মূৰ্ত্ত অমূৰ্ত্ত অকথ্য সত্য

Rinku Rajowar
0
১/চকু থাকিও নেদেখো কান থাকিও নুশুনো
      মুখ থাকিও ক'তো একোৱেই নেমাতো
             জ্ঞান বিৱেক থাকিও নুবুজো একো
নিজক নেজানো নিজক নুবুজো
       আনৰটোহে সহজে নেদখাকৈয়ে দেখো
              আনে কোৱাহে সত্য বুলি ভাবো

২/স্বাক্ষৰ হৈয়ো আমি নিৰক্ষৰ
       শিক্ষা লৈও নিৰ্লজহৈ হওঁ অশিক্ষিত
          সন্মিলিত হৈয়ো নেৰাখো ঐক্যতা
প্ৰকৃতি মানুহৰ বিৰুদ্ধ আমি
     নোৱাৰো থাকিব সত্য ধৰ্মত ধৰি
           অন্ধ পঙ্গু বিকল আমাৰ মানসিকতা

৩/সত্য ন্যায় আজি নিচিনো আমি
      কুজ্ঞান কুমন্ত্ৰনাৰহে কৰো আৰতি
            হৃদয়হীন আমি নাই প্ৰেম মানৱতা
চিনিপাও বলাৎকাৰ অত্যাচাৰ
      ফাঁকি ফুকা ফাকজাল অন্যয় অবিচাৰ
               ভাল লাগে বিয়পায় বিভীষিকা

৪/অধ্যয়ন অধ্যৱসায় শূণ্য আমি
       নিজকে ভাৱো বৰ জ্ঞানী বুলি
              আনন্দ পাও আনক ব্যতিব্যস্ত কৰি
আধুনিকতাৰ মুখা তৰপে তৰপে পিন্ধি
       অসভ্যৰো অশ্লীল অসভ্য আমি
             সমাজত সভ্য হও খাও আনক ঠগি

৫/অনুভূতি উত্তেজনা উপলব্ধিৰ
        অনন্ত ঐশ্বৰ্য্যৰ প্ৰাচুৰ্যময় অসীম উৎস
             আমাৰ হৃদয়ৰ অনুভৱে স্পৰ্শ নকৰে
দুৰ্বিচাৰ দুৰ্নীতি অন্যায় অনীতি
        আমাৰ হয় সহজে হৃদয় গ্ৰাহ্য
         ভৱিষ্যতৰ কথা  জ্ঞানে চুবই নোৱাৰে

৬/এনেকৈ মানুহ গ'লে আগবাঢ়ি
      ধ্বংস হ'বই মানুহৰ পৃথিৱী
          প্ৰকৃতিৰ বুকুলৈও বিনাশ আহিব নামি
প্ৰেম মানৱতা সত্য ধৰ্ম সততা
       থকা কনো আৰু নেথাকে সমুলি
             অজ্ঞান আসুৰীকতাত যাব জহি পমি

৭/মানুহ হ'ব এক আশ্চৰ্য্য জন্তু
        জঘন্য ভয়ংকৰ জয়াল সিন্ধু
                   সত্য ন্যায় ধৰ্ম নেথাকিব একো
সূৰ্য্য থাকিলেও সেউজ নেথাকিব
       চেচ্ছাই সৰ্বদিশে সৰ্ব বিলুপ্ত হৈ যাব
               বিলুপ্ত হ'ব উদ্ধাৰৰ অন্তিম সাঁকো
                      
📝প্ৰণৱৰঞ্জন শইকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)