শুকান চাহৰ সুকোমল গোন্ধ

Rinku Rajowar
0
আজি এক চিনাকি গোন্ধই 
মোক পুনৰ অতীতলৈ লৈ গৈছে,
বহু বছৰৰ আগৰ সেই দিনকেইটাৰ কথা
পুনৰ মনত পেলাই দিলে 
চাহৰ সেই সুকোমল গোন্ধই।

স্নিগ্ধ সুবাস স্বল্পবসনা 
এই চাহৰ মিঠা গোন্ধ ,
শুকান চাহগছৰ লেহুকা ঠানি
দপদপাই জ্বলি উঠা জুইত পুৰা 
সেই শুকান চাহৰ পাতবোৰ ,
জুইৰ তাপ পাই কৰকৰীয়া মৰা 
হাতেৰে কত মোহাৰি দিছিলো 
অনুভৱ কৰো এক স্নিগ্ধ সুবাসৰ। 

আজি পুনৰ ভেটা ভেটি হল সেই গোন্ধৰ
যি গোন্ধই মোক ঠেলি নিছে অতীতৰো অতীতলৈ
মই আগুৱাই যাওঁ ,
সেই গোন্ধৰ সুবাস বিচাৰি
কিজানি পুনৰ বিচাৰি পাওঁ সেই গোন্ধ?


📝  শ্ৰী বিশ্বজিৎ দাস 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)