জীৱন গাঁথা

©Admin
0
মোৰ কবিতাৰ ভাঁজে ভাঁজে

মোৰ জীৱন গাঁথা আছে

জন্ম লৈ এইধৰাত

 প্ৰথম চকু মেলি

নেদেখি আইক

উকা উকা মনৰ পদূলি

কান্দো হুকে হুকাই 

আইক মনত পেলাই

পুৱা আৰু গধূলি

দেউতাৰ পাই সঁহাৰি

জীয়াবলৈ শিকিলো জীৱনটি

পেহীয়ে নিজে সংসাৰ

আওকাণ কৰি

কৰিলে ডাঙৰ তুলি তালি


হায় কিনো ভাগ্যৰ লীলা

মাহীমাকে আহি 

সুখ মোৰ নিলে কাঢ়ি

স্কুলৰ প্ৰথম দিনা

ক'ত লোকৰ ঠাট্টা মস্কৰা

নাম দিলে এক বেটেৰিয়া


শোকে খুন্দা মাৰে হিয়াত

কি কৰুণা গাঁথা 

নামানো মই এতিয়া কাৰো বাধা

বাধাৰ প্ৰাচীৰ ভাঙি

আগুৱাই যাম মাথা আগুৱাই যাম

নতুন উদ্যমেৰে নতুন পথেৰে

নতুন যাত্ৰাৰ জয়গান গাই ৷৷


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)