কলা মেঘে আৱৰিব খোজা বহাগ

©Admin
0

বাটৰ কাষত ওখ আহঁত জোপাত বসন্তৰ মলয়াত ওলোৱা, কুঁহিপাতৰ সৌন্দৰ্য্য এৰাই যাব ধৰিছে ৷কুলি কেতেকীৰ মাত নুশুনা হৈছো অসমী গাভৰুৱে মৌনতাৰে গাম খাৰু , গগণাৰ সৈতে , গহণা , সাজপাৰ আগতে লৈ ভাৱি আছে এইবাৰ কপৌ ফুলিবনে হাতদুখনত জেতুকাৰ বোল হবনে প্ৰকৃতিয়ে চকুলো টুকিছে ৷

অসমী ডেকাই ঢোললৈ চাই, ঢোলৰ মাৰিডাল হাত মেলি তুলিবলৈ সাহস কৰা নাই সৰু সৰু কণ কণ ল'ৰা ছোৱালী বিলাকে বাৰে বাৰে খুৰাকৰ ওচৰলৈ আহিছে কিন্তু খুৰাকক কবলৈ একো পৰা নাই ৷ শিশু এগৰাকীয়ে ক'লে খুৰা আমাক এইবাৰ বিহু মাৰিবলৈ শিকাবনে ?

কিছু সময়ৰ পাছত উশাহ দীঘলকৈ লৈ খুৰাকে ক'লে মাৰিম বিহু এটাই ক'লে গাৱঁতে মাৰিম ৷সোণাহঁত বিহু মাৰিম বিহু মাৰিবলৈ ভালদৰে শিকোৱা লোকক মাতি আনি তোমালোকক শিকাম কিন্তু , কিন্তু মানে কি খুৰা সোণা গটাই ক'লে তোমালোকে আজি কেইদিনমান পঢ়িবলৈ যোৱা নাই ? এজনীয়ে ক'লে পঢ়াশালি বন্ধ দিছে ৷ আন এজনীয়ে ক'লে কৰ'না ভাইৰাছ

ওলাইছে বহু ঠাইত বহুত মানুহ মৰিছে কৰ'না ভাইৰাছ টোনো কি খুৰা ? সেইটো কোনো মাৰি নেপেলাই কিয় ? আন শিশু এটাই ক'লে ৷খুৰাকে ক'লে তোমালোকে টিভি চাইছা নিশ্চয় কিছুৱে ক'লে চাইছো আৰু কিছুৱে ক'লে দেউতাই মবাইল চাই কৈছিল হাত বাৰে বাৰে ধোৱা , মুখ ধোৱা , মুখ হাতৰে নোচোৱা আদি কথা কথা কওঁতে এটাৰ ওপৰত আন এটাই কয় কথাবোৰ স্পষ্ট নহয় ৷

ৰবা ৰবা মাছ যে পানীত থাকে তোমালোকে দেখিছা সকলোৱে দেখিছো দেখিছো বুলি কয় আমি যে বায়ুমণ্ডলত মাছৰ দৰে আছো তোমালোকে দেখিছানে ? সকলোৱে নাইদেখা বুলিলে মাছবোৰ যেনেভাৱে পানীত থাকে আমিও বায়ুৰ মাজত থাকো ৷ বায়ু খালী চকুৰে আমাৰ চকুত নপৰেআজি কিছু দিনৰ আগলৈকে মানুহে বিহু আদিত নদীত

একজাতীয় বিষ দিয়ে আৰু নদীৰ মাছবোৰ চকুৰে নেদেখা হয় আৰু কিছু পাছত মৃত্যু হয় ও ৰাইজে আনন্দমনে মাছ খাব ধৰে এজনী সৰু ছোৱালীয়ে ক'লে মাছবোৰ যে মাৰি পেলাই মানুহবোৰৰ দয়া নালাগেনে ৷ খুৰাকে ক'লে খাবলৈ ভাল পাই তুমি মাছ নোখোৱা নেকি ? উত্তৰত ছোৱালী জনীয়ে কলে খাওঁ কিন্তু মাছতকে শাক-পাচলি খাই ভালপাঁও ৷ ঠিক আছে মাছতকে শাক-পাচলিৰ শক্তি বেছি আছে এতিয়া আমি আচল কথালৈ যাওঁ খুৰাকে কলে 

নদীত যেনেদৰে বিষ দিয়া মাছবোৰ মৰিল তেনেধৰণে বায়ুমণ্ডলত বায়ুখিনি বিজানু যুক্ত হৈছে ইয়াৰ ফলত মানুহৰ মৃত্যুপ্ৰায় অৱস্থা হৈছে আৰু বিজাণু হুঁচৰা এজনৰ গাৰপৰা আন এজনৰ গালৈ সহজে বাগৰি যায় এজনীয়ে ক'লে খুৰা এই বিজাণু আহিল কৰপৰা ? খুৰাকে ক'লে এই বিজাণু আহিল কেনেকৈ বৈজ্ঞানিক সকলে গৱেষণা কৰি আছে এই বিজাণু কথা পিছত বহলাই পাতিম 

প্ৰায় ল'ৰা ছোৱালীয়ে কবলৈ ধৰিলে কওকনা খুৰা কওক খুৰাকে কলে হব হব বাৰু কথা হ'ল তোমালোকে পলিথিন বেগ আদি এইবোৰ জ্বলাই দিয়ানে প্ৰায়ে ক'লে জ্বলাই দিও

পলিথিন জ্বলাওঁতে এটা বেয়া গেছ ওলাই নে ? দুই এজনে ক'লে হয় বেয়া গেছ ওলাই এতিয়া তেনেধৰণৰ গেছ ডাঙৰ ডাঙৰ উদ্যোগৰপৰা বিভিন্ন উপাদান কৰোঁতে ওলোৱা গেছ

হয়তো বায়ুমণ্ডলত মিশ্ৰিত হয় অন্য কাৰণতো এনে গেছ বায়ুমণ্ডলত বিষাক্ত হব পাৰে এতিয়া বায়ুমণ্ডলত নিগনিৰ পৰা হোৱা এটা বিষাক্ত পাইছে বুলি ওলাইছে সচাঁ মিছা নাজানো ৷কথা হ'ল তোমালোকে একে লগে থোপ খাই নাথাকিবা এজনৰপৰা আনজনলৈ প্ৰায় একমিটাৰ আঁতৰত থাকিবা হাতৰে মুখ চকু আদি নোচোবা মাজে মাজে হাত মুখ ধোৱাকৰ'না ভাইৰাছ নাশ নোহোৱা পৰ্যন্ত আমি সাবধানে থাকিব লাগিব আমি জীয়াই থাকিবলৈ যিমানে সমস্যা নাহক সাবধানে সজাগ হৈ থাকিব লাগিব তেহে হয়তো কৰ'না ভাইৰাছৰ পৰা ৰক্ষা পৰিম আমি জীয়াই থাকিলেহে অহা বছৰ বিহু পাতিবলৈ  পাৰিম নিশ্চয় ৷এজন কণমানিয়ে ক'লে খুৰা এটা কথা হ'ল নহয় কৰ'না ভাইৰাছৰপৰা বাচিম কেনেকৈ কিন্তু পৃথিৱীখন বোলে অহা ২৯ এপ্ৰিলত ধ্বংস হব প্ৰায় শিশুৱে হয় হয় বোলে আমাৰ পৃথিৱীতকৈ ডাঙৰ গ্ৰহ এটাই আমাৰ পৃথিৱীখনক খুন্দিয়াব

খুৰাই হাঁহি মাৰি ক'লে আমি সকলো ভগৱানক বিশ্বাস কৰোঁ সকলো নিজৰ নিজৰ ঘৰত চাকি মম আদি জ্বলাই প্ৰাৰ্থনা কৰিবা তেখেতে আমাক ৰক্ষা কৰিব এটা কথা আগলৈ তোমালোকে পঢ়িবলৈ পাবা বৰ্তমান এই বৈজ্ঞানিক যুগত নাছা নামৰ বৈজ্ঞানিক সংগঠন দলে সকলোকে নিৰ্ভয়ে দিছে তেখেতসকলে এই পৃথিৱীক এই ঘটনাৰপৰা বচাব তোমালোকলৈ মোৰ এটা বিশেষ অনুৰোধ গা ধোৱা পানী খোৱা আদি সকলোতে গৰমপানী ব্যৱহাৰ কৰিবা আৰু বৰষুণৰ পানী যাতে তোমালোকৰ গাত এটোপালো নপৰে কাৰণ বিজানুযুক্ত বায়ুৰ পানীৰ লগত বিজানু আহিব পাৰে লগতে বতাহ বেছি দিলে ঘৰৰ ভিতৰত থাকিবা মইনাহঁত তোমালোকেই দেশৰ ভৱিষ্যত ৷

তোমালোকে এইবাৰ বিহু মাৰিব নোৱাৰিলেও অহা  বছৰ ভালদৰে বিহু মাৰিবলৈ পাৰিবা অহাবাৰ আমি বিহুৰ কৰ্মশালা পাতি বিহু শিকাবলৈ অভিজ্ঞ বিহুৱা লোক মাতি তোমালোকক বিহু শিকাম এয়া মোৰ কথা ৷ সচাকৈয়ে দুখ লগা কিমানে যে বিহুত কিমান কাৰ্য্যসুচী হাতত লৈছিল বিহুৱান দিয়া এজনৰ লগত বিহু মৰা লগ কৰা , ফুৰিবলৈ যোৱা কথা ৷

এইবাৰ বহাগ কলাডাৱৰে আৱৰিব বিচাৰিছে ৷


📝 ঘনকান্ত কায়স্থ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)