ভাগ্য - এটা সত্য ঘটনাৰ ওপৰত আধাৰিত

©Admin
0



বহু সময় ধৰি ট্ৰাফিক জামত এশ আঠ গাড়ীখন যেনেতেনে ওলাবলৈ এতিয়া সক্ষম হৈছে ৷ গাড়ীত গৰ্ভৱতী মহিলাগৰাকী বিষত চটফটাই আছে নাৰ্ছগৰাকীয়ে পাৰেমানে ইটো সিটো ঔষধ দি আছে এনেতে গাড়ীখন চিকিৎসালয়ত প্ৰৱেশ কৰিলে ৷ গৰ্ভৱতী মহিলাগৰাকীক লৰালৰিকৈ ষ্টেচাৰত তুলি আই চি য়ু ৰুমত লৈ যায় ৷ গিৰিয়েকে প্ৰ পত্ৰ জমা দিয়া লোৱাৰ কামখিনি কৰি আছে ৷


প্ৰায় তিনি ঘণ্টামানৰ পাছত ডাক্তৰয়ে আহি জনালে যে শিশু কুশলে আছে কিন্ত মাকক আমি বচোবলৈ সক্ষম নহলেো ৷ 

গিৰিয়েকে কথাটো শুনি ভাঙি পৰিল আৰু হুকহুকাই কান্দি কান্দি আই চি য়ু কোঠাত গৈ শিশুটোক বুকুৰ মাজত সাবত ধৰি কান্দোনত ভাঙি পৰিলে নাৰ্ছ ডাক্তৰ সকলোৱে সান্ত্বনা দি ক'লে মিঃ দাস আপুনি এনেকৈ ভাঙি পৰিলে আপোনাৰ শিশুটোৰ অৱস্থা কি হব নাকান্দিব এয়া সকলো ভাগ্যৰ লিখা কোনে মচিব পাৰে এতিয়া মাথা ওপৰৱালাৰ আশিস লৈ শিশুটোৰ ভৰণপোষণ কৰি এটা উজ্জুল ভৱিষ্যত দিবলৈ চেষ্টা কৰক ৷

মিঃ দাসে মৃতদেহটো ঘৰলৈ নি অন্তিম সৎকাৰ কৰি শিশুৰ নামকৰণ অনুষ্ঠানৰ আয়োজন কৰিলে পুৰুষিতে ল'ৰাটোৰ নাম সত্যম ৰাখে ৷ চাওঁতে চাওঁতে সত্যম আঠবছৰীয়া হ'ল ৷ এতিয়া দেঊতাকে সত্যমক আগৰদৰে মৰম নকৰা হ'ল কাৰণটো হ'ল যেতিয়া গম পালে যে সত্যম এজন দৃষ্টিহীন ল'ৰা ৷ 


ইয়াত সত্যমৰ একো ভুল নাই এয়াতো ভাগ্যৰ খেলা মিঃ দাসে আন এটা বিয়া কৰালে এতিয়া সত্যমৰ দিন অতি বেয়ালৈ ঢাল খালে মাহীমাকৰ গালি শপনি অত্যাচাৰৰ হীমা চেৰাই গ'ল ৷

আজি সত্যমক ঘৰৰপৰা এইবুলি উলিয়াই দিলে যে কুলক্ষণীয়া আৰু পূৰ্ব জনমৰ পাপৰ ভোক্তভোগী ৷ সত্যমে টমি ( কুকুৰ ) এটা পোহিছিল তাকে লগত লৈ বাটত গৈ আছে তাক কুকুৰটোৱে আগবঢ়াই নি আছে গৈ গৈ চহৰপালেহি ৷ এতিয়া সত্যমক বৰকৈ ভোক লাগিছে কি কৰো এলেতে পকা আম পকা আম মিঠা মিঠা তাজা তাজা পকা আম মাত্ৰ বিছ টকা কেজিত ৷

সত্যমে শুনি ভাৱিলে আম খাবলৈ দেখােন মোৰ লগত এটকাও নাই সি টমিক ইংগিত দিলে আম বেপাৰীটোৰ কাষত লৈ যাবলৈ টমিয়ে সত্যমৰ পেণ্টত ধৰি লৈ যায় ৷


সত্যমে আম বেপাৰীটোক ক'লে খুৰা এটা আম দিবনে বহুত জোৰকৈ ভোক লাগিছে ৷

আম বেপাৰীয়ে ক'লে পইচা আছে ৷ সত্যমে ক'লে খুৰা মোৰ লগত এটকাও নাই ৷ পইচা নাই বুলি কথাটো শুনি বেপাৰীটোৱে খঙতে ক'লে কি পইচা নাই যা যা দুৰ হ ফ্ৰীতে আম নিদিও ৷ সত্যম দুখমনে তাৰপৰা আঁতৰি আহি অন্য কেইবাটাও হোটেল আৰু দোকানত গ'ল কিন্ত কোনেও একো নিদি অপমান কৰি খেদি দিয়ে ৷


উপায়হীন হৈ সত্যম ৰাস্তাৰ দাঁতিত বহি কান্দিবলৈ ধৰিলে তাক কন্দা দেখি টমিৰো দুধাৰী বৈ আহিল এনেতে কিবা মনতপৰা দৰে টমি সত্যম এৰি গুচি গ'ল ৷

সত্যম টমি টমি বুলি চিঞৰিছে কিন্ত টমি নাই টমিক নাপাই সি আৰু ভাঙি পৰিলে ৷

এইফালে টমি দোকান এখনৰ সন্মুখত থিয় হৈ দোকানৰ খোৱা বস্তুৰপিনে ট টকৈ চাই আছে এনেতে দোকানলৈ এটা পাঁচ বছৰীয়া শিশু মাকৰ সৈতে আহিল ৷ টমিক দেখি শিশুটোৱে পিঠিত হাত বোলাবলৈ ধৰিলে কিন্ত এতিয়াও টমিৰ চকু দোকানৰ খোৱা বস্তুবোৰলৈ শিশুটোৱে তাকে চাই ক'লে অ তোমাক ভোক লাগিছে এইবুলি কৈ মাকক বিস্কুট এপেকেট কিনি দিবলৈ জেদ 

কৰিলে ৷ মাকে এপেকেট কিনিয়ে দিলে ৷

শিশুটোৱে বিস্কুটৰ পেকেট খুলি বিস্কুট এটা টমিক খাবলৈ দিলে কিন্ত টমি নোখোৱ হ'ল শিশুটোৱে ভাৱিলে চাগে নিজে খাব এইবুলি গোটেই পেকেটটোকে দি দিলে টমিয়ে বিস্কুটৰ পেকেট লৈ তুৰডা° তাৰপৰা আঁতৰ হ'ল ৷ এইফালে বেলি ডুবু ডুবু কিন্ত টমি অহা নাই গাড়ীয়ে তো তাক মাৰি দিয়া নাই নাই নাই ভাগ্যই মোৰ সৈতে এনে খেলা খেলিব নোৱাৰে সত্যমে কথাবোৰ ভাৱি ভাৱি কান্দি আছে এনেকৈ টমি দৌৰি দৌৰি আহি ওলালহি টমিক আকৌ লগপাই সত্যমৰ মনৰ ভয়ৰ শংকাবোৰ দুৰ হ'ল ৷

এনেতে টমিয়ে বিস্কুটৰ পেকেটটো সত্যমক দিলে সত্যমে চুই চাই এয়া বিস্কুট টমিলৈ বৰ মৰম উপজিল আৰু পিঠিত হাত বোলাই বোলাই ক'লে তুমি মোৰ কাৰণে খাদ্য বিচাৰি আনিলছা অ মোৰ বন্ধু মানুহতকৈ বেছি তোমাৰে দেখোন মানৱতাৰ   দয়া ভাৱ আছে তোমাক জন্তুৰ শাৰীত থোৱাটো মানুহৰ ডাঙৰ ভোল এইবুলি কৈ দুয়ো মিলি বিস্কুট খালে ৷


এনেদৰে দিন ,সপ্তাহ , পক্ষ , মাহ বছৰ বাগৰি গ'ল এতিয়া সত্যম চৈধ্য বছৰীয়া কিশোৰ হ'ল ৷ ইমান দিনৰ মূৰত পাই দেউতাই আদৰি লব বুলি ভাৱি সত্যম আৰু টমি ঘৰলৈ বাট বুলিলে ৷

ঘৰৰ দুৱাৰ মূখৰপৰাই মাত লগালে দেউতা অ দেউতা মই আহিছো ৷ মাতষাৰ শুনি সেই বিস্কুট দিয়া ল'ৰাটো ওলাই আহিলে টমিক দেখি ল'ৰাটোৰ মনত পৰিল  কিছু বছৰ আগতে মই বিস্কুট দিয়া কুকুৰটো দেখােন ল'ৰাটো দৌৰি আহি টমিক সাৱটি ধৰিলে অ বন্ধু তোমাক আকৌ লগ পাই বহুত ভাল লাগিছে বলা ভিতৰলৈ সত্যমকো ভিতৰলৈ মাতিলে ৷ এনেতে সত্যমৰ মাহী মাক আহি ক'লে আৰে আৰে এইয়া কৰ ভিক্ষাৰীক ঘৰত সোমাবলৈ দিছা যা যা ওলাই যা ৷ ল'ৰাজনে ক'লে কিন্ত কিয় মাহীদেউ দাদাজন দেখি নাপায় কিবা এটা খাবলৈ নিদি খেদিছে কিয় ?

ল'ৰাটোক ক'লে তই ভিতৰলৈ যা নহলে তোৰ পাপাক কথা লগাই দিম ৷

সত্যম দুখমনেৰে উভতি গৈ নৈপাৰ 

পালেহি ৷ পাৰত বহি নিজৰ ভাগ্যক ধিয়াবলৈ ধৰিলে কি যে মোৰ ভাগ্য দুখৰ অন্তই নাই ভাৱিছিলো দেউতাই ইমান দিনৰ মূৰত নিজ পুতেকক লগ পাই বুকুৰ মাজত সাৱটি ৷ বুকুত সাৱটি লোৱা দুৰৰ কথা ঘৰতে প্ৰৱেশ কৰিব নিদিলে হয় ৰে মোৰ ভাগ্য সৰুৰে পৰ কষ্ট মই জীয়াই থকাতকৈ নথকাই ভাল এনেকৈ ভাৱি আছে এনেতে মোক বচোৱা মোক বছোৱা বুলি এটা বিকট চিঞৰ শুনি পাই কোনফালৰপৰা মাত আহিছে মনদি শুনিবলৈ চেষ্টা কৰিলে অ নদীৰ মাজৰ পৰা লগে লগে টমিক ক'লে ভাই মানুহ এজন বিপদত পৰিছে তাক ৰক্ষা কৰাটো আমাৰ কৰ্তব্য কিন্ত মই উপায়হীন তুমিয়েই যোৱাগৈ ৷ টমি পানীত জঁপিয়াই পৰিল যেনেতেনে কৰি টমিয়ে বহুত সময় ধৰি লাগি লাগি শেষত মানুহজনক ৰক্ষা কৰিলে ৷ কিন্ত টমি ডুবি থাকিল সত্যমে টমি টমি বুলি চিঞৰিবলৈ ধৰিলে চিঙৰ শুনি মানুহজনৰ জ্ঞান ঘূৰি আহিল দেখিলে যে সত্যম দেখােন মোৰ পুত্ৰ মিঃ দাসে নিজৰ ভুল বুজিব পাৰি ৷

সতমক সাৱটি ধৰি ক'লে মোৰ ল'ৰা মই দোষী মোক ক্ষমা কৰি দিয়া ৷ সত্যমে দেউতাকক পাই বৱ আনন্দ পালে ৷ কিন্ত বাপেকক পাই টমিক হেৰুৱাবলগা হয় ৷

টমিৰ মৃত্যুৰ কথা গম পাই সত্যম চিঞৰি কান্দিবলৈ ধৰিলে দেউতাকে সান্ত্বনা দি ক'লে নাকান্দিবা মোৰ সোণ এইয়া ভাগ্যৰ খেলা ৷ সকলো ভাগ্যৰ হাতত যি হয় ভাগ্যৰ ফলতে হয় বলা ঘৰলৈ এইবুল তাৰ চকুলো মচি দি দুয়ো ঘৰলৈ উভতিল ৷


লিখক - দুলাল ৰবিদাস

নুমলীগড় গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)