কিন্তু আজি অশান্ত মনোবৃত্তিৰ কিছুমান মানুহৰ বাবেই এইখন ধৰিত্ৰী জীৱন দেহৰ তেজেৰেও ৰাঙলি l সংকতাৱস্থাত থকা নিঃসহায় মানুহৰ বাবে আৰু সকলো জীৱকূলৰ জীৱন প্ৰান সুৰক্ষাৰ্থে ভবা সৌ দিনবোৰ আজি কতনো সেৰাল ?
সেই মানুহ বোৰৰ মানসীকতাত যেন এক অচিন ভয়াবহ ব্যাধিৰ ভাইৰাচ শিপাইছে আৰু তেঁওলোক আজি হৈ পৰিছে একো একোজন হৃদয় বিহীন মানৱ ৰূপি ৰক্ত শোষক দানৱ,
সেৰুৱাই পেলাইছে কিঞ্চিতমানৰো সেই মানৱীয়তা মূল্যবোধ l
জন-সমাজৰ সবল-দূৰ্বল শ্ৰেনীৰ পূৰুষ মহিলাকেই ধৰি নিষ্পাপ শিশু আৰু অৱলা জীৱ-দেহৰ ওপৰতো সঘনাই প্ৰভাৱ পৰিছে উক্ত মানসীক ব্যাধিত অক্ৰান্ত একাংশ সৰু বৰ স্বাৰ্থপৰায়ন শাসক তথা উচ্ছ ক্ষমতাসম্পন্ন প্ৰভাৱশালী, আত্ম স্বাৰ্থৰে লালসীত আন একাংশ ব্যক্তিৰ কূ-অভিসন্ধিৰ l
প্ৰজন্ম ক্ৰমানু ক্ৰমে উক্ত ভাইৰাছে স্পৰ্শ কৰি যোৱাৰ পৰিপেক্ষিতত একাংশ উচ্ছ শিক্ষিত নৱ প্ৰজন্ম লগতে আন একাংশ সভ্য ব্যক্তি সকলেও আজি আঁওবাতেহে খোজ দিবলৈ বাধ্য হৈছে l
আৱেগ বিহীন, সভ্যতাৰ মুখা পিন্ধা আধুনীক পৃথিৱীৰ সেই মানৱ সাম্প্ৰতিক কোন দিশে ??
নিষ্পেষিত অতি সাধাৰন মানুহ খিনি যেন আজি উক্ত বিশেষ বিশেষ কূ-শক্তি সমূহৰ নিয়ন্ত্ৰনত উঠক বৈঠক কৰা একো একোটা দ্ৰব্যহে মাথো l
উক্ত সংক্ৰমনিত ভাইৰাচ তথা ব্যাধিৰ কবলৰ পৰা পৰিত্ৰাণ পোৱাৰ কিবা চেষ্টা কৰিছে নে ?
সংক্ৰমন হলেও নিৰাময়ৰ কিবা উপাই ভবা নাই নে ?
তেওঁলোকক ৰুধিব কোনে ?
আৰু প্ৰশ্ন হয় যে, আমি সবে অনাগত সমাজৰ ৰক্ষক বুলি ভবা সাম্প্ৰতিক আজিৰ প্ৰজন্মৰ উচ্ছ শিক্ষাৰ অনুপাতে সেই উচ্চ জ্ঞানেো বিকশিত হৈছে নে? যি জ্ঞান মানৱীয় মূল্যবোধেৰে জাতীয় চেতনাৰে
জন-সমাজৰ হিতাৰ্থে নিত্যান্তই প্ৰয়োজন l
সাম্প্ৰতিক জন-সমাজৰ সকলো বিধি ব্যৱস্থা, সকলো পৰিস্থিতি ও, সামাজীক কাৰ্য্যক্ৰমণিকা সমূহ পোনচাতেই প্ৰত্যক্ষ কৰি অনুমান কৰিব পৰা যায় যে আধুনীক প্ৰজন্মৰেই মাজৰ আন একাংশৰ উদ্দেশ্য বোৰ যেন কেৱল আত্মকেন্দ্ৰীক l
একালৰ জীৱনৰ মূল্যবান সময় ব্যয় কৰি অক্লান্ত সাধনাৰ বলত অৰ্জন কৰা সেই শিক্ষাবোৰ যেন আজি কিতাপৰ পাততেই আবদ্ধ হৈ থাকিল l
আৰু একাংশৰ উক্ত শিক্ষাৰ ওপৰিও ব্যতিক্ৰমি প্ৰচেষ্ঠাৰ বলত অন্যান্য মহুৰ্তবোৰত সমাজৰ পৰা অৰ্জন কৰা জ্ঞান ও, অভিজ্ঞতাৰ পৰম শিক্ষাবোৰ সমাজৰ হিতাৰ্থেই সু-প্ৰয়োগ কৰাৰ ক্ষেত্ৰত অহৰহ সংগ্ৰাম অব্যাহত l
আকৌ আন একাংশই উক্ত শিক্ষাবোৰ অপব্যৱহাৰ কৰি সমাজখনকেই আন্ধাৰ খাৱৈত গটিয়াই দিয়াটোহে স্পষ্ট আকাৰত প্ৰতীয়মান হৈছে l উদাহৰন- এইখনেই সমাজয একাংশ যুৱকে মনত অলিক জল্পনা-কল্পনাৰে দিৰ্ঘদিন অধ্যয়নৰ বলত উচ্ছ শিক্ষাৰ ডিগ্ৰী অৰ্জন কৰি এদিন মেধাৰ ভিত্তিত বা আন এচামে উৎকোচ দি হলেও চৰকাৰী বিভিন্ন বিভাগ সমূহৰ বিশেষ বিশেষ শাখা সমূহৰ উচ্ছ পদস্থ বিষয়াৰ পদবিত সংস্থাপন হৈ যায় যদিও জনসেৱাৰ নামত মুটা অংশৰ মজূৰীৰে কেইটামান বছৰ ভালদৰেই অতিক্ৰম কৰে যদিও এটা সময়ত লাগে অথন্তৰ l হয়, লালস মনোভাৱে তেঁওসকলকো এদিন উৎকোচ লোৱাততথা অন্যান্য ভ্ৰষ্টাচাৰী কাৰ্যত লিপ্ত হ'বলৈ বাধ্য কৰাই l সুযোগ সুবিধা চাই লোভনীয় হাৰত উৎকোচ দিবলৈ সক্ষম আৰু কোন্ঠাবোধ নকৰা ধনীক সবল শ্ৰেনীৰ ব্যক্তিকহে তেওঁলোকে বেছিকৈ প্ৰাধান্য দিয়াত উক্ত ধনীক তথা সবল শ্ৰেনীৰ ব্যক্তিৰ অনুপাতে দুখীয়া নিম্ন মধ্যবিত্ত শ্ৰেনীৰ ব্যক্তি সকল ক্ৰমান্ধয়ে দূৰ্বল পৰ্যায়ত আৰু তেওঁলোকৰ দৰে একাংশ বিষয়াৰ সহায়েৰেই টকাৰ বলেৰে অসম্ভৱ খিনিও সম্ভৱ কৰি তুলিব পৰা একাংশ আঢ্যৱন্ত ব্যক্তি তথা সভ্ৰান্ত পৰিয়ালৰ যুৱক প্ৰায় দিশতেই সংস্থাপনৰ জখলা বগাই সফলতা পাইও পূণৰ আন এটি সফলতাৰ পিছত দৌৰি পৰ্যায়ক্ৰমে আকাশ স্পৰ্শ কৰি আহিছে l আৰু সু-শিক্ষা থাকিও বহুতো মেধা সম্পন্ন ব্যক্তি তথা যুৱ সমাজ অন্যান্য বিশেষ বিশেষ শ্ৰেনীৰ দালালৰ দমনিত
কাৰ্য্যৰ দ্বাৰা কেতিয়াবা প্ৰতক্ষ ভাৱে আন কেতিয়াবা পৰোক্ষ ভাৱে হলেও নিষ্পেষিত,
যাৰ ফলশ্ৰুতিত বিখণ্ডতাৰ পথত আজিৰ আমাৰ সমাজ খন l
আৰ্থিক দিশত অভাৱী পৰিয়ালৰ শিক্ষিত নিৱনুৱা প্ৰায় মেধাবী যুৱক তথা অৱহেলিত জনসাধাৰনৰ আত্ম সংস্থাপন তথা জিৱীকাৰ সম্বল বোৰ ভ্ৰষ্টাচাৰৰ কূ-প্ৰভাৱত ম্লান পৰিছে বাবেই পশ্চিমিয়া আধুনীক উন্নত সমাজৰ তুলনাত আমাৰ সমাজ বহু বছৰ পিছ পৰা l আৰ্থ-সমাজৰ সু বিধি ব্যৱস্থা খিনিও স্বত স্ফূৰ্ত ভাৱে ভাঙনমুখিৰ দিশত আৰু সমাজখনৰ চৌদিশে যেন উচ্ছৃংখলতাই বিৰাছ কৰিছে l
সচাই, সাম্প্ৰতিক পৰিস্থিতিয়ে তথা যত লগা সমাজৰ কিছুমান বিধিয়ে পৰোক্ষ ভাৱে আৰু কেতিয়াবা প্ৰত্যক্ষ ভাৱে অতি সাধাৰন মানুহ খিনিৰ যেন মুক্ত আকাশৰ তলত জীয়াই থকাৰ সেই শ্বাধীনতা খিনিও কাঢ়ি নি আছে l স্পৰ্শকাতৰ বিষয় যে, সহজ সৰল মানুহ বোৰৰ মানসীকতাত আঘাত হানি সমাজত যেন ঠগ প্ৰবঞ্চনাৰ চোৰাং বেহা চলি আছে l
সহজলভ্য ধনৰ প্ৰতিহে আকৃষ্ট আধুনীক প্ৰজন্মৰ আন একাংশই আ'ক বৃথা পূৰনৰ
বাবে উঠি পৰি ৰাজনৈতিক, অৰাজনৈতিক তথা অন্যান্য সংগঠন সমূহকেই জীৱন গঢ়াৰ সম্বল ভাবি লৈ আশা আৰু ভাবুকিৰে এজনে আনজনক গছকি প্ৰাপ্তিৰ প্ৰতিযোগিতাৰেই সমাজত চিণ্ডিকেট ৰাজ চলাই আছে,
কিন্তু দুষ্ট চক্ৰ তথা স্বাৰ্থ লোভিৰ কবলৰ পৰা সমাজ খন উদ্ধাৰ কৰি হাতত হাথ থৈ আগুৱাই যোৱাৰ সেই
প্ৰৱনতাৰ অভাৱ আজিৰ যুৱক প্ৰজন্মৰ l
সমাজৰ সেই সবল শক্তিৰ দ্বাৰাই বিশেষ অৱহেলিত সাধাৰন যুৱচামে এইখনেই সমাজত সামান্য এটি প্ৰাপ্তিৰ বাবে আজি প্ৰয়োজনতকৈও অত্যাধিক সংগ্ৰাম কৰিব লগা হৈ আছে l
সাম্প্ৰতিক সমাজৰ এক বাস্তৱ ছবি..
ক্ষমতা, বল আৰু ধনেৰে পৰিপুষ্ট সবল শ্ৰনীৰ ব্যক্তি আৰু অধিক সবল আৰু অধিকাংশ দূৰ্ব্বল শ্ৰেনীৰ ব্যক্তি আৰু অধিক দূৰ্ব্বলৰ দিশত গতি কৰিয়েই আছে এইখন সমাজত I
কেতিয়াবা প্ৰশ্ন হয়, মাত্ৰ এটি ফন কল ৰ জৰিয়তেই বৃহৎ পূঁজিৰ কাম সৰকাব পৰা ক্ষমতাশালি, পূঁজিপতি উক্ত একাংশ সবল শ্ৰেনীৰ ব্যক্তিৰেই নেকি আজিৰ এই সমাজখন ?
চৰকাৰী চাকৰি কৰা মোটা অংশৰ মাহিলি বেতন ভূগি কিছুমান বৰ বৰ বিষয়া কৰ্মচাৰী সকলেও আকৌ আশা পালি থাকে একাংশ মধ্যবিত্ত শ্ৰেনী যুৱকৰ হাড়ক মাটি কৰি তেঁজক পানী কৰি
মূৰৰ ঘাম মাটিত পেলাই উপাৰ্জন কৰা পূঁজিৰ এটি অংশৰ উপৰত I ভদ্ৰতাৰ মুখা পিন্ধি সমাজখনত সমাজ বিৰুধী বীজ সিচি সন্ত্ৰাহ বিয়পাই মুক্ত ভাৱে ঘূৰি ফুৰা আৰু সমাজৰ সন্মানিয় আসনত বহি
পৰোক্ষ ভাৱে হলেও উৎকোচ লোৱা আৰু দিবলৈ বাধ্য কৰি শান্তিৰ সম্প্ৰিতীৰ সমাজত ভ্ৰষ্টাচাৰেৰে এশ এবুৰি সমস্যাৰ উৎপত্তি কাৰক সেই ব্যক্তি সকলৰ মানসীকতাৰ আৱৰ্জনা সমূহ নিষ্কাশন কৰাৰ ব্যৱস্থাপনাৰ বাবেও বহুতো বিকল্প উপাই আছেই, মাথো ঐক্যতা আৰু সৎ সাহসীকতাৰ
অভাৱ আজিৰ প্ৰজন্মৰ l কিন্তু আজি সেই ঐক্যতা, সততা আৰু সৎ সাহসীকতাৰ অভাৱৰ বাবেই বাহিৰাগত শক্তিবোৰেও আমাৰ সমাজত বিভিন্ন ধৰনে প্ৰভাৱ বিস্তাৰ কৰিবলৈও সুযোগ পাইছে l ফলত জাতীয় অৰ্থনিতীৰ ওপৰিও জাতীয়
সমাজৰ থলুৱা ভাষা-সাহিত্য আৰু অন্যান্য আপুৰুগীয়া কৃষ্টি-সংস্কৃতীৰ ওপৰতো কূ-প্ৰভাৱৰ হেচা পৰিচে l একাংশই আ'ক সমাজ সিতৈষীৰ পৰিচয়েৰে সমাজ ৰক্ষকৰ গৈইনা লৈ সামাজিক বিভিন্ন কাৰ্য্যসূচীত জপিয়াই পৰে যদিও পৰৱৰ্তী
পৰ্যায়ত এদিন সেয়াও আত্ম স্বাৰ্থলৈ পৰিণত হৈ তেঁওসকলৰ যেন নৈতিকতাৰো স্খলন ঘটে l চাৰিও দিশে যেন মৰুভূমীৰ মৰিচীকা সদৃস্য দৃষ্টিভ্ৰমিত মায়াজাল l ভাৰত মাতৃৰ সূৰক্ষাৰ স্বাৰ্থত একালৰ অশেষ বলিদানৰ মাজেদি ভাৰতীয় জনগণৰ স্বাভিমান ৰক্ষা কৰি স্বাধীন নৱ ভাৰত গঢ়াৰ সৈতে
জড়িত থকা একাংশ জনহিতৈষী ব্যক্তিসকলৰ মাজৰ পৰাই গঠিত সেই সমাজকন্দ্ৰীক ৰাজনৈতিক দল সমূহ, পৰৱৰ্তী পৰ্যায়ত নিজ নিজ ৰাজ্যৰ সূৰক্ষা ও, জনহিতাৰ্থে বৃহৎ সামাজিক স্বাৰ্থত ৰাজ্য সমূহত থিয় দিয়া আঞ্চলিকতাবাদি ৰাজনৈতিক দলসমূহ
আৰু ত্যাগৰ মাজেৰে, জাতীয় চেতনাৰে সংগ্ৰামৰ জখলা বগাই উঠি অহা শ শ অৰাজনৈতিক জাতীয়তাবাদি সমাজকেন্দ্ৰীক সংগঠন সমূহ সমাজৰ প্ৰসংসনীয় স্থানত যিদিও আজি ক্ষমতাৰ লালসাত ভাৰত মাতৃৰ সুৰক্ষাৰ প্ৰধান দায়িত্ব, উদ্দশ্য আৰু কৰ্তব্যক পাহৰি সামান্য এটি আত্ম স্বাৰ্থ সিদ্ধিকৰনৰ বাবেই সহজ সৰল মানুহৰ মনত ভয়ানক বিষভাৱ
বিয়পাই সমাজখন খণ্ড বিখণ্ড কৰিবলৈও কোণ্ঠাবোধ নকৰা সেই নেতাসকলৰ বাবেই ৰাজনৈতিক দলৰ প্ৰতি আজি অধিকাংশ জনতাই আস্থা হেৰুৱাইছে l সৰ্ব প্ৰথমে ব্যতিক্ৰমি ভাষন তথা বক্তব্যৰে সহজ সৰল ৰাইজৰ মনবোৰ জয় কৰি ক্ষমতাৰ গাদীখন হাচিল কৰি লোৱাৰ পৰৱৰ্তী পৰ্যায়ত উক্ত ৰাইজকেই ব্যৱহাৰৰ সামগ্ৰী হিচাপে গণ্য কৰা আৰু
স্বাধীন দেশত গণতান্ত্ৰীক প্ৰক্ৰীয়াৰে সন্মানীয়
চকিখন গ্ৰহন কৰি লোৱাৰ পৰৱৰ্তী পৰ্যায়ত এদিন কিছুমান নেতাই নিজকেই ৰজা ভাবি আওঁবাতে সমাজখন পৰিচালনা কৰিব খোজা সেই নেতাসকলেই ইয়াৰ মূল কাৰণ l আৰু সমাজ বিৰুধি জাতী বিৰুধি কাৰ্যকলাপৰ তীব্ৰ বিৰুধিতা
কৰাটো সকলো জাতীয়তাবাদি সংগঠনৰেই মূল লক্ষ্য-উদ্দেশ্য I 'জাতি-মাতি-ভেটী' ৰক্ষাৰ স্বাৰ্থত তথা সমাজ আৰু জাতী বিৰুধি কাৰ্যকলাপৰ তীব্ৰ বিৰুধিতাৰে সংগ্ৰাম কৰি কৰি সকলো শ্ৰেনীৰ জনসাধাৰন ও,ৰাজনৈতিক নেতাসকলৰ
দৃষ্টি আকৰ্ষন কৰি লৈ পৰৱৰ্তী পৰ্যায়ত এদিন সেই
স্বাৰ্থলোভী কিছুমান বিষয়া আৰু উপৰূক্ত ৰাজনৈতিক বৰ বৰ নেতাসকলৰ সৈতে গোপনে মনেজ হৈ সমাজ খনক আন্ধাৰ খাৱৈত গটিয়াই দিয়া ৰাজ্যৰ লাইখুটা স্বৰূপ জাতীয় সংগঠনৰ
কিছুমান অবিশ্বস্ত নেতাসকলৰ প্ৰতিও আজি হাজাৰ জনতাৰ ধিক l আৰু সাম্প্ৰতিক
সময়ত আমাৰ সমাজত বিদগ্ধ পণ্ডিতৰ অভৱ নাই, অভাৱ মাথো সেই মহান পাণ্ডিত্যক সমাজৰ হিতাৰ্থে সু- প্ৰয়োগ কৰাটোহে, প্ৰকৃতপক্ষত গুণি জ্ঞবিদ্ধগ্ধ পণ্ডিত সেইজনহে যাৰ মহান পাণ্ডিত্যক সমাজে এৰাই চলিব নোৱাৰে l কোনোবা মহান ব্যক্তিয়ে কৈছিল, অধমে কেৱল আনৰ ভূল বিছাৰে, উত্তমে আনৰ ভূল শুদ্ধ দুয়োটাই বিছাৰে আৰু উত্তমে কেৱল আনৰ শুদ্ধ বিছাৰে ।
📝ৰুবুল আহমেদ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ