অপৰাজিতা তুমি বিহীন মোৰ শূন্য পৃথিৱী

©Admin
0
তোমাৰ অবিহনে মোৰ একক পৃথিৱীত  
কেতিয়াও সুখী হব নোৱাৰোঁ
যিদিনা তুমি আহি অধিগ্ৰহণ কৰিলা
বুকুৰ সেই খালি ঠাই ডোখৰ
য’ত লিখা হ’ল এটি মিঠা নাম অপৰাজিতা
অপৰাজিতা---
জানানে---
তোমাৰ নামতেই উচৰ্গা কৰা হ’ল
অভিনৱ পৃথিৱীৰ বিনন্দীয়া সুখবোৰ
আৰণ্যক পৃথিৱীৰ সেউজ সমলয়
শূন্য আকাশত বিস্তাৰিত নীলিমা
ক্ৰমশঃ এদিন এই সকলোবোৰ তোমাৰ নামতেই চুমি 
লিখি পেলাইছিলোঁ প্ৰগলভতা মনেৰে
অলেখ কবিতা
য’ত আলেখ্যভাবে বিচৰণ কৰিছিলা মাথোঁঁ তুমি 
যাৰ বাবেই শূন্য ভূমিত থিয় হৈ 
সময়ৰ কিছু নিদাৰুণ যাতনা সাৱটি 
খামুচি ধৰোঁ বাকদত্তা হৃদয়খন 
বৰ জটিল আৱেশে কপোঁৱা 
মধুমিতা ক্ষণবোৰ মোহাৰিবলৈ
পাৰিমনে 
তোমাৰ অবিহনে এখন নতুন পৃথিৱীৰ কল্পনা কৰিবলৈ
য’ত তুমি নাই


    📝 জিতেন চেতিয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)