দুখ

©Admin
0
দুখ মােৰ আত্মাৰ।
দুখ মোৰ  ফটা কামিজৰ সিয়নীত,
দুখ মোৰ উৱলি যোৱা খেৰৰ ছালত,
দুখ মােৰ মামৰে ধৰা কোৰখনত,
দুখ মোৰ উৱলি যোৱা নগা-মােনাটােত ।
দুখ মােৰ, মই ফেচবুকৰ কবি- মই যেন সামান্য ।
দুখ নাই মােত-কাৰণ,মোৰ তেজ তোমাৰ দৰেই,
দুখ নাই মােত - শুদ্ধ হৃদয়ৰ অধিকাৰী মই
হে ইশ্বৰ, মোক লিখিবলৈ শক্তি দিয়া,
অযুত দুখতো লিখি যাব পৰাকৈ -
সেই হৃদয় কপোৱা - বেথা ভৰা কবিতাবােৰ ।
যেতিয়ালৈকে, ধমনীৰ স্পন্দন বন্ধ নহয় ॥

📝মীনা পামে গাম 
     চিপাঝাৰ, দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)