নদীৰ পাৰত
তোমাৰ সতে
আন্ধাৰখিনি পান কৰাৰ পাছত
যন্ত্ৰনাত চটফটাই
আজি প্ৰসৱ কৰিলো
এটা সোণ সেৰিয়া ফাগুন |
নিয়ৰ সৰা ৰাতি
শেৱালী সুগন্ধ লৈ থাকোতে
পুনৰ কঢ়িয়াই ফুৰিছো
এটা দোকোলটকা শাওন |
ধুমুহা শিলাবৃষ্টি
গৰ্জন গোমা আকাশ
ক'ত থ'ম মোৰ ভৰি |
জোক পিছল বাট
সোঁৱে বাওৱে
দাত নিকটোৱা
শগুনৰ জাক |
📝হেমেন হাজৰিকা (মিৰ্জা)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ