নাৰী

©Admin
0
নাৰী মই 
এক প্ৰবাহিনী নৈ
বৈ যাওঁ জীৱনৰ ভিন ভিন স্তৰেৰে, 
ঈশ্বৰ প্ৰদত্ত কোমলাংগী মই 
অথচ ব্ৰজৰ দৰে দৃঢ়মনা মানৱী  ।

পিতৃ-মাতৃৰ মৰমৰ
আলসুৱা পুত্ৰী মই,
ভগ্নী মই মৰম আকলুৱা ।
প্ৰেয়সী মই, পত্নী মই
কাৰোবাৰ আজীৱন  ভালপোৱা 
বিশ্বাস আৰু প্ৰত্যয়ৰ প্ৰতীক মই ।

কাম্য মোৰ স্নেহভৰা নিৰাপত্তা আৰু
নিৰ্ভীক স্বাচ্ছন্দ্যময় এক জীৱন 
সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক
সমূহ দিশেৰে
আগুৱাই যোৱাৰ শকতি আছে মোৰ !!

কিয় ভাবা হে কঠোৰ, নিৰ্দয় সমাজ
সদায়েই  অবলা নাৰী বুলি মোক ?
চোৱাচোন বুৰঞ্জীৰ লুটিয়াই
বীৰত্ব আৰু ত্যাগৰ
বহুবাৰ প্ৰমাণ দিছোঁ মই
মহাকাশত উৰিছোঁ, ৰণভূমিত 
বীৰত্বৰে  যুঁজিছো
দেশ ও  শাসন কৰিছোঁ জ্ঞান,
 বুদ্ধি আৰু দক্ষতাৰে ।

প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলেই
এচিডেৰে আক্ৰমণ নকৰিবা তুমি
হে ভণ্ড প্ৰেমিক
বিয়াৰ পণ্য বজাৰত কিছু সম্পদ
কমকৈ নিয়াৰ বাবেই
অপদস্ত নকৰিবা মোক 
হে লোভী স্বামী, আৰু নতুন পৰিয়াল !

বিশ্বাস আৰু নিৰাপত্তাৰে
প্ৰতিজ্ঞাবদ্ধ হে মোৰ আজীৱন সংগী
নকৰিবা মোক বিধ্বস্ত
কৰি বাৰম্বাৰ
মানসিক আৰু শাৰীৰিক অত্যাচাৰ ।

জ্বলাই নিদিবা মোৰ 
জীৱন্ত, কোমল,সুন্দৰ শৰীৰ
কেৰাচিন বা পেট্ৰলেৰে ধুৱাই ।
জীয়াই থাকিব খোজোঁ মই
এই সুন্দৰ, শ্যামলা পৃথিৱীত
স্বাভিমান আৰু নিৰাপত্তাৰ অনুভৱেৰে ।

মোৰ অপৰিসীম ভালপোৱা 
আৰু বিশ্বাসৰ আঁৰ লৈ
নকৰিবা মোক প্ৰতাৰণা বাৰে বাৰে
হে বিশ্বাসঘাটক স্বামী !
তোমাৰ আৰু সন্তানৰ বাবেইতো 
জীয়াই আছোঁ,
সময়ৰ অভাৱৰ বাবেই
নিজৰ ৰূপ আৰু স্বাস্থ্যৰ যতন  নেওচিছোঁ
কেৱল তোমালোকৰ দীৰ্ঘায়ুৰ বাবেই যে মই 
প্ৰতি ক্ষণে ঈশ্বৰক পূজিছোঁ ।

অকলশৰীয়া পালেই
নকৰিবি মোক ধৰ্ষণ আৰু শাৰীৰিক আক্ৰমণ
হে নৰাধম, নৰ পিশাচৰ দল 
মাতৃ বুলি দেৱীক পূজন কৰা
এই পূণ্য ভাৰত ভূমিত
নাৰীক কিয় অপবিত্র কৰ বাৰে বাৰে 
মৰি মৰি জীয়াই থকাৰ যাতনা দি
ঘূৰি ফুৰ নিৰ্ভীকতাৰে 
আইনৰ চকুত ধূলি দি ।

মাতৃস্নেহেৰে লালন পালন কৰি
ডাঙৰ দীঘল কৰা হে স্বাৰ্থলোভী সন্তানহঁত
কিয় কৰা মোক অৱহেলা বৃদ্ধা কালত,
নিক্ষেপ কৰা বৃদ্ধাশ্ৰমত ??
তোমালোকৰ লগতে থাকিব খুজোঁ মই
জীৱনৰ অন্তিম মুহূৰ্তলৈকে
নাতি নাতিনীৰ মৰমৰ আবেশ ল'ব খুজোঁ মই
মৰিব খোজোঁ মই শান্তিৰ নিশ্বাসেৰে
তোমালোকৰ আশ্ৰয় কোলাত ।

নুবুজিবা কোনোদিনে
কি বিচাৰিছিলোঁ, সমাজখনে কি দিলে
মই কি পালোঁ এই জীৱনত !
কাৰণ--- নহয় যে কেৱল পুত্ৰী , ভগ্নী , মাতৃ,
পত্নী অথবা প্ৰেমিকা মই 
জীৱন সৃষ্টি কাৰিণী মই
জীৱনী চালিকা শক্তি মই
মমতাৰ প্ৰতীক মই,
ধৈৰ্য্য আৰু সাহসৰ প্ৰতীক, 
নাৰী মই
যুগ যুগান্তৰৰ ।


 📝 ডঃ কুঞ্জলতা গগৈ, ডিব্ৰুগড় 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)