কলঙত কবিতাৰ পলস পৰিছে

Rinku Rajowar
0
প্ৰতিশ্ৰুতিৰ খাগৰিজানেৰে
কবিতাৰ পলস বৈছে  |
দুপাৰত দুবিধ
নয়নতৰা ফুল ফুলিছে
এপাহ বগা
আনপাহ সেউজীয়া  |
জীপাল মগজুৰে
পলসুৱা নৈখন
খৰশ্ৰুতা কৰিব  |
এছাতি মৃদু বতাহ ব'ব
নয়নতৰা ফুলবোৰ
হালি জালি নাচিব  |
সাৰুৱা কবিতাই
সমাজৰ হৃদয় জিনিব  |
সেই আপাহতে
আমি কলঙৰ পাৰত জিৰাইছো  |
পলসুৱা কলঙত
অংকৰিত কবিতাই
এদিন জগত জিনিব  |

   📝 হেমেন হাজৰিকা
                 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)