এখন নগৰ আৰু এজাক মানুহ

©Admin
0


সুভম স্কুলৰপৰা আহি বেগটো চৰাঘৰতে পেলাই থৈ চাইকেলখন লৈ তীব্ৰবেগেৰে ওলাই যাওঁতে মাকে পাছফালৰপৰা মাত লগালে সুভম কলৈ যোৱা ভাত নোখোৱা নেকি ? চাইকেলৰ গতি কমাই সুভমে ক'লে মা অৰুণাৰ বাৰ্থদে খাবলৈ যাওঁ এইবুলি কৈ বতাহৰ সৈতে কথা পাতি চাইকেল আগবাঢ়িল মাকে কিবা এটা কয় মানে


চাইকেল চকুৰপৰা অদৃশ্য হোৱা যেন হ'ল ৷

যানবাহনৰ উৎপাত আৰু মানুহৰ ব্যস্ততাৰে ভৰা ৰাস্তাইদি 

সুভমৰ চাইকেলখন আগবাঢ়ি গৈছে এনেতে হঠাৎ সুভমে

চাইকেলৰ বেগ কমাই ৰাস্তাৰ ইটো মূৰত চকু ফুৰালে " তাত

কিহৰ জুম লাগিছে মানুহৰ মাজত ইমান চিঞৰ বাখৰ কিয়

আচলতে হৈছে কি ? এনেদৰে নিজকে প্ৰশ্ন কৰি চাইকেল

মানুহৰ জুমটোৰ ফালে পোনাই ওচৰ চাপি দেখিলে এক কৰুণ দৃশ্য এজন ৰোগী পানী পানী বুলি পিয়াহত ককবকাই আছে আৰু মানুহবোৰে এওঁক কোনোবাই পানী

দিয়ক , ১০৮ গাড়ী মাতক এনেধৰণৰ মন্তব্য দি চিঞৰ বাখৰ লগাই আছে কিন্ত কোনেও ৰোগীজনৰ কাষ চপা নাই ৷ 

এই দৃশ্য দেখি সুভমৰ খং মূৰত পালেগৈ সি চাইকেল থৈ

ৰোগীজনক সহায় কৰিবলৈ আগবাঢ়ি যাওঁতে তাতে ভদ্ৰলোকে বাধা দি কয় নাযাবা ভাইটি, সোণাই মানুহজন

 কৰুণা ভাইৰাছেৰে আক্ৰান্ত ই এক মাৰাত্মক বীজাণু ইয়াৰ

কোনো চিকিৎসা নাই " ৷

মানুহবোৰৰ কথা শুনি আৰু বেছি খঙালু হৈ কঠোৰ ভাষাৰে ক'লে অ হয় নেকি সেইবাবে আপোনালোকে ওচৰত যোৱা নাই একমাত্ৰ কৰুণা ভাইৰাছৰ ভয়ত , ঠিক

আছে বাৰু মই মানি লৈছো কৰুণা এটা মাৰাত্মক ভাইৰাছ

যদাি এই ব্যক্তিজনৰ ঠাইত আপোনাৰ কোনোবা আত্মীয় এই ভাইৰাছৰ চিকাৰ হৈ ঠিক এনে অৱস্থাত থাকিলহেঁতেন

তেতিয়াও আপোনালোকে মাত্ৰ কৰুণা ভাইৰাছৰ ভয়ত ওচৰত ঠিয় হৈ মৰিবলৈ দিলেহেঁতেন চাগে " সুভমৰ কথা শুনি সকলোৰে মুখৰ মাত হেৰান এনেতে সৰু অকণমানি শিশু এটাই হাত চাপৰি বজাই লগেলগে মানুহৰ জুমটোৰ মাজৰপৰা গাভৰু ছোৱালী এজনীয়ে পানীৰ বটল লৈ ৰোগীজনক পানী দিলে ৷ আৰু সুভমৰ সৈতে ৰোগীজনক

চিকিৎসাললৈ লৈ যায় ৷ এইফালে সুভমক ঘৰলৈ উভতি

নহা দেখি চিন্তাত পৰি আছে " সাত বাজিল ল'ৰা ঘৰলৈ

অহা নাই কি হ'ল বা বাপেকেক বিচাৰি যাবলৈ কয় ৷ বাপেকে বহাৰ পৰা উঠি যাবলৈ লওঁতেই বাতৰিত সুভমৰ

নাম শুনি থমকি ৰৈ টিভিফালে চকু ফুৰালে " সুভম নামৰ বাৰ বছৰীয়া ল'ৰা কৰুণা ভাইৰাছতকৈ মানৱতাৰ মূল্য যে বেছি এই কথা প্ৰমাণ কৰি দেখােৱালে সুভমৰ অৱিভাৱকে এইকথাত গৌৰৱ অনুভৱ কৰা উচিত আৰু তেখেতসকলক বহুত বহুত ধন্যবাদ এনে পুত্ৰ সন্তান জন্ম

দিয়াৰ বাবে " মাকে চিঞৰি উঠিল " কৰুণা ভাইৰাছ ঘৰলৈ আহক তাৰ হিৰগিৰী উলিয়াই দিম " বাপেকে হাঁহি মাৰি " কিহে কোৱা তুমি আামাৰ পুত্ৰই ইমান ডাঙৰ কাম কৰি আমাৰ নাম জিলিকাই তুলিছে এটা উপহাৰযোগ্য কাম কৰিছে আৰু তাক পিটন দিয়াৰ কথা কৈছা যোৱা মোৰ

গাড়ীৰ চাবি আৰু এ টি এম কাৰ্ড খন লৈ আহা আজি জোৰদাৰ পাৰ্টি কৰিম ৷ 


              ~~ ~সমাপ্ত~~~

📝দুলাল ৰবিদাস

নুমলীগড় গোলাঘাট


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)