মহানায়ক - এটা অৱাস্তৱিক কাহিনী (খণ্ড-০১)

©Admin

জীয়েকক বিয়া দিয়াৰ পাছৰপৰাই লক্ষণ ককাৰ জীৱনত দুখৰ কলাডাৱৰে আৱৰি  ধৰিলে জীয়েকৰ বিয়াৰ আগতে ককা সোণৰ পালেঙত বহি বহি খাইছিল কিন্ত আজি সেই দিন নাই যেনেতেনে জীৱনটো কটাইহে আছে ৷
এইফালে ডাঙৰ পুত্ৰই ছোৱালী এজনী পলোৱাই অনাৰ পাছৰপৰা জীৱনটো আৰু কষ্টকৰ হৈ গ'ল কিয়নো পুই ঘৈণীয়েকৰ গোলাম হৈ পৰিল লগতে পত্নীৰ তো কথাই নাই লক্ষণ ককা তাইৰ কাৰণে যেন বেংক এটাহে যেতিয়াই মন যায় তেতিয়াই ককাৰপৰা টকা উলিয়াই লৈ ফ্ৰীতে বহি খাইথকা পুত্ৰ আৰু বোৱাৰীক বৰঙনি দিয়ে ৷
লক্ষণ ককাই পুৱাতে শুই উঠি গাপা ধুই তৈয়াৰ হৈ সকলো সা সম্পত্তি আৰু নথি-পত্রসমূহ বেগ এটাত কাপোৰৰ মাজত ভৰাই চহৰলৈ বুলি ওলাই যায় দুৱাৰমুখতে ৰৈ থকা ঘৈণীয়েকে আগভেটি ধৰিলে ককালৈ চাই ক'লে বাঃ মোৰ এ টি এম কাৰ্ড টো ৰাতিপুৱাতে সাজি কাচি কলৈ যায় ?
লক্ষণ ককাই হুতাশনীয়া মাতেৰে ক'লে তোক কিয় লাগে মই যলৈকে যাব পাৰোঁ তই যা পুত্ৰ বোৱাৰীৰ আলপৈচান ধৰ আঁতৰ এই বুলি কৈ ককাই ঘৰৰপৰা ওলাই যায় ৷চহৰতগৈ ভাড়াঘৰ এটা বিচাৰি তাতে থকাৰ সিদ্ধান্ত কৰিলে সন্ধিয়া বজাৰৰপৰা আহি ভাড়াঘৰত প্ৰথমবাৰৰ বাবে চাহ একাপকে বনাই আৰাম চকীখনত বহি নিজকে কবলৈ ধৰিলে জহনিযোৱাহতৰ লগত থাকি জীৱনটো নৰকত পৰিণত হৈহিল এতিয়া সিহঁতে গম পাব মোৰ জীৱনত অশান্তিৰ সৃষ্টি কৰাৰ পৰিণাম ৷ ক্ৰিং ক্ৰিং ক্ৰিং ক্ৰিং এনেতে কলিং বেলটো বাজি উঠিল ককাই কাপটো 
টেবুলত থৈ ৰৱা ৰবা আহি আছো ৷ ককাই দৰ্জাখন খুলি দেখে যে এটা চৈধ্য - পোন্ধৰ বছৰীয়া ধুনীয়া ল'ৰা ককাই একো নোকোৱাৰ আগতে ফোঁপাই ফোঁপাই  ল'ৰাটোৱে কবলৈ ধৰিলে ককা মোক ৰক্ষা কৰা ল'ৰা অপহৰণকাৰী দুজনে মোক ধৰিবলৈ খেদি দৌৰি-দৌৰি এইফালে আহি আছে ৷
লক্ষণ ককাই একো নোসধাকৈয়ে লৰালৰিকৈ পালেঙৰ তলত ল'ৰাটোক লুকুৱাই থলে ৷ অপহৰণকাৰী দুজন আহি
ককাক ল'ৰাটোৰ কথা সুধিলে এইফালে  চৈধ্য -পোন্ধৰ বছৰীয়া ল'ৰা এটাক দৌৰি অহা দেখিছিলে নেকি ?
ককাই ক'লে:নিশ্চয় দেখিছিলো সিহঁতে লৰালৰি ক'লে ক'ত কোন ফালে গ'ল ? ককাই খিলখিলাই হাঁহি এটা মাৰি ক'লে ক'ত গ'ল দেখা নাই আৰু তহঁতে কেনেকৈ লগ পাবা মাজতে এজনে চিঞৰি ক'লে কিয় নাপাম ? ককাই আকৌ
খিলখিলাই হাঁহি মাৰি ক'লে আৰে মই যেতিয়া সেই বয়সত আছিলো তঁহতৰ জন্মই হোৱা নাছিল বাঃ কি দিন আছিল 
ল'ৰালি কালত মস্তিয়ে  মস্তি আছিল এটা দীঘলীয়া উশাহ টানি আৰু নো ক'ত পাম সেই সোণালী দিনখিনি মাথো স্মৃতিহে লগত থাকিব ককাৰ কথা শুনি সিহঁতে পাগল বুলি কৈ থৈ গুচি গ'ল ৷ ককাই ল'ৰাটোক ওলাই আহিবলৈ ক'লে
দুয়ো মিলি খুব হাঁহিলে লক্ষণ ককাই ল'ৰাটোক বহিব দি তাৰ পৰিচয় সুধিলে সোণ তোমাৰ নামটো কি আৰু তুমি 
টাউনলৈ কিয় ওলাইছা 'ঘৰ ক'ত ?
ল'ৰাটোৱে ক'লে ককা মোৰ নাম টাইম পাছ মই অনাথ এই পৃথিৱীত মোৰ কোনো নাই য'তে মন ত'তে ৰাতিটো কটাওঁ ৷টাইম পাছৰ কৰুণ ব্যথা শুনি ককাৰ মনত বৰ বেজাৰ লাগিল ৷ককাই দীঘলীয়া উশাহ এটা টানি ক'লে এইবিলাক
সকলো সেই ওপৰত বহি থকা নাট্যকাৰজনৰ নাটকৰ দৃশ্যাংশ মাথোন , এই জগতখন এটা ৰংগমঞ্চ আৰু আমি হ'লো একো একোজন অভিনেতা তেওঁ যিদৰে নিৰ্দেশ দিয়ে
ঠিক তেনেদৰেই আমাৰ জীৱন নাটক পৰিচালিত হয় কিন্ত
তুমি চিন্তা নকৰিবা এতিয়া তুমি অনাথ নহয় মোৰ সন্তান আজিৰ পৰা তোমাৰ জীৱন গঢ়াৰ দায়িত্ব মোৰ মই লক্ষণ সিংহ প্ৰতিজ্ঞাবদ্ধ হ'লো এইবুলি টাইম পাছক ককাই বুকুৰ মাজত সাবতি ল'লে দুয়োৱে আৰম্ভ কৰিলে সুখময় জীৱনৰ যাত্ৰা ৷ লাহে লাহে টাইম পাছও ককাৰ প্ৰতি দায়িত্ব বুজি ভালদৰে প্ৰতিপাল কৰিবলৈ ধৰিলে ৷
এনেদৰে এবছৰ অতিক্ৰম কৰিলে লাহে লাহে ককাৰ দেহাই সংগ নিদিয়া হ'ল ৷ টাইম পাছে বাৰাণ্ডাত ককাৰ লগত বহি ককাৰ ইটো সিটো আলপৈচান ধৰাত ব্যস্ত ককা চাহ খাব৷ ককা ভাত খাব ককাই খঙাই ক'লে হেৰৌ ইমান যদি ভোক লাগিছে তইয়ে খাগৈ মিছাতে আমনি কৰি নাথাকিবা ৰ' যেতিয়া মই সিপুৰীলৈ গুচি যাম তেতিয়া কাক আমনি কৰিবি চাম নহয় ৷ ককাৰ কথা শুনি টাইমপাছৰ চকুলো বৈ আহিল কান্দোনৰ সুৰত ক'লে অ আপোন কৰি এতিয়া এৰি যোৱাৰ কথা কৈছে চাব আপোনাৰ যদি কিবা হয় তেতিয়া মোৰো জীয়াই থকাৰ কোনো উদ্দেশ্য নাই ৷
ককাই চকুলো মচি দি খিলখিলাই হাঁহি এটা মাৰি ক'লে হেৰৌ তই মাইকী মানুহৰ দৰে কান্দিছ লাজ লগা নাই মতা ল'ৰা মতা ল'ৰাৰ দৰে বুকু ফুলাই থাকিব লাগিব আৰু এষাৰ
কথা মনত ৰাখিবি জীৱনত লাগে যিমানেই বাধাবিঘিণি নাহক কিয় ভয়ত পৰাজয় বৰণ নকৰিবি বিপদৰ লগত এজন সাহসী বীৰ পুৰুষৰ দৰে জীৱনৰ অন্তিম ক্ষণলৈকে যুদ্ধ কৰি যাবি  চাবি তয়ে এদিন মহা নায়ক হবি ঠিক আছে । টাইম পাছ বহাৰ পৰা  উঠি যাবলৈ লওঁতে ককাই হাওতকৈ হাতত ধৰি টানি বহাই দি ধমকি সুৰেৰে  ক'লে তোক কোনে
যাবলৈ অনুমতি দিলে ইহ তই মালিক নে মই মালিক ? টাইমপাছে ভয়ে ভয়ে ক'লে আ-আ-আ আপুনি মালিক ৷তেনেহলে মোৰ কথা আধৰুৱা শুনি কিয় উঠিছ শুন কালিলৈ মই উকিলৰ ওচৰত যাম বাইকখন চিকচিকিয়া কৰি থবি নহ'লে জানই নহয় মই লক্ষণ সিং পিঠি ফালি দিম এতিয়া মোক লৈ ব'লা ভিতৰলৈ পেটত ভোকে তাণ্ডৱ কৰিবলৈ ধৰিছে ৷ 
দুয়ো ভিতৰলৈ গৈ  ভাত সাজ খাই ককা বিছনাত বাগৰি আছে আৰু টাইমপাছ মবাইলত পাপজী গেমত টাইমপাছ কৰি আছে ৷ এনেতে কলিং বেলটো বাজি উঠিল ককাই ক'লে এই দুপৰীয়া সময়ত কোন আৰামত হাৰাম কৰিবলৈ আহিছে টাইম পাছ চাগৈ ৷ টাইমপাছৰ খং উঠিল এইয়াদেখিলা ঠিক জিকাৰ সময়তে বাধা আজি পিজ্জা খাবলৈ নাপাম সি মনতে ভোৰভোৰাই গৈ দৰ্জাখন খুলি দিলে ৷
দৰ্জামুখত তিনিটা মানুহ সি চিঞৰি ক'লে ককা তিনি শনি মানে তিনিটা প্ৰাণী আহিছে ।ককাই ক'লে সুধা কৰপৰা আহিছে কি লাগে ৷সি মানুহকেইটালৈ চাই ক'লে কাক লাগে তাৰে বুঢ়ী মানুহ গৰাকীয়ে টাইমপাছক ঠেলা মাৰি সোমাই যায় ককাৰ ওচৰত গৈ কান্দোনৰ ভেকুভাওনা কৰি ক'লে মোৰ এ টি এম কাৰ্ডমানে মোৰ প্ৰাণেশ্বৰ এই বয়সত এনেদৰে কাকো নোকোৱাকৈ ঘৰৰপৰা সঠাৎ ওলাই গুচি
আহিলে আমাৰ কিমান চিন্তা হৈছিল জানে আপোনাক এবছৰধৰি বিচাৰি বিচাৰি কিমান যে টকা খৰচ কৰিলো কিমান কষ্ট কৰিলো এইয়া আমি তিনি প্ৰাণীয়ে জানো ৷ককাই খঙত ভমকি কবলৈ ধৰিলে ইয়াত কিয় আহিছ আকৌ মোৰ শান্তি ভংগ কৰিবলৈ যা যা তহঁত যা নালাগে তহঁতক মোক প্ৰয়োজন নাই তহঁতৰ দৰে টাৰ বলিয়া মানুহৰ এইবুলি ককা দীঘল দীঘল উশাহ টানিবলৈ ধৰিলে ককা কি হ'ল কি হ'ল বুলি টাইমপাছ দৌৰি ওচৰ চাপি ভৰি হাত মোহাৰিবলৈ ধৰিলে ৷ বুঢ়ীয়ে তাক টানি আতঁৰাই দি হুতা মাতৰে ক'লে চাকৰ হয় চাকৰৰ সীমাতে থাকিবি মালিক হবলৈ নিবিচাৰিবি নহলে ৷এই কথা শুনি ককাই চিঞৰি ক'লে ঐ কুলক্ষণীয়া বুঢ়ী ই চাকৰ নহয় মোৰ তুলনীয় পুত্ৰ আৰু তহঁতে পাতচেলেকা ককুৰৰ দৰে ধিৎ হৈ ৰৈ আছ মই কৈছো নহয় ওলাই যা ৷এনেতে দ্বিতীয় পুৰুষ প্ৰাণীটোৱে চিঞৰি ক'লে মা ব'লা আমি এখেতৰ কোনো নহয় মৰিলে মৰক বুঢ়া I Dont care  এইবুলি কৈ তীব্ৰবেগৰে ওলাই যায় বুঢ়ীও উপায়হীন হৈ ওলাই যায় যোৱাৰ আগতে টাইমপাছক তীক্ষ্ণ দৃষ্টিৰে চাই ৰবা চাকৰ মালিকৰ সপোন দেখিছে চাই লম এইবুলি ভোনভোনাই ওলাই যায় ৷
টাইমপাছে ৰক্তচাপ জোখা যন্ত্ৰ আনি ককাৰ ৰক্তচাপ জোখ লৈ অ দেখিছেনে চানি দেৱলৰ দৰে চিঞৰ মাৰি মাৰি বিপি বঢ়াই ল'লে এইবুলি কৈ ঔষদ এটা দি ককাক আৰাম কৰিবলৈ দি ৷ ওচৰতে বহি ক্ষন্তেক আগতে ঘটা ঘটনাৰ কথা ভাৱিবলৈ ধৰিলে সেই তিনিটা প্ৰাণী কোন আছিল আৰু ককাই সিহঁতক দেখি কিয় খং কৰিছিল ,সেই বুঢ়ীয়ে মোক দম দি কথা কৈছে কোন হবপাৰে নাই নাই ককাই আৰাম পালেই মই কথা টো সুধিম ৷
( বাকী কাহিনী দ্বিতীয় খণ্ডত পঢ়িবলৈ পাব এই খণ্ডটি কেনে লাগিল কমেণ্ট কৰি জনাব চেয়াৰ কৰিবলৈ কিন্ত নাপাহৰিব ধন্যবাদ )

📝 ভাস্কৰ কায়স্থ 

অষ্টম শ্ৰেণী

ৰজ ইঙলিছ স্কুল বোকাখাট

( সহযোগী দুলাল ৰবিদাস )