নাঙলেৰেই জীয়াই থকাৰ
সপোন ৰচে ,
পথাৰ সেউজীয়া কৰি।
সাতাম পুৰুষীয়া
নাঙল আৰু মৈয়ে
মৈয়াইছে তেওঁলোকৰ জীৱন - ধাৰা ।
আধুনিক যন্ত্ৰ -
অত্যাধুনিক আবিষ্কাৰে
ঢুকি নোপোৱা "মনাইৰ" গাওঁ ।
"মনাইৰ ধনেও ঢুকি নাপায়" -
হালবোৱা, ধানকটা, ধানমাৰা,
বন নিৰোৱা যন্ত্ৰবােৰ ক্ৰয় কৰিবলৈ।
পুৰণি হাতখনেৰে
পুৰণি মনেৰে
আজিও যায়
ঢলপুৱাতে আহুধানৰ
গুটি সিচিবলৈ ॥
মানিকী মধুৰি, জহাধানেৰে
ভৰাল - ভৰাই উদৰ পুৰাই
পুখুৰীৰ মাছেৰে
ভােগালী মানে
মনাইহতে ॥
মনাইহঁতহে স্বাবলম্বী ।
স্বাভাৱিক জীৱন শৈলীৰে
জীৱনক আকি লৈছে ।
হে কলমধাৰী,
"মনাই" নহলে তোৰ পেটৰ কেচু কুমতি
জীয়াই থাকিবনে বাৰু ???
অৱশ্যে
"নাঙল" আৰু "কলম"
দুয়ােটাই সমান ।
নাঙলে যতনাই নিদিলে
কলম ধৰোতাৰ মৃত্যু অনিবাৰ্য্য ॥
📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ