বান্ধোন

©Admin
0
শব্দবোৰ কেতিয়াবা হিংস্ৰ হৈ পৰে
দাগ পৰাকৈ আচোঁৰে
দুপাৰি চোকা দাঁতৰ মাজত হৃদয়খন 
অস্থিৰ হৈ পৰে
উশাহ লবলৈও কষ্ট হয়

অথন্তৰ লগোৱা অসহনীয় বেদনাবোৰ
ধমনীৰ ভিতৰৰ ৰক্ত প্ৰৱাহত জোৱাৰ তোলে
অজানিতে তপত চকুলো নিগৰে
বুকুখন ফালি চিৰি যায়
মৃত্যু যন্ত্ৰণাত দেহাটো ছটফটাই 

স্বাধীনতা ভাল পাও
মুকলি আকাশৰ তলত মুক্তমনে 
অসীমলৈ উৰিব পৰা চৰাইৰ দৰে
সুখী হোৱাৰ অভিনয় কৰিব নোৱাৰো
অপ্ৰত্যাশিত বান্ধোনে মোক বিকলাংগ কৰে ।


📝টোলন তছা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)