জনসংখ্যা বৃদ্ধি , দৰিদ্ৰতা ষ্টেণ্ডাৰ্ড অৱ লিভিং

©Admin
0
আমাৰ দেশত জনসংখ্যা বৃদ্ধি,  দৰিদ্ৰতা আৰু নিবনুৱা সমস্যাৰ এটা গুৰুত্বপূৰ্ণ কাৰণ'- এইয়া আমি সকলোৱে জনা কথা ৷ আমি সাধাৰণভাৱে ভাবি চালেই দেখিম আমাৰ নিজৰ নিজৰ অঞ্চলটোত জনসংখ্যা বৃদ্ধি হোৱাৰ পৰিমাণ আৰু জনসংখ্যা বৃদ্ধিৰ ফলত সৃষ্টি হোৱা বিভিন্ন সমম্যাবোৰ ৷ সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশ এখনত জনসংখ্যা বৃদ্ধিয়ে অৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত হেঙাৰ হিচাপে দেখা দিছে | দেশ এখনৰ অৰ্থ-সামাজিক বিকাশৰ বাবে দেশখনৰ জনসাধাৰণৰ ষ্টেণ্ডাৰ্ড অৱ লিভিং অৰ্থাত জীৱন ধাৰণৰ মানদণ্ড উন্নত হবই লাগিব | সাধাৰণ অৰ্থত জীৱন ধাৰণৰ মানদণ্ড বুলি কলে ব্যক্তিসমূহৰ ভোগৰ সংখ্যাগত আৰু গুণগত পৰিপূৰ্ণতাক সামৰি লয়, সামৰি লয় প্ৰতিজন ব্যক্তিৰ কল্যাণৰ ধাৰণা অৰ্থাত দেশখনৰ জণসাধাৰণে কেনেদৰে জীৱন নিৰ্বাহ কৰি আছে |  ব্যক্তি এজনৰ জীৱন ধাৰণৰ মানদণ্ড কেৱল সেই ব্যক্তিজনৰ প্ৰয়োজনীয়তা আৰু ইচ্ছাশক্তিৰ দ্বাৰাই নিৰূপিত নহয় ; সমাজখনৰ প্ৰয়োজনীয়তাও বিচাৰ্য্য বিষয় | ভাৰতৰ দৰে উন্নয়ণশীল দেশ এখনত জনসংখ্যা বৃদ্ধি ,দৰিদ্ৰতা আৰু জীৱন ধাৰণৰ মানদণ্ড আভ্যন্তৰিণভাৱে সম্পৰ্কিত | ভাৰতত দৰিদ্ৰতাৰ ক্ষেত্ৰত জনসংখ্যাৰ দ্ৰুত বিকাশে যথেষ্ঠ ঋনাত্মক প্ৰভাৱ পেলাইছে আৰু জীৱন ধাৰণৰ মানদণ্ড নিম্নগামী কৰিছে |

The United Nations International Labour
Organisation এ ২০১৭ চনৰ World Employment and Social Outlook report ত ভাৰতত নিবনুৱাৰ সংখ্যা ২০১৬ চনৰ ১৭.৭ মিলিয়নৰ পৰা ২০১৭ চনত ১৭.৮ মিলিয়ন আৰু ২০১৮ চনত ১৮ মিলিয়ন হোৱাৰ কথা উল্লেখ কৰিছে |Worldometers এ প্ৰকাশ কৰা United Nations ৰ তথ্য মতে ভাৰতত জনসংখ্যা ২০১৬ চনৰ পৰা ২০১৭ চনলৈ ১.১৩ শতাংশ আৰু ২০১৭ৰ পৰা ২০১৮ চনলৈ ১.১১ শতাংশ বৃদ্ধি হৈছে | জনসংখ্যাৰ ক্ৰমাগত বৃদ্ধি আৰু নিৱনুৱাৰ পৰিমাণ বাঢ়ি অহাত দৰিদ্ৰতাই ভয়ানক ৰূপ লৈছে আৰু GDP per capita নিম্নগামী হৈছে | যিহেতু GDP per capita দেশখনৰ মানুহৰ জীৱন ধাৰণৰ মানদণ্ড নিৰূপনৰ এটি প্ৰক্ৰিয়া সেয়ে ইয়াৰ নিম্নগামী দিশটোৱে জীৱন ধাৰণৰ মান ই হ্ৰাস হোৱাত  ই প্ৰভাৱ পেলাইছে | 
এইখিনিতে আমি বেলেগ এটি বিষয় আলোচনা কৰিব বিচাৰিছোঁ | বিশিষ্ট অৰ্থনীতিবিদ মালথাছ(Malthus) এ তেওঁৰ থিয়ৰি অৱ পপুলেচনত জনসংখ্যা বৃদ্ধিৰ সম্পৰ্কত এটি বিশদ বাখ্যা আগবঢ়াই থৈ গৈছে | তেওঁৰ 'এচে অন পপুলেচন'ত লিখি গৈছে যে জনসংখ্যা বৃদ্ধি খাদ্য সামগ্ৰীৰ যোগানতকৈ দ্ৰুত হাৰত হয় ৷ সেয়েহে জনসংখ্যা বৃদ্ধিৰ হাৰ কমাব লাগে ৷ এয়া 'থিয়ৰি অৱ পপুলেচন'ৰ কথা ৷ অৱশ্যে আমি এই কথা স্বীকাৰ কৰিব লাগিব যে কৃষিত বৈজ্ঞানিক পদ্ধতিৰ প্ৰয়োগৰ ফলতেই হওঁক, উদ্যোগীকৰণৰ দ্বাৰাই হওঁক বা আন্তৰাষ্ট্ৰীয় বাণিজ্যৰ জৰিয়তে আমদানীকৰণ কৰিয়েই হওঁক প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ যোগান ধৰিব পৰা নোযোৱা নহয় ৷ মানুহে যিকোনো উপায়েৰে ধন উপাৰ্জন কৰিলেই খাদ্য সামগ্ৰীৰ যোগাৰ কৰি ল'ব পাৰিবেই ৷ কিন্তু জনসংখ্যা বৃদ্ধিৰ ফলত দ্ৰুতহাৰত বৃদ্ধি পোৱা দৰিদ্ৰতা, নিবনুৱা সমস্যাৰ কি হ'ব ? দৰিদ্ৰতা আৰু নিবনুৱা সমস্যা বৃদ্ধিৰ ফলত জীৱনধাৰণৰ মানদণ্ড উন্নত নহয় ৷ দেশ এখনৰ অৰ্থনৈতিক বিকাশ বুলি ক'লে যিহেতু আমি ষ্টেণ্ডাৰ্ড অব লিভিং অৰ্থাত জীৱন ধাৰণৰ মানদণ্ডক পৰ্যবেক্ষণ কৰিবই লাগিব  সেয়েহে জনসংখ্যাৰ দ্ৰুত বৃদ্ধিয়ে নীম্নগামী কৰা জীৱন ধাৰণৰ মানদণ্ড এটি আলোচ্য বিষয় ৷ সম্প্ৰতি আমাৰ চহৰ অঞ্চলবোৰত জীৱন ধাৰণৰ মানদণ্ড কিছু উন্নত হলেও গাওঁ অঞ্চলত জীৱন ধাৰণৰ নিম্ন মানদণ্ড পৰিলক্ষিত হয় ৷ গাঁও অঞ্চলৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰিব পাৰিলেহে জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'ব | আনহাতে দৰিদ্ৰতা নিৰ্মূল কৰিবলৈ জনসংখ্যা বৃদ্ধিৰ হাৰ কমাব লাগিব ৷ জনসংখ্যাৰ দ্ৰুত বৃদ্ধিয়ে দৰিদ্ৰতা নিৰ্মূল কৰাৰ ক্ষেত্ৰত ভিন্ন বাধাৰ সৃষ্টি কৰে | মূলতে জনসংখ্যাৰ বৃদ্ধিয়ে নাৰী সৱলীকৰণৰ ক্ষেত্ৰত, ঘৰুৱা বা চৰকাৰী সম্পদৰ পূৰ্ণ বা উপযুক্ত প্ৰয়োগৰ ক্ষেত্ৰত , নিয়োগ  সৃষ্টিৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে | জনসংখ্যাৰ বৃদ্ধিয়ে পৰিয়ালত সন্তানৰ চাপ বা হেঁচাৰ বৃদ্ধিৰ কথা বুজায় |
সন্তানৰ হেঁচা বাঢ়ি অহাৰ ফলত পৰিয়ালটোৱে প্ৰতিজন সন্তানৰ বিকাশৰ ক্ষেত্ৰত সমভাৱে চকু দিব নোৱাৰে | দৰিদ্ৰ পৰিয়ালৰ লোকে নিজৰ সন্তানৰ বিকাশৰ প্ৰয়োজনবোৰ মোকাবিলা কৰিব নোৱাৰা বৈ পৰে | আহাৰৰ পৰা আৰম্ভ কৰি শিক্ষা গ্ৰহণলৈকে ভিন্ন ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয় | আমি দেখিছোঁ , বিভিন্ন দৰিদ্ৰ পৰিয়ালে নিজৰ ল'ৰা সন্তানৰ প্ৰয়োজন পূৰণত অগ্ৰাধিকাৰ দি ছোৱালী সন্তানক আওকাণ কৰে | পিছপৰা অঞ্চল সমূহত এতিয়াও ছোৱালী শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহৰ অভাৱ পৰিলক্ষিত হয় ফলস্বৰূপে নাৰীৰ পূৰ্ণ বিকাশ পিছপৰি ৰৈছে আৰু পৰবৰ্তী প্ৰজন্মৰ বিকাশ বা মানদণ্ড উন্নত হোৱীৰ ক্ষেত্ৰত ই বাধা দিছে | শিক্ষিত মাতৃ এগৰাকীয়ে নিজৰ সন্তানক যি দৰে পালন কৰিব পাৰে অ-শিক্ষিত মাতৃৰ ক্ষেত্ৰত ই সম্ভৱ নহয়, ইয়াত কেৱল আনুস্থানিক শিক্ষাৰ কথা কোৱা হোৱা নাই |  সন্তানৰ সুস্থ বিকাশ হ'বলৈ হলে মাতৃগৰাকী সামগ্ৰীকভাৱে সবলীকৃত হব লাগিব | অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে পৰিয়ালত সন্তানৰ পৰিমাণ বৃদ্ধি পোৱাতোৱে নাৰীক অৰ্থনৈতিক উদপাদনমুখী কৰ্মত নিয়োজিত হোৱাৰ পৰিমান হ্ৰাস হোৱাতোকে নিৰ্দেশ কৰে | যাৰফলত পৰিয়োলটোত অৰ্থনৈতিক বিকাশ বা উপাৰ্জন কম হয় আৰু ই সামগ্ৰিক অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত প্ৰভাৱ পেলায় আৰু তেনে ক্ষেত্ৰত দৰিদ্ৰতা বৃদ্ধি হয় | অৰ্থনীতিবিদ মালথাছে কৈছে দৰিদ্ৰ লোক সকল তেওঁলোকৰ দাৰিদ্ৰতাৰ বাবে নিজেই দায়ী | তেওঁ আমি পূৰ্বতে উল্লেখ কৰি অহা তত্বটোত পুনৰ কৈছে যে যি লোকে নিজৰ সন্তানক সুন্দৰ ভাৱে লালনপালন কৰিবলৈ সক্ষম নহয় তেওঁলোকে বিবাহ বাতিল বা বিবাহ পলম কৰিব লাগে | কাৰণ নিজৰ সন্তানক সামগ্ৰীক ভাৱে বিকশিত কৰি তুলিব নোৱাৰিলে দেশখনৰ বিকাশত বাধা আহে | এইক্ষেত্ৰত আমি জীৱন ধাৰণৰ মানদণ্ডৰ কথা আমি উল্লেখ কৰিব পাৰোঁ | আমি দেখিছোঁ অৰ্থনৈতিকভাৱে সবলীকৃত নহলে জীৱন ধাৰণৰ মানদণ্ড নিম্ন হোৱাতো স্বাভাৱিক |
জনসংখ্যাৰ বৃদ্ধিয়ে দৰিদ্ৰতা নিৰ্মূল কৰাৰ ক্ষেত্ৰত প্ৰদান কৰা অন্য এটা বাধা হিচাপে ঘৰুৱা বা চৰকাৰী সম্পদৰ পূৰ্ণ বা উপযুক্ত ব্যৱহাৰত পেলোৱা বাধাৰ কথা উল্লেখ কৰিব লগীয়া | উচ্চ জন্ম হাৰ বা দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে পৰিয়ালকেন্দ্ৰিক সম্পদৰ পৰিমান হ্ৰাস কৰে বা হ্ৰাসময় সম্পদৰ ওপৰত নিৰ্ভৰশীলতা বঢ়াই তুলে | ফলত একেখিনি সম্পদৰ ওপৰত নিৰ্ভৰকাৰীৰ সংখ্যা বৃদ্ধি হোৱাত উদপাদনৰ পৰিমাণ একে থাকে বা হ্ৰাস হয় | ফলত দৰিদ্ৰতা বৃদ্ধিহে হয় | আমি গ্ৰাম্য অঞ্চলত দেখিছোঁ সন্তানৰ সংখ্যা বাঢ়ি যোৱাৰ ফলত পৰিয়ালৰ সম্পদসমূহ বিতৰন হৈ ব্যক্তিগত সম্পদ কিদৰে হ্ৰাস হৈছে আৰু উতপাদন হ্যাস হৈছে |
জনসংখ্যাৰ অ-সম বৃদ্ধিয়ে সম্পদৰ উতপাদনক্ষম ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰৰ দক্ষতা সীমিত কৰি তুলে | দ্ৰুত জনসংখ্যা বৃদ্ধিৰ ফলত চৰকাৰী সম্পদৰ উপযুক্ত উতপাদনক্ষম ব্যৱহাৰ নোহোৱাৰ ফলত দৰিদ্ৰতা নিৰ্মূল কৰাত সমস্যাৰ সৃষ্টি কৰে | জনসংখ্যা বৃদ্ধিৰ হাৰ দ্ৰুত হোৱাৰ ফলত নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত সমস্যাৰ উদ্ভৱ হয় আৰু দৰিদ্ৰতা বাঢ়ে | আমাৰ দেশত নিৱনুৱা সমস্যাই বৰ্তমাত অতি ভয়াবহ ৰূপ ধাৰণ কৰিছে আৰু ইয়াৰ এটি অধি ভয়ানক কাৰণ হৈছে দ্ৰুত জনসংখ্যা বৃদ্ধি | যিমান পৰিমানে নিয়োগ সৃষ্টি হয় তাৰ কেইবাগুনে জনসংখ্যা বৃদ্ধি হৈ নিৱনুৱাৰ পৰিমান বৃদ্ধি কৰা পৰিলক্ষিত হৈছে | উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত বহুতো মানৱ সম্পদ অৱক্ষয় হৈছে | আমি দেখিছোঁ ক্ৰমে ভয়াবহ হৈ পৰা শিক্ষিত নিৱনুৱাৰ ছৱিখন | উচ্চ শিক্ষা গ্ৰহণ কৰিও অনেকে কৰিমসংস্থাপন লাভ কৰা নাই আৰু অনেকে অপ্ৰয়োজনীয় ভাৱে নিজকে কিছু কামত নিয়োজিত কৰি ৰাখিব লগীয়া হৈছে | জনসংখ্যাৰ দ্ৰুত বৃদ্ধিয়ে বহন কৰি অনা এই নিয়োগহীন পৰিৱেশত দৰিদ্ৰতা এটি ভয়াবহ অথচ অপ্ৰিয় সত্য | দৰিদ্ৰতা বৃদ্ধিৰ ফলত দেশৰ জনমূৰি আয় আৰু ঘৰুৱা উদপাদন হ্ৰাস হৈছে যি জীৱন ধাৰণৰ মানদণ্ড নিম্নগামী হোৱাটো নিৰ্দেশ কৰে |
অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা নাচায় আমি সাধাৰণ ভাৱে লক্ষ্য কৰিলেই দেখিম দৰিদ্ৰতাৰ ফলত কিদৰে বহুতো লোক কিদৰে নিজকে নানান সুবিধাৰ পৰা বঞ্চিত কৰি ৰাখিবলগীয়া হয় | বৰ্তমান পৰিবৰ্তীত অৰ্থ-সামাজিক ব্যৱস্থাত প্ৰায় সকলো ক্ষেত্ৰত পৰিবৰ্ধীত ব্যয়ৰ সৈতে মেকাবিলা কৰিবলৈ যথেষ্ট চিন্তা কৰিবলগীয়া পৰিস্থিতি আহি পৰিছে | উদাহৰণ হিচাপে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ প্ৰয়োজন হোৱা পৰীবৰ্ধীত ব্যয় বহন কৰিবলৈ অক্ষমহোৱা অনেক পৰিয়ালে নিজৰ সন্তানক সৰুতেই বা অপৰীপক্ক বয়সতে উপাৰ্জনমুখী কামত নিয়োজিত কৰিবলৈ লয় অন্যহাতে তেনে মানৱ সম্পদে পৰবৰ্তীসময়ত অৰ্থনৈতিক বিকাশৰ বাবে উপযুক্ত অবদান আগৱঢ়াব নোৱাৰা হৈ পৰে | যিকোনো উপায়েৰে অতি সাধাৰণ ভাৱে জীয়াই থাকিবলৈ ইচ্ছা কৰাত জীৱন ধাৰণৰ মানদণ্ডৰ কথা সম্পূৰ্ণ কৈ আওকাণ কৰা হয় | এনেদৰেই জনসংখ্যা বৃদ্ধিৰ ফলত উপযুক্ত  মানৱ সম্পদৰ সৃষ্টিত বাধা আহি পৰে আৰু অৰ্থনৈতিক ভাৱে দেশখন পিছপৰি ৰবলগীয়া হয় |
গোলকীয় বিশ্বৰ অন্য দেশ সমূহৰ লগত প্ৰতিযোগীতা কৰিবলৈ আমাৰ দেশত উপযুক্ত মানৱসম্পদ সৃষ্টি বা মানৱ সম্পদৰ অৱক্ষয় ৰোধ কৰিবই লাগিব | ইয়াৰ বাবে মানুহৰ জীৱনধাৰণৰ মানদণ্ড উন্নত হব লাগীব যিটো সম্ভৱ হব জনসংস্যাৰ দ্ৰুত বৃদ্ধি ৰোধ কৰি দৰিদ্ৰতা নিৰ্মূলৰ যোগেদি সমাধান কৰিব পাৰি | 
ধন্যবাদ ৷

আকাশ ঘোষ
বোকাখাট , গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)