অঁ'চাৰ

Rinku Rajowar
0

কি সম্বন্ধ মোৰ তাহাঁতৰ স'তে
তেজৰ নে, আন কিবা
পাঁচ কম আঢ়ৈকুৰি মিনিট
দুচকুত চকু থৈ
কথা কওঁ
একান্ত বাধ্য হৈ শুনে
দুটা শব্দ মাথো
তাৰ মুখেৰে শুনিবলৈ
বেগ্ৰ হৈ ৰওঁ
.......
অঁ,চাৰ | আৰু এটা
তাকো জানো 
ক'ত এৰি থৈ আহিলো
ক'ত কেনেকৈ থাকে সি
একো বাতৰি নাপাওঁ  |
...... ভাল নে তোমাৰ
চাৰ হয়  |
অঁ,চাৰ , চাৰ হয়
কি সম্বন্ধ মোৰ তাহাঁতৰ স'তে
যাৰ বাবে 
বেগ্ৰ হৈ থাকো
শুনিবলৈ মাথো.......  |
অঁ,চাৰ 
চাৰ হয়
কি প্ৰেম এয়া
মোৰ সিহঁতৰ স'তে  ||

  📝হেমেন হাজৰিকা
                 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)