কবি হ'ম বুলি
কোনোদিন
ভৱা নাছিলো ।
জীৱন যুঁজৰ "শব্দৰ টোপোলাতাে "
মেলি দিলো কাগজত,
চিটিকি পৰিল কবিতাৰ ৰূপ লৈ ।
কবি হ'ম বুলি
অনুশীলন কৰা নাছিলো ,
জীৱনে শিকালে কবি হবলৈ ।
'শব্দৰ মালা' গাঠাে
কাৰোবাক পিন্ধাম বুলি নহয় ।
ভাৱবােৰে মনৰ কাষেৰে
চাটকৈ অগাদেৱা কৰিলে
সেই নীলা- মালাবােৰ গাঠাে ।
,শব্দৰ মালাবােৰ' ধুনীয়া হলে
পঢ়ুৱৈয়ে পিটিকি- পিটিকি চায় ,
আৰু
'অনুজ্জল শব্দৰ মালাবােৰ' ,
কবিয়ে নিজেই পিন্ধে ॥
কবিৰ গৰ্ভত নিতৌ জন্ম হয় -
'ভাৱ আৰু চিন্তাৰ স্তৱক '।
নিকা কৰি দিয়া 'কবি মন'
শব্দৰ আবৰ্জ্জনাবােৰ
মন-গহ্বৰৰ পৰা বাহিৰলৈ।
কবি হ'ম বুলি ভৱা নাছিলো,
মাথো
শব্দবােৰ সিচঁৰতি কৰি দিছিলো
'মােৰ মন চােতালত' ।
কোনোদিন ভৱা নাছিলো
কবি হ,ম বুলি
প্ৰেমেও শিকালে মােক কবি হ'বলৈ
📝 মীনা পামে গাম, চিপাঝাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ