নিলাঞ্জনা

©Admin
0

নিলাঞ্জনা অন্য এক মৰমৰ মিঠা অনুভূতি।
নিলাঞ্জনা তোমাৰ বাৰু মনত আছেনে?
তুমি আৰু মই যে নিজান পৰত
আবেলি নৈৰ পাৰত প্ৰকৃতিৰ পৰশ লোৱাৰ কথা।
বহল বুকুৰ আকাশলৈ চাই
সপোনৰ ৰহণ সনা মৰম বোৰ
দিঠকত সুবাস বিলাই।

যুগ্ম জীৱনৰ পাতনি মেলি সুখে-দুখে ৰ'ম বুলি
হাতত হাত থৈ কথা দিয়াৰ কথা।
আছেনে তোমাৰ বাৰু মনত নিলাঞ্জনা?
এই নিলাঞ্জনা তুমিটো এতিয়া মোৰ কাষত নাই
কিন্তু তোLমাৰ স্মৃতি বোৰে মোক বৰ কৈ আমনি কৰে।

তুমি ছাগে এতিয়া বহুত সুখী
কাৰণ মইটো তোমাৰ পৰা বহু দূৰত।
মইয়ো বহুত সুখত আছো নিলাঞ্জনা
কাৰণ তোমাৰ সুখেই মোৰ সুখ
আৰু তোমাৰ দুখেই মোৰ দুখ।
সিদিনা তোমাক দূৰণিৰ পৰা চকামকাকৈ দেখিছিলো।

মূগাৰ সাজ-যোৰে তোমাক 
বৰ ধুনিয়া লাগিছিল।
উৰণীৰ তলত জিলিকাইছিলা
 সন্ধিয়া আকাশৰ ৰঙা জোনটো।

যেন তেজ ৰঙা গোলাপৰ কুসুম কলিটো।
আৰ্শীবাদো কৰিব নোৱাৰো
তোমাক,মই কোনো মহান ব্যক্তি নহয় যে।

তথাপিতো নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰো
তোমাৰ সেই কপালৰ তেজ ৰঙা কুসুম কলিটো 
পূব আকাশত উদয় হোৱা সূৰ্যটোৰ দৰে
তোমাৰ কপালত সদায়  জিলিকি ৰওক 
নিলাঞ্জনা।।

 📝 দ্বীপ দীপাঙ্কৰ লাহন
      বিশ্বনাথ,গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)