ফাগুন

©Admin
0


ফাগুন তইয়েই নহয় জানো
লঠঙা শিমলুৰ ডালত ফুলাৱ ফুল।

মডাৰ ফুলৰ সুগন্ধই কৰ তই আমোল-মূল।
তইয়েই নহয় জানো ফাগুন।

ফাগুন তই বৰ অভিমানী, ৰক্ত তোৰ হৃদয়।
লঠঙা গছৰ সৰা পাতটো থাকে তোৰ অনন্ত বিনয়।

নদীত লুকাই থকা আশা বোৰো বুটলি আন তই।

তোৰ ৰঙীণ যাদু লাগি কুঁহিপাতে সাৰ পাই।

মোহময়ী ফাগুন তোৰ জীৱন্ত ৰূপ আছে  সচাই।

যি ধূলি বালিৰে সকলোকে কৰ মষীমূৰ,
এইয়াই ফাগুন তোৰ জীৱন্ত বিভূৰ।

বাঃ ফাগুন তোৰ কিন্তু আদিশক্তি আছে,
তোৰ মহিমা কোনেও বুজিব নোৱাৰে।

এই বতাহ,এই বৰষুণ কেতিয়া কি আন কোনেও গমকে নাপায়।

ফাগুনৰ বলিয়া বতাহে সকলো শেষ কৰি যায়।

কাৰোবাৰ সপোন,কাৰোবাৰ দাপোন কাৰোবাৰ ঘৰ বাৰী  নিয়ে উৰুৱাই।

নাই তোৰ ঠিকনা,নাই তোৰ শিমনা।
মাথো দি যাব পাৰ তই দুখ যাতনা।

তোৰ কোলাতেই কৰা হয় মহাদেৱৰ আৰাধনা
তোৰ বুকুতেই আৰম্ভ হয় ৰঙৰ মেলা ফাকুৱা।

নাহিবি ফাগুন তই নানিবি পছোৱা।
তোৰ উসাহত জীৱন মোৰ হয় উতনুৱা।

ফাগুন তই এক ধূসৰ ধূলিকণা
দি যাৱ তই তোৰ বলিয়া বতৰা।

এইয়াই ছাগে তোৰ ফাগুন নামৰ মহিমা।

✍️দ্বীপ দীপাঙ্কৰ লাহন।
    বিশ্বনাথ,গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)