অস্তিত্ববিহীন নাৰী

Rinku Rajowar
0
সকলোৱে কৈ নাৰীৰ হেনো কোনো 

অস্তিত্ব নাই........।

সেই বাবেই চাগে নাৰীক কাৰোবাৰ উন্মাদ কামনাৰ বলি

সজাই........।

নাৰী জাতিটোক কিয় সকলোৱে ইমান অবিশ্বাস 

কৰে.........?

ভগৱান ৰামেও সতীহেন সীতাক অগ্নি পৰীক্ষা

লৈছিলে.......।

অবিশ্বাস,অবিশ্বাস,অবিশ্বাসৰপথেৰেই

নাৰী চলে.....।

ভাবিছেনে কোনোবাই কেতিয়াবা নাৰীৰ অবিহনে পুৰুষৰ 

অস্তিত্ব কি........?

কাৰো ভাবিবলৈ সময় নাই, মাথো নামেৰে বদনাম দিয়ে।

ডাইনী,যখিনী,ৰাক্ষশিনী,বেশ্যা

বদনামী.......।

কিয় সজাই নাৰীক কাৰোবাৰ কামনাৰ 

বলি..........?

কোনোৱে কয় নাৰী হেনো দেৱীৰ আন এটা ৰূপ।

দূৰ্গা,সৰস্বতী,লক্ষ্মী,ৰুদ্ৰমূৰ্তি মা কালী মন্দাকীনি।

সকলো কোৱাৰ কথা
কোনেও নাভাবে নাৰীক দেৱী 

বুলি.......।

অস্তিত্ব ৰক্ষাৰ হেতু নাৰীয়ে ক'ত  দিয়ে

বলিদান........।

জানি শুনিও কিয় বাৰে বাৰে নাৰীক কৰা হয় 
অপমান..........?

নাপাব নেকি কাহানিও নাৰীয়ে অস্তিত্ব ৰক্ষাৰ

মান........,।

নে হৈ ৰ'ব যোগে যোগে অৱলা নাৰীৰেই নৱ নৱ 

বদনাম.........?

ধৰ্ষিতা,নিৰ্জাতিতা,কুলক্ষিনী নে অস্তিত্ববিহীন নাৰী?

ইত্যাদি ইত্যাদি।

সচাকৈ নাৰীৰ ত্যাগ অপাৰ

নাৰীৰ অবিহনে সকলো পুৰুষেই অন্ধকাৰ।

কাৰোবাৰ মা,কাৰোবাৰ ভগ্নী কাৰোবাৰ পত্নী।

এইয়াও নাৰীয়েই নহয় জানো,
নহয় জানো কাৰোবাৰ হিয়াৰ আমঠু?

আৰু কিমান দিন চলিব নাৰীৰ ওপৰত

নিৰ্যাতন.......,

আৰু কিমান নাৰী হ'ব অন্ধবিশ্বাসৰ 

বলি.......?

মাথো অন্ধবিশ্বাসৰ প্ৰবল গ্ৰাসত জীয়াই থকা গৰাকীয়েই হ'ল

নাৰী........।

অস্তিত্ববিহীন নাৰী।

📝দ্বীপ দীপাঙ্কৰ লাহন
    বিশ্বনাথ,গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)