বহাগ তুমি আহিবা

Rinku Rajowar
0
কাউৰী শগুণৰ অবাধ বিচৰণ
দ'মে দ'মে মৃতদেহ
চিকিৎসালয়ত শাৰী নিছিগা লানি- - - - - - !!
ক'তৰ ঘৰত চিৰদিনৰ বাবে নুমাই বন্তি
য'ৰে বস্তু ত'তে পৰি ৰয়
যিয়ে বিশ্বত চলাইছে সন্ত্ৰাস 
ৰোধিব পৰা নাই মানুহে তাৰ গতি
যাৰ নাম ক'ৰোণা - - -।
ইতিহাসৰ পাতত জিলিকিল 
Covid 19 2020 নামেৰে - - - - !!

অসহায় মানৱ জাতি
চীন দেশৰ য়ুহান চহৰত জন্ম যাৰ
পৰীক্ষা গাৰৰ দেৱাল পাৰ হৈ ইখনৰ পিছত সিখন দেশত লগাই টোলপাৰ - - - - !!
থমকি ৰয় চিকিৎসা বিজ্ঞান -মানৱ জাতি
থমকি ৰৈছে পৃথিৱী ।
উপায় মাথোঁ চাফ -চিকুণতা,সজাগ- সচেতনতা,সামাজিক দুৰত্ব বজাই ৰখা
গৃহবন্দী জীৱন মহামাৰী ক'ৰোণাত।
ক'ৰোণাৰ চুনামী সেতু সমগ্ৰ ভাৰততে লক ডাউন।
চকুৰ টোপনি হেৰাই 
মুচুকুন্দ হৈ থাকিলে ধংস হোৱাৰ ভয়
স্তব্ধ জনজীৱন ,নিস্তব্ধ পৃথিৱী - - -!!
দেখিছো বহি ৰাজ্যত অসমৰ যুৱকৰ অৱস্হা
লকডাউনৰ বাবে নোৱাৰে ঘৰলৈ আহিব 
যি আহিছে আত্মীয়জনৰ পৰা দুৰৈত ৰাখিছে ,নোৱাৰে স্পৰ্শ কৰিব 
চৈধ্য দিনৰ বাবে,কোনোবা মৃত্যু হৈছে আত্মীয়জনৰ মুখ নোচোৱাকৈ।

কোনোবাই ক'ৰোণাৰ আক্ৰান্ত বুলি খেদা খাই
পকেটত ধন হেৰুৱাই অলিয়ে গলিয়ে ঘুৰি ফুৰিছে মানসিক ভাৰসাম্য হেৰুৱাই- - - 
শিহৰিত হৈছো দৃশ্য দেখি ।
আৰু- - - ? ? ?
এহাল দম্পতী 
দেখিছিলো ক'ৰোণাৰ আক্ৰান্ত হৈ
প্ৰেমৰ শেষ আলিংগন - - - - !!!
সেইবোৰ দেখি জানো বহাগ ৰাঙলী হব - -?
কপৌপাহিয়ে  নোৱাৰিলে সানিব ৰং
কুলিৰ বিননিত হিয়াখন দুগুণে ভাগিল
বহু ককা-আইতাই নাতি -নাতিনীক এৰি গ'ল
বহুতে লৈ গ'ল নিজৰ সতে, 
তথাপিও তুমি বহাগ - - - 
জনজীৱনৰ সাহ,জাতিৰ আয়ুসৰেখা
বহাগ সদায়ে বহাগ হৈয়ে ৰ'বা- - - !!
অস্হিৰতাই খেদি ফুৰিলেও মন
হেপাঁহবোৰক শূণ্যতাই আবৰিলেও তুমি আহিবা বহাগ- - - - 
প্ৰকৃতিৰ বুকু সজাই তুলিবলৈ।
ৰৈ থাকিব মাথোঁ- - - - 
যুগৰ অৱশেষ তোমাৰ বাবে - - - - !!

📝ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)