মহানায়ক - এটা অবাস্তৱিক ধাৰাবাহিক , খণ্ড - ০৪

©Admin
0

 "মহানায়ক " ধাৰাবাহিকত যোৱা সপ্তাহত আপনি পঢ়িবলৈ পাইছিলে - টাইম পাছে মেডিকেলৰপৰা ৰিলিজ পাই ককাৰ গাৱঁলৈ যায় ককাৰ পৰিয়াল তাক খেদি দিয়ে তাতে ককাৰা পুৰণা বাকচ এটা পাই জিৰণি ঘৰত এজন মদাহীয়ে বাকচটো যাদুকৰী বুলি কোৱাত টাইমপাছে খুলি চাই সোণৰ বস্তু কেইপদ পাই এতিয়া আগলৈ পঢ়ক -

মদাহীজনে ক'লে " বাৰু এতিয়া এই বস্তুবোৰ নি বেছি যিমান টকা পাম দুয়ো সমানে ভগাই লম কি কোৱা ? "

মদাহীৰ কথাত টাইমপাছৰ খংটো মুৰত পালেগৈ কিন্তু খং

নেদেখোৱাই মিচিকিয়া হাঁহি মাৰি কয় ৰবচোন বেছিমেই বাৰু কিন্তু এই ৰাতিটো যাবলৈ দিয়ক পুৱাতেহে কিবা হব বাৰু এতিয়া মোৰ ৰাতিটো কটাবলৈ কিবা ব্যৱস্থা কৰিব পাৰিব নেকি ? " মদাহীজনে উৎসাহী হৈ ক"লে " কিহে কোৱা বাবু এই ৰঞ্জিত চাহু থাকোতে কিহৰ টেনচন বলা আমাৰ ঘৰলৈ " টাইমপাছে মনেমনে ভাৱিলে " কি মানুহ সোণৰ বস্তু দেখি জিভাৰ পানী ৰখাব পৰা নাই যিয়ে নহওক কিয় ৰাতিটো কটাই লওঁ ৰাতিপুৱাহে দেখা যাব " মদাহীজনে আকৌ ক'লে কি হ'ল বলা " টাইমপাছে বাকচটো বন্ধ কৰি হাতত তুলি " বলক " দুয়ো গৈ এটা ঘৰত সোমাই মিঃ ৰঞ্জিতে মাত লগাই " উৰ্মিলা দৰ্জাখন খোলাহি " কিছু সময়ৰ পাছত মহিলা এগৰাকী আহি দৰ্জাখন খুলি দুয়োটালৈ চাই আৰু ক'লে " এওঁ আকৌ কোন আমাৰ গাৱঁৰ যেন লগা নাই ?" মিঃ ৰঞ্জিতে মিচিকিয়া হাঁহি এটা মাৰি ক'লে " এওঁ চহৰৰপৰা আহিছে বেছেৰা গাড়ী নাপাই জিৰণি ঘৰতে বহি আছিল মই লগ পালো লগত লৈ আনিলো আৰু মানুহে মানুহৰ বাবে নাভাবিলে কোনে ভাৱিব মহিলাগৰাকীয়ে ক'লে " এইটো কোনো ধৰমশালা নহয় যে যাকে পাই তাকে উঠাই লৈ আনে " মিঃ ৰঞ্জিতে মহিলাগৰাকীৰ কাষ চাপি লাহেকৈ ক"লে মোৰ ধৰম পত্নী এইজন আমাৰ সুদিনৰ সম্বল ইয়াৰ হাতত থকা এই বাকচটোত কোটি টকাৰ 

সোণৰ বস্তু আছে " মহিলাগৰাকীয়ে কথাটো শুনি লোভত জিভাৰ পানী সৰকিবলৈ ধৰিলে টাইমপাছৰ ওচৰত আহি মিচিকিয়া হাঁহিৰে ক'লে " আহা অতিথি দেৱ ভৱঃ ভিতৰলৈ

গিৰিয়েকলৈ চাই ক'লে আপুনি কি চাই আছে ল'ৰটো ভোকত আছে ছাগে যাওক ভাত বাঢ়ক গৈ মই এওঁক যোগাৰ পাতি দিওঁ এইবুলি কৈ মহিলাগৰাকীয়ে টাইমপাছৰ হাতত ধৰি ভিতৰলৈ লৈ যায় গিৰিয়েকে কিছুপৰ সিহঁতৰ

ভিতৰলৈ সোমাই যোৱা পিনে চাই মনতে ভোৰভোৰাই " এইজনী নিজকে ৰাণী বুলি ভাৱিছে চাই থাক টকা পোৱাৰ

পাছত মই ৰজাৰ দৰে থাকিম আৰু এইজনীক চাকৰৰ দৰে

কাম কৰাম " ভিতৰলৈ সোমাই যায় ৷

মহিলাগৰাকীয়ে টাইমপাছক কোঠা এটাত নি ক'লে " এইয়া

তোসমাৰ কোঠা আজিৰপৰা তোমাৰ অধিকাৰ যিমান দিন

মন যায় বিন্দাছ থাকিবপাৰা তুমি বিশ্ৰাম কৰা মই ভাতৰ দিহা কৰোগৈ " মহিলাগৰাকী যোৱা পাছত টাইম পাছে

বিচনাত বহি মুৰত হাত দি " কি যে ভাগ্য সৱ লোভীয়া মানুহবোৰকে লগ পাইছো " এনেতে মহিলাগৰাকীয়ে ভাতৰ

কাঁহী লৈ সোমাই আহিল বাবু চাহাব ভাত খাই লোৱা এইবুলি কৈ ভাতৰ কাঁহীখন তাৰপিনে আগবঢ়াই দিয়ে আৰু কয় " জানা বাবু আমি বহুত কষ্টৰে দিন কটাই আছো

এওঁক তো তুমি দেখিছাই কাম নাই বন খালি মদত দিনেৰাতিয়ে ডুবি থাকে তাক ৰৈ থকা দেখি তুমি খোৱা ভাত চিন্তা নকৰিবা মই ভিক্ষা বিচাৰি হলেও তোমাৰ পেট

ভৰাম " টাইমপাছে ভাত এগৰাহ মুখত ভৰাই " ইহ চোৱা চোৱা এই লোভী জনী প্ৰথমে তো ঘৰত সোমাবলৈকে দিয়া নাছিলে ধনৰ কথা গম পাই নাটক দেখাইছে উঃ দীঘলীয়া

উশাহ টানি ভাত খোৱাত লাগিল ৷ খাই বই উঠি বিচনাত দীঘল দি পৰিল ইতিমধ্যে মহিলাগৰাকীও ওলাই গৈছে 

সি পাৰেমানে শুবলৈ চেষ্টা কৰিও টোপনি অহা নাই লাহেকৈ

পালেঙৰ পৰা নামি বাকচটো খুলি এটা এটাকৈ বস্তু উলিয়াই পালেঙত থৈ শেষত ডায়েৰী এখন পালে পালঙত বহি ডায়েৰীখন মেলি চাই " অ ককাৰ ডায়েৰী সি পঢ়িবলৈ

আৰম্ভ কৰিলে 


" মোৰ নাম লক্ষণ সিং  মই মোৰ জীৱনত কিবা এটা বিশেষ কৰিবলৈ সৰুৰে পৰাই হেপাঁহ এটা পুহি

ৰাখিছিলো আৰু মই ইমান দিনৰ অসীম প্ৰয়াস আৰু পৰিশ্ৰম কৰাৰ পাছত শেষত আজি মই  মোৰ সপোনক

বাস্তৱায়িত কৰিবলৈ সক্ষম হৈছো ৷ 

আজি এই অদ্ভুত আৰু অসীম শক্তিশালী গেজেট কেইটা

আৱিষ্কাৰ কৰি উলিয়ালো তাৰে এটা ঘড়ী এই ঘড়ীটো সধাৰণ ঘড়ী নহয় ইয়াৰ কাম অদ্ভুত এই ঘড়ীটো পিন্ধি ইয়াৰ ৰঙা বুটামত ক্লিক কৰিলে অতি শক্তিশালী লেজাৰ ৰশ্মি ওলাই যি পলকতে মৃত্যুলোকলৈ পঠিয়াই দিব পাৰে

নীলা বুটামটোৱে আকাত উৰাত সহায় কৰে আৰু আন দুটা

বুটামৰ কলাটো বিশেষ কাম কৰে ই টাইম ট্ৰেভেল বা সময় যাত্ৰা কৰাই অন্তিম বুটামটো যিকোনো গতিশীল বস্তুক ৰখাই থব পাৰে ৷ 

আনটো চমৎকাৰ হ'ল জোতাযোৰ সোণৰ হোৱাৰ বাবে অলপ গধুৰ আছে কিন্ত পিন্ধাজনে জোতাযোৰত অলপ ঠাণ্ডা পানী বাকী দিলে ইয়াৰ ওজন কমাৰ লগতে ইয়াৰ ৰং

কলা হৈ পৰে ৷ এই জোতাযোৰে বতাহৰ সমান গতিৰে দৌৰাত সহায় কৰে ৷ 

অন্তিম অজুবাটো হৈছে সোণেৰে তৈয়াৰী কাপোৰখন গাত

মেৰিয়াই দিয়া লগলাগে অদৃশ্য হৈ পৰে ৷ 

এই গেজেট খিনি মই আজিলৈকে গুপ্ত কৰি ৰাখিছো কাৰণ এই অসীম শক্তি যদি কোনোবা দুষ্কৃতিকাৰীৰ হাতত গুচি যায় তেতিয়া জানিবা যে পৃথিৱীৰ ধ্বংস লীলা আৰম্ভ সেইবাবে মই আনে সন্দেহ নকৰিবলৈ এই সাধাৰণ বাকচখনত থৈছো কিন্তু আন্ধাৰত চমকনি তোলে ভৱিষ্যতে

যদি এই শক্তিৰ উপযুক্ত ব্যৱহাৰ কৰিবপৰা ব্যক্তি পাম তাকেই উপহাৰ স্বৰূপে যাঁচিম আৰু সেই ব্যক্তিজন সৎ গুণ সদাচাৰী আৰু সমাজ হিতকাৰী ভাৱনা তথা এজন সুচৰিত্ৰৱান আৰু নিস্বাৰ্থভাব এই গুণৰ অধিকাৰী হব লাগিব তেতিয়ালৈকে মোৰ ওচৰত সুৰক্ষিত থাকিব গেজেটচ খিনি " ৷


ডায়েৰীখন বন্ধ কৰি বাকচত থৈ প্ৰথমে ঘড়ীটো পিন্ধি লৈ 

এটা মকৰালৈ লক্ষ্য কৰি ৰঙা বুটামত ক্লিক কৰিলে থিতাতে মকৰা মৰি থাকিল , নীলা বুটামত ক্লিক কৰা মাত্ৰে 

সি উৰি উৰি গৈ চোতাল পালেগৈ , কলা বুটামত ক্লিক কৰি

ওচৰতে থকা গছৰ ডাঙৰ টুকুৰাটো ডাঙি চালে ভিতৰলৈ

উভতি আহি জোতাযোৰ পিন্ধি পানী বাকি দিয়াৰ লগেলগে জোতাৰ ৰং সলনি হ'ল , গিলাচ এটা অলপ দুৰলৈ দলিয়াই

দৌৰিগৈ ধৰি ললে , কাপোৰখন গাত মেৰিয়াই আইনাৰ ওচৰত থিয় হৈ দেখে সচাকৈ অদৃশ্য ৷ সি মনৰ উৎসাহত নাচিবলৈ ধৰিলে এনেতে কোনোবাই মাত দিয়াৰ শব্দ পালে " টাইম পাছ অ টাইমপাছ গেজেটচ পাই বহুত আনন্দিত কিন্তু ইমান সহজে এই গেজেটচ মই নিদিওঁ মোৰ চৰ্ত মানিব লাগিব হা হা হা . …. ৷ সি চাৰিওপিনে চাই কোনো

নাই অলপ লাগিছে হলেও সাহস কৰি সুধিলে " আ আ আ আপুনি কোন মই আপোনাক ভয় নকৰোঁ মোৰ ওচৰত গেজেটচ আছে " তাৰ কথাত খিলখিলাই হাঁহি শুনা গ'ল " হয় নে এই গেজেটেবোৰে তোমাক বচাব হা হা হা " তাৰ খং

উঠিল ক"লে সাহস আছে যদি সন্মুখত আহি কথা পাতক

এনেকৈ লুকাই লুকাই সকলোৱে সাহস দেখােৱাব পাৰে " তাৰ কথাত হঠাৎ কোঠাত কৰবাৰপৰা অতি বেছি পোহৰ হল পোহৰৰ পৰ ওলাই আহে এজন ব্যক্তি টাইমপাছে দেখি

আচৰিত ৈ "আপুনি ?


                     আগলৈ 

 ভাস্কৰ কায়স্থ

সহযোগীী দুলাল ৰবিদাস





Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)