ব্যস্ততাৰ মাজেৰেই পাৰ হয়
দিন ৰাতি,ৰাতি দিন।
কাৰো যেন কাকো চাবলৈ সময় নাই।
মাথো নিজৰ নিজৰ কামত সকলো মগ্ন।
মগ্ন চহৰত ভগ্ন হৃদয় লৈ এজন ব্যৰ্থ প্ৰেমিক।
দুটা আঙুলিৰ ফাকত এটা জ্বলন্ত চিগাৰেট।
ধোঁৱাৰ লগত বিলীন কৰিছে নিজকে।
ফ্লাই অভাৰৰ এটা ডিভাইদাৰৰ কাষত
এজন ব্যৰ্থ প্ৰেমিকে।
সেই ব্যৰ্থ প্ৰেমিক জন আন কোনো নহয়।
সেই জন মই নাম যাৰ ব্যৰ্থ প্ৰেমিক পৰিচয়।
আজিৰ পৰা প্ৰায় দুটা বছৰ আগতে আমাৰ প্ৰথম চিনাকী।
নাম,ঠিকনা প্ৰেমৰ প্ৰস্তাৱ Exchange ম'বাইল নম্বৰ।
লাহে লাহে তেঁও মোৰ প্ৰেমত
আৰু মই তেঁওৰ প্ৰেমত মগ্ন হ'লো।
আমাৰ প্ৰেমে প্ৰেম সাগৰৰ গভীৰতাৰ মাজত সাতুৰিছিল,
বিনা দীগ্ধাৰে।
আৰু মই তেঁওৰ প্ৰেমত মগ্ন হৈ এজন প্ৰেমিক কবি হ'লো।
লিখিবলৈ আৰম্ভ কৰিলো প্ৰেমৰ নষ্টালজিক কবিতা।
আৰু মোৰ কবিতাৰ প্ৰেমিক হ'ল তেঁও।
কিন্তু হঠ্যাৎ মোৰ জীৱনলৈ নামি আহিল এজাক কাল ধুমুহা।
আৰু সেই কাল ধুমুহাই
উৰুৱাই নিলে তেঁওক মোৰ পৰা বহু
দূৰদুৰণিলৈ।
কাহানিও ঘূৰি আহিব নোৱাৰা অচিন দেশলৈ।
সকলো শেষ হৈ গ'ল
মোৰ আশা মোৰ ভৰসা।
মাথো ৰৈ গ'ল মোৰ মনত কিছু স্মৃতি কিছু বেদনা।
তেঁওৰ লগত পাৰ কৰা কিছু নষ্টালজিক সময়।
অতিতৰ স্মৃতি বোৰ পাহৰাৰ ৰাগিত।
জ্বলন্ত চিগাৰেটৰ টুকুৰা।
আৰু হাতত তুলি ল'লো বিলাসী সুৰা।
মোৰ সপোন সপোন হৈয়ে ৰ'ল,
আশা নিৰাশা হ'ল।
সকলো শেষ।
হৈ ৰ'লো ব্যস্ত নগৰীৰ মই ব্যৰ্থ প্ৰেমিক।
আজিও অপেক্ষিত মই সেই একেটা ডিভাইদাৰতে।
বুকুত সাবতি লৈ তেঁওৰ স্মৃতি বোৰক
ব্যস্ত নগৰীৰ,ব্যৰ্থ প্ৰেমিক ৰূপে।
✍️দ্বীপ দীপাঙ্কৰ লাহন
বিশ্বনাথ,গহপুৰ।
Porhi khubei val lagil.
ReplyDelete