ব্যভিচাৰ

©Admin
0
 
তােলন তুমি আজি ৰাতিপুৱাই  ওলালা যে, " কােনফালে  যোৱা" বুলি  নগেন মাষ্টৰে সুধিলে ।
তােলন : অনাথ আশ্ৰমলৈ বুলি ওলালাে চাৰ ।
নগেন : কিয়? কি কামৰ বাবে ওলাইছা ?
তোলন : মােৰ ভাইটােৰ ল'ৰা দুটা আশ্ৰমত থাকে নহয় । মই মাজে মাজে চাবলৈ যাও ।
এতিয়া ময়ে সিহঁতৰ অভিভাৱক ।সেই কাৰণে  যাওঁ ।
নগেন : মাক -বাপেকৰ কি হ'ল ? মৰিল নেকি ?
তােলন : সেইবােৰ চাৰ বহুত কাহিনী ।
মই আপােনাক থুলমুলকৈ কৈ থও দিয়ক ।
ক'বলৈ লাজেই লাগে -তথাপিও কওঁঁ আৰু ।
মােৰ ভাইটোৱে স্কুলত চকীদাৰ চাকৰি কৰিছিল , সি ঘৰত দিনত নাথাকে । সেই নাথাকা অৱস্থাত ভাই বােৱাৰীৰ ওচৰলৈ দিনত কোনোৱা তাইৰ প্ৰেমিক আহে বুলি মানুহে কোৱাকুই কৰিছিল আৰু দেখিছিলেও বােলে ।
সেই কথাত মােৰ ভাই অমলে বহু দিনৰ পৰাই সন্দেহ কৰি আছিল আৰু সি ভিতৰি ভিতৰি মনত আঘাত পাই আছিল । নিজ পত্নীয়ে একেখন ঘৰতে থাকি যদি তেনেকুৱা কাম কৰে , কােনে সহ্য কৰিব ? কওকচােন ।
     সি সেই কথাতো শুনিহে আছিল । এদিন স্কুলৰ কোনোৱা ছাত্ৰ এজন পানীত পৰি মৰিল বুলি স্কুলত শােকসভা পাতিলে আৰু স্কুল ছুটি দিলে । সেইদিনা  সি বাৰ বজাতে ঘৰ আহি ওলালেহি আৰু দেখিলে  যে ঘৰৰ গােটেই দুৱাৰ বন্ধ । দৰ্জাত নক কৰি আছে বহু সময় আৰু বহু সময়ৰ পাছত ঘৈনীয়েকে দৰ্জা খুলি দিলে  । ঘৈনীয়েকৰ লগত কাজিয়া কৰি থাকোতেই তাইৰ প্ৰেমিক পলাই পত্ৰং দিলে তাৰ চকুৰ পচাৰতে ।  প্ৰেমিকে নাতিদূৰত মটৰ-চাইকেল থৈ দিছিল আৰু লগে লগে ষ্টাৰ্ট কৰি খৰধৰকৈ চলাই গুচি গ'ল । তাক মাৰ-ধৰ কৰিবলৈ সুবিধাই নাপালে ।
   
   তাৰ পিছত' চাৰ  ভাইতাে খঙত অগ্নিশৰ্মা হৈ গ'ল । ভিতৰত গৈ লগে লগে ডাঙৰ দা খন লৈ চকুৰ পলকতে ঘৈনীয়েকৰ ডিঙি কাটি দি নিজে নিজে থানাত হাজিৰ হ'ল, ইফালে তাৰ হাতত তেজ লগা দা । আনফালে ঘৰৰ মজিয়াত তাৰ পত্নীৰ মৃতদেহ তেজেৰে লুতুৰি পুতুৰি হৈ পৰি আছিল । পুলিচ নহালৈকে কোনেও চুবও নােৱাৰে - কি এক বীভৎস পৰিৱেশৰ সৃষ্টি হৈছিল,সেই ঘৰখনত ।থানাৰ অ চি য়ে লকআপত ভৰাই থলে । পাছত তাক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দ্দেশ আদালতে দিলে । এতিয়া সি জেলত আছে ।
     ইপিনে দুটা ৭ আৰু ৫ বছৰীয়া ল'ৰাই কান্দি - কাতি  মাক -বাপেকক বিছাৰি  আমাক আমনি কৰি আছিল । মই সিঁহতকে চাওনে , থানাতে যাওনে, নে মাকৰ অন্তিম সংস্কাৰে কৰোনে  তেনেকুৱা এটা সমস্যাত পৰি গৈছিলাে আৰু ভাই যেতিয়া চাবই লাগিব , এৰিবও নােৱাৰাে ।
     সেইকেইদিন  মই মােৰ ঘৰৰ কথা একপ্ৰকাৰ বাদ দিবলগীয়া নিচিনাই হৈছিল । ময়াে চাকৰিয়াল আৰু মােৰ পত্নীয়েও কৰে, আমাৰ ঘৰতো তেওঁলােকক চাবলৈ আন কােনাে নাছিল ।
কেইদিনমান আমাৰ ঘৰতে ল'ৰা দুটাক ৰাখিলাে । বহুত  গমি-পিতি পাছত অনাথ আশ্ৰম এটাতে কেইদিনমানৰ পিছত থৈ আহিলাে । আৰু সেয়াই আজি তালৈ যাবলগীয়া কথাতো, চাৰ ।

নগেন : হয় , তুমি সিহঁতৰ এই জন্জালখন যে মাৰি দিলা । বৰ ভাল কাম কৰিলা ।
ঈশ্বৰে তোমাৰ মংগল কৰক ।
এটা পৰিয়াল কেনেকৈ থান-বান হৈ গ'ল ।
বেছেৰা ল'ৰা দুটালৈ বেয়া লাগে । হাজাৰ হলেও মাক-বাপেক থকাৰ সমান 
তেতিয়াও হ'ব নােৱাৰে ।

ঘৰৰ তিৰোতা গৰাকী অলপ সংযমী হ'ব লাগে ।   চঞ্চচল স্বভাৱৰ হোৱা বাবেই তেনেকুৱা হ'ল ।
তেনেকৈ কিছুমান পৰিয়াল ধ্বংশ হৈ যোৱা শুনিছাে আৰু সিঁহতৰো তেনেকুৱাই হ'ল ।
পতিয়ে, পত্নীৰ ঠগন অলপো সহ্য কৰিব নােৱাৰে - পােনে পোনে  তেওঁক অৱহেলা কৰাতাে বুজায়  আৰু কেতিয়াও নসহে - কাৰণ পুৰুসত্বত আঘাত লাগে আৰু তেতিয়াই ভাৰসাম্য হেৰুৱায় পেলায় আৰু তোমাৰ ভাইতিৰ ক্ষেত্ৰতাে তেনেকুৱাই হ'ল ।

এহঃ তোমাক বহুত দেৰি কৰাই দিলাে, তোলন বেয়া নাপাবা । 
তোলন : হব চাৰ । একাে নহয় দিয়ক ।
             উপায় নাই আৰু ।
তাৰ  পিছত তোলনে অনাথ আশ্ৰমলৈ বুলি খােজ ল'লে  ।
                       সমাপ্ত 


 📝 মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)