(ভগ্নপ্ৰায় নামদাংৰ ঐতিহাসিক "শিলৰ সাঁকো"ৰ সংৰক্ষণৰ স্বাৰ্থত আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাক বিজ্ঞ জনে নিশ্চয় এবাৰ চকু ফুৰাব আশা কৰিলোঁ)
মই নামদাংৰ শিলৰ সাঁকোয়ে কৈছো……
শুনা মোৰ দেশৰ প্ৰিয় প্ৰজা।
কোন কাহানিতে স্বৰ্গদেউ চুখাংফাই
সাজিলে পাতিলে তুমিতো জানা।
কিমান কঢ়িয়াম আৰু বৰ বৰ বোজা
দুখৰ ভৰত কন্-কনাই উঠে মোৰ
সাতাম পুৰুষীয়া বুকুৰ কামি-হাড়।
ৰ'দে ,বৰষুণে শুকাইছো, তিঁতিছো
গোপনে ৰাখিছো বহুত সাধুকথা,
নজহা-নপমা মোৰ অতীতৰ সোণালী অধ্যায়।
ইতিহাস সাক্ষী কৰি মই
আজিও কঢ়িয়াইছো অলেখ হাড় ভঙা বোজা।
সুধা…… !এবাৰ নামদাংক সুধিচোৱা…
দিখৌৰ পলসত কিদৰে বন্ধ আজি
মোৰ বুকৰ উশাহ- নিশাহ।
তথাপি ,বহুত যুদ্ধৰ সাক্ষী হৈ
এতিয়াও আছো কাণে-কাণমাৰি
কোনোমতে উশাহ সলায়।
গৌৰৱেৰে বহন কৰিছো মই
স্বৰ্গদেউৰ ছশবছৰীয়া বংশৰ গৰিমা,
উৰুৱাই আছো জাতিৰ সোনালী ধ্বজা।
কাক ক'ম কোনে বুজিবা……
মোৰ গোপন বুৰঞ্জীৰ বেথা।
শিল হ'লেও মই ,
মোৰো আছে বয়সৰ জোখাৰে
ভাৰ বহন ক্ষমতা।
আজি যে মই অতিকে ভাগৰুৱা ,
অথিৰ-অবিৰ তেনেই,
ৰুগ্ন এতিয়া মোৰ
বয়সে পীড়িত বৃদ্ধ দেহা।
কন্-কনাই উঠিছে, জহিছে খহিছে,
আজি মোৰ কঠিন বুকু।
কেনেকৈ জীয়াই আছো মই
খৱৰ ল'বলৈ নাই মোৰ
আপোন কোনোবা বুকুৰ কুটুম।
স্বৰ্গদেউ…………!
কিয় দেখো আজি মই
বিভৎৰ্স সপোন,
বিলীন হ'ব যেন খ্যাতি মোৰ
এই মাটিৰ বুকুত।
হেৰাই যাম ছাগে এদিন মইয়ো
কালৰ কুটিল দুচকুত।
📝 প্ৰবিন দত্ত ,শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ