ছাত্ৰৰও এজন সাংবাদিক মো:ফাৰুক আহমেদৰ হেৰুৱা সন্মান কোনে ঘুৰাই দিব ?

©Admin
0
হোজাই জিলাৰ ডবকাৰ সাংবাদিক ফাৰুক আহমেদৰ  বিৰূদ্ধে মো:আব্দুল হেকিম হে  যি গুৰুতৰ অভিযোগ আনিছিল সেয়া ভুৱা আৰু পক্ষপাত মূলক বুলি আজি   প্ৰমাণিত হ'ল ॥ হয়টো অনতিপলমে আব্দুল হেকিমক ডবকা আৰক্ষীহে আটক কৰিব আমাৰ আশা  ॥ কিন্তু ছাত্ৰ জনৰ  পোচাক যোৰত লগা সেই বৰ্বৰতা(!)ৰ দাগ কোনে মচিব? এজন নিৰ্দিষ্ট ছাত্ৰ জনৰ  গাতেই এই দাগ লগা বুলি যদি ভবা হয় তেন্তে নিতান্তই ভুল কৰা হ'ব ॥ এই দাগ সমস্ত হোজাই জিলাৰ ছাএ ছাএৰীৰ  গাতেই লাগিছে ॥ কিছু সমূহ সংবাদ মাধ্যমে সম্পূৰ্ণ একপক্ষীয় ভাবে ছাত্ৰ গৰাকীক বৰ্বৰ বুলি অভিহিত কৰিলে তেওঁলোকে সেই অক্ষমণীয় অপৰাধৰ বাবে ছাত্ৰ জন  আৰু তেওঁৰ পৰিয়ালৰ ওচৰত নতশিৰে ক্ষমা খুজিবলৈ সাহস হ'বনে ? আপোনাৰ হাতত কেমেৰা আৰু নিউজ চেনেলৰ বুমটো থাকিল বুলিয়েই প্ৰতিমূহুৰ্ত আদালত অথবা বিচাৰকৰ ভীমৰ ভাও দিবলৈ কিয় যায় ॥ সাংবাদিকতা যে আজিহে গেলিচে থিক তেনে নহয় ॥ সেই অসম আন্দোলনৰ দিনৰে পৰা অসমৰ সংবাদ মাধ্যমৰ পংকিল অধ্যায় আৰম্ভ হৈছে ॥ যাৰ চিতিকনি বাঘা-বাঘা সাংবাদিকৰ গাতো নপৰাকৈ নাথাকিল ॥ হোজাই জিলাৰ  সংবাদ মাধ্যমৰ সাংবাদিক  সকলে মই বৰ ভাব আৰু ফোপজহী কাৰবাৰ বন্ধ কৰক ॥ আপোনালোক ইতিমধ্যে নস্যাৎ হৈ আহিছেই ॥চাকি নুমুৱাৰ আগতে বেছিকৈ জ্বলে ॥ আপোনালোকৰও সেই দশা হ'বলৈ গৈ আছে ॥ অধিক নকও ॥ ওপৰলৈ থুৱালে নিজৰ গাতে পৰে ॥

 📝মো:ইকবাল হুছেইন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)