ঈশ্বৰ

Rinku Rajowar
0
নিৰাকাৰ,অনাদি, বিৰাজমান সদা সৰ্বত্ৰ 
তুমি ঈশ্বৰ- কৰুণাময় আৰু পৰম সত্য, 
তুমি দিয়া দানেৰে পূর্ণ 
মোৰ ধূলিকণা হেন এই জীৱন পাত্ৰ ।
হে অমোঘ শক্তি---
তোমাৰ ছত্ৰছাঁয়া আছে বাবেই
মই নিতে লৈছোঁ শ্বাস- প্ৰশ্বাস,
তুমি আছা বাবেই 
ৰুদ্ধ হ'বলৈ লোৱা
প্ৰতিখন দ্বাৰ খুলিবলৈ
কৰিছোঁ বাৰম্বাৰ প্ৰয়াস ।
জীৱনক স্তব্ধ কৰিব খোজা
প্ৰতিটো ঋণাত্মক শক্তিৰ
গতি ৰুদ্ধ কৰি
মই জীয়াই আছোঁ,
তুমি দিয়া পাৰ্থিৱ দৃষ্টিৰে
কৰিছোঁ পান --
প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য 
আৰু নয়নাভিৰাম দৃশ্য ।
তুমি অদৃশ্য ---
কিন্ত প্ৰতি পলে মই অনুভৱ কৰোঁ
মোৰ সত্বাৰ মাজত তোমাৰ অৱস্থিতি ।
অকলশৰীয়া যাত্ৰাপথত 
আগুৱাই যাওঁ অকলে--নিৰ্ভয়ে ।
যুঁজি যাওঁ অবিৰাম
তোমাক সাৰথি কৰি
কিয়নো তুমিয়েই সত্য
তুমি সুন্দৰ আৰু চিৰন্তন ।
তোমাতকৈ হ'ব পাৰে জানো উত্তম
আন কোনো জন আৰু পাৰ্থিৱ সম্পদ !!
প্ৰভু জানো মই---
তোমাৰ অনুমতি বিনে 
নলৰে গছৰো এটি ক্ষুদ্ৰ পাত,
সাধ্য কোন সাধাৰণ নৰ মনিচৰ 
কৰিব তোলপাৰ
ক্ষন্তেকীয়া বলবীৰ্যৰে,
কৰিব দম্ভালিৰে শাসন
শোষণ কৰিব নিৰ্দোষী আৰু দুৰ্বল লোকক ?
সকলো কৰিলেও
নিপাত যাব,
ধৰাশায়ী হৈ 
হাৰি যাব এদিন নিয়তিৰ হাতত ।
মই জানো----
হে ঈশ্বৰ,  তুমি সুন্দৰ ।
তুমি অবিনশ্বৰ
সকলো প্ৰাণৰে অধিশ্বৰ, 
ৰোৱা যেন সদায়ে তুমি 
মোৰ হৃদয়ৰ মাজত
হৈ এগছি আশাৰ বন্তি ।

📝ডঃ কুঞ্জলতা গগৈ, ডিব্ৰুগড় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)