফােনতো থলাে বুলি কলে আৰু মই অঁ বুলি কৈ থৰ লাগি বহি থাকিলাে ।
                          -----সমাপ্ত-----
                    
                    📝 মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)