মুগা যাৰ সপোন~ মুগাৰেই তেওঁৰ জীৱন

©Admin
0
মুগাক লৈ সপোন দেখা মানুহজন আৰু মুগাক লৈয়ে জীৱনৰ ৰোজগাৰ কৰি উপাৰ্জ্জনৰ আহিলা হিচাৱে লোৱা শ্ৰীহলিৰাম ৰাভা , বকো,কামৰূপ, অসমৰ আজিৰ যুৱ - সমাজৰ বাবে  আদৰ্শৰ পাত্ৰ । আহক আমি তেওঁৰ বিষয়ে জানো আৰু কেনেকৈ এই কুটীৰ শিল্পৰ যোগেদি পৰিয়ালটি পোহপাল দিয়াৰ উপৰিও 
সোতৰ গৰাকী শিপিনীক তেখেতৰ গ্ৰাম্য- উদ্যোগত নিয়ােগ কৰিছে, তেওঁ প্ৰশংসাৰ আৰু নিৱনুৱা সকলৰ বাবে প্ৰেৰণাৰ যোগ্য ব্যক্তি ।
প্ৰৱন্ধ যদিওঁ তেখেতৰ কৰ্মাৰাম্ভৰ কাহিনী নক'লে -সম্পূৰ্ণ নহ'ব । দেউতাক এজন সাধাৰণ খেতিয়ক আছিল । মাটি-বাৰী কিছু আছিল কিন্তু উপাৰ্জ্জন বুলিবলৈ আন একোৱেই নাছিল । হলিৰামৰ 'ইচ্ছাই' একমাত্ৰ চাবিকাঠি আছিল  "উন্নতিৰ কাৰণ" ।
⬛ব্যৱসায় আৰম্ভ প্ৰথমে মুগা পালকঃ
 যেতিয়া প্ৰথমে মাত্ৰ ৫০ গ্ৰাম কণী লৈ পলু পুহিবলৈ আৰম্ভ কৰিছিল - তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৬ বছৰ । একান্ত ইচ্ছাৰ বাবেই মুগা পলু পোহাকে জীৱনৰ উপাৰ্জ্জনৰ পথ হিচাবে বাছি ল'লে । তেখেতে অলপ অলপকৈ প্ৰতি বছৰে ৫০ গ্ৰামৰ পৰা এশ, আৰু এশৰ পৰা এহেজাৰ গ্ৰাম কণী লৈ পলু পুহি -তাৰ পৰা পোৱা খোলাৰে সূতা কাটি বিক্ৰী কৰি অৰ্থ সংগ্ৰহ কৰিবলৈ শিকিছিল ।
স্কুলীয়া শিক্ষাৰে তেওঁ শিক্ষা গ্ৰহণ কৰা নাছিল । স্কুলত নোযোৱাকৈয়ে অলপ - অচৰপ হিচাব পত্ৰ লিখিবলৈ শিকিলে ।  সেই অনুষ্ঠানিক শিক্ষাৰে শিক্ষিত নহলেওঁ এখন ক্ষুদ্ৰ ৰেচম শিল্প এখনৰ তেখেত গৰাকী আৰু  অসমৰ মুগা ৰেচম শিল্পৰ  এজন নাম থকা ৰেচম উদ্যোগপতি । তেখেতৰ পৰা জানিব পাৰিছিলো  যে, এই  ৰেচম উদ্যোগ আৰম্ভ কৰোতে তেখেতৰ হাতত ফুটা কড়ি এটাও নাছিল আৰু তেনেকৈয়ে উদ্যোগৰ কাম কৰিবলৈ উদ্যমী মনটোৱে আৰম্ভ কৰিছিল ।
তেখেত প্ৰথমে মুগা পালক আছিল, তাৰ পিছত ক্ৰমে ক্ৰমে সূতা কটা কামোহাতত লৈছিল । 
⬛কাপোৰ বোৱা উদ্যোগঃ পিছত তেখেতে মুগাৰ তাতশাল এখন এখনকৈ বঢ়াই-বঢ়াই দহখন কৰিলে । অকল সেয়েই নহয়  মুগাৰ উপৰিও তেওঁৰ তাঁত উদ্যোগত বৰ্ত্তমান আৰু সাত গৰাকী শিপিনীয়ে  কপাহী কাপোৰ  বৈ আছে । গোটেই বছৰ শিপিনী সকলে কাপোৰ বয় ।
সেই শিপিনী সকলক পৰিতােষিক দিয়ে -নিজৰ লগতে নিৱনুৱাকো তেখেতৰ শিল্পোদ্যোগত নিয়ােগ কৰিছে  ।
মুগাৰ কাপোৰ বোৱায় আৰু বেছেও ।
⬛তেখেতৰ তাঁত উদ্যোগত হোৱা কাপোৰবােৰ থুলমুলকৈঃ
১. মুগাৰ ফুলাম চাদৰ-মেখেলা, মুগা ঘিচাৰ থান কাপোৰ, উকা মুগাৰ মেখেলা আদি বয় ।
২. ঘিচাৰ কাপোৰ বয় - সেই ঘিচাৰ কাপোৰৰ পৰা জেকেট আদি প্ৰস্তুত কৰিব  পাৰি । ঘিচাৰ কাপোৰৰ চাহিদা যঠেষ্ট আছে -সেই অনুপাতে বছৰত ৬০-৭০ মিটাৰ কাপোৰ বৈ মিটাৰে প্ৰতি ১৭০০ -২০০০ টকা দৰত বেছি অৰ্থােপাৰ্জ্জন কৰিবলৈ সক্ষম হৈছে ।
◾আয় -৮২০০০ -১২০০০০ টকা
৩. আন কপাহী চাদৰ-মেখেলা, গামোছা আদিও তেওঁৰ বয়ন উদ্যোগত প্ৰস্তুত কৰে 
সেই উৎপাদিত কাপোৰ  বােৰ বিভিন্ন বস্ত্ৰ - মেলা আদিত  বিক্ৰী কৰি  ১-১.৫  লাখ টকা পৰ্য্যন্ত তেওঁ উপাৰ্জ্জন কৰিছে ।
◾আয় - ১.০ - ১.৫ লাখ ( মুগা আৰু অন্য বস্ত্ৰৰপৰা )।
৪. মুগা সূতা কাটি 
 তেখেতে স্থানীয় মুগা পালকৰ মুগাবােৰ কিনি  আনি  প্ৰতি বছৰে নিজৰ ঘৰতে সূতা কাটে -বছৰি ১০০ কেজিতকৈ  বেছি কাটে । সেইবােৰ নিজে কাপোৰ বোৱা কামত লগায় আৰু অলপ -অচৰপ সূতা প্ৰতি কেজিত  ২০০০০-২৫০০০ টকা দৰত বেছে ।
৫. সেইদৰে আৰু আন প্ৰকাৰে জীয়া খোলাবােৰ কিনি আনি পখিলা জগাই মুগা কনী উৎপাদন কৰা কামো তেওঁ কৰে ।
এই কাম আগৰ পৰাই কৰি আছিল । কিন্তু, ২০০৪ চনমানৰ পৰা চৰকাৰে তেখেতক কণী উৎপাদন কৰা গৃহ আৰু সা-সৰঞ্জাম আদিও যোগান ধৰিছে আৰু নিজৰ প্ৰচেষ্টাত কেতিয়াবা কণী বেচি (৮০ কেজিকণী বেচি) ৮০ হাজাৰ পৰ্য্যন্ত পাবলৈ সক্ষম হৈছে/ এবাৰত । প্ৰতি বছৰে সমানে উৎপাদন কৰা নাই । কেতিয়াবা কম হলেও ২০-২৫ হাজাৰমান পায়।
     এই সকলোবোৰ কাম মাত্ৰ এজন মানুহেই কৰে । তেখেতৰ ঘৰত কাপোৰ বোৱা গৃহ , মুগা কণী উৎপাদন কৰা গৃহ , সূতা কটা ঘৰে সৈতে মেচিন আদিও আছে । মেচিন আৰু ঘৰ সূতা কাটিবৰ বাবে চৰকাৰে সাহাৰ্য্য দিছে । অকল সেই কথাই নহয় - তেখেতে প্ৰতিটা বস্তুৰ সদ ব্যৱহাৰ কৰিছে আৰু সেইমতে উৎপাদন কৰি জীৱিকাৰ পথ বাছি লৈছে । মুগা শিল্পৰ প্ৰতি তেখেতৰ যি হাবিয়াস সেইটাে প্ৰশংসাৰ যোগ্য ।  তেওঁ মুগা শিল্পক অন্তকৰণেৰে বাচি লৈছে আৰু পলু পোহা ,কাপোৰ বোৱা ,সূতা কটা,
কণী উৎপাদন এই চাৰিওটা কামত সমানে আগবঢ়াই নিছে আৰু এই কাম আজিৰ যৱ প্ৰজন্মই নিষ্ঠা সহকাৰে কৰিবলৈ ল'লে নিশ্চয় 
নিবনুৱা হৈ থাকিব নালাগিব ।
তেখেতক অসম আৰু ভাৰত চৰকাৰৰ ফালৰ পৰা কেইবাবাৰো অগ্ৰণী কণী উৎপাদনকাৰী হিচাৱে পুৰস্কৃত কৰিছে । 
তেখেতৰ আগ্ৰহ দেখি বিভিন্ন চৰকাৰী অনুষ্ঠান -প্ৰতিষ্ঠানে বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ পাবলৈ সুবিধা পাইছে আৰু তেওঁ সেই জ্ঞানবােৰৰ সৎ ব্যৱহাৰ কৰিছে ।
নিজ গাৱতে থাকি ৰেচম শিল্প চলাই আছে ।
তেওঁ ভৱিষ্যত উজ্জ্বল  হোৱাৰ পথ সকলো চৰকাৰী বা বেচৰকাৰী লোকেও প্ৰত্যক্ষ কৰিছে ।  বিদ্যালয়ৰ শিক্ষাৰে শিক্ষিত নহলেওঁ - কামৰ স্পৃহাৰ বাবেই তেখেতে এখন একক ৰেচম শিল্পৰ উদ্যােগ চলাব পাৰিছে আৰু লগতে লাভৱান ও হৈছে । সৰুৰে পৰাই মুগাৰ সপোন দেখা মানুহজনে  আজি মুগাৰ কাম কৰি মুগাৰেই জীৱন -জীৱিকাৰে চলি আছে ।
অসম গৌৰৱ মুগাৰ লগতে - তেওঁ আমাৰ গৌৰৱৰ পাত্ৰ ॥


📝 মীনা পামে গাম


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)