তলসৰা মদাৰৰ দুখ

©Admin
0
দেখিছনে …………
আকাশ শুৱাই কেনেকৈ ফুলিছে
ৰাঙলী মদাৰবোৰ……
কেনেকৈ ফুলিছে শিমলু পলাশবোৰ
ঠিক একেদৰেই এতিয়াও
ফুলি আছ তই বুকু জুৰাই
অৰ্হনিশে অজানিতে গোপনে গোপনে।

তোৰ প্ৰিয় মদাৰবোৰ
আজিও ফুলিছে একেদৰেই
ৰাঙলী কৰি অহা-যোৱা কৰা
সেই ধুলিয়ৰী পথটো।

এতিয়ানো কেনেকৈ বুটলো 
অকলে অকলে তলসৰা পাহিবোৰ!

নেভাবো বুলিও ভাৱো তোৰেই কথা
নেচাওঁ বুলিও ওভটি চাওঁ বাৰে বাৰে
তোৰ শিৰৰ পলাশৰঙী সেন্দুৰ
আৱগৰ পচোৱাত  মন মোৰ
ঢ়াপলি মলে  তোৰ কাষলে।

সময়বোৰ বৰ নিষ্ঠুৰ অ'…
কিয় জানো……
আৱেগবোৰ বোবা হৈ গ'ল
বুকুবোৰ শিল হ'ল
সপোনবোৰ সপোন হৈ ৰ'ল
কথাবোৰ জনশ্ৰুতি হ'ল
আশাবোৰ তলসৰা মদাৰৰ পাহি হৈয়ে পৰি ৰ'ল।

দেখিছনে………
আকাশ শুৱাই এতিয়াও 
কেনেকৈ ফুলিছে ৰাঙলী শিমলু 
মদাৰবোৰ……
অনুমান কৰিছনে……
বুকুত মোৰ কোনে কিয়
জ্বলাইছে কিহৰ জুই…!

এতিয়ানো কেনেকৈ বুজাও তোক
তলসৰা মদাৰৰ দুখ।


📝প্ৰবিন দত্ত (শিৱসাগৰ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)