নাৰীৰ জীৱন

©Admin
0
অঞ্জু গ্ৰেজুৱেট । তাই চাকৰিও পালে ।অঞ্জুক মানুহেই দৰা চাই দিছিল । সকলো ঠিকঠাক কৰি মাক - দেউতাকে বিয়া দিলে । নতুন সংসাৰ  কিছুদিন ভালকৈয়ে চলিলে ।বিয়াৰ  ডেৰবছৰমানৰ পিছত তাইৰ এজনী ছােৱালী জন্ম হ'ল ।  ছােৱালী জনী লাহে লাহে ডাঙৰ হৈ আহিবলৈ ধৰিলে । তাইৰ নাম ৰাখিছিল "অনন্যা" ।
   বিয়াৰ  দুবছৰমানৰ পিছৰ পৰা   মানুহটােৱে মদ খাই উঠি  উৎপাত আৰম্ভ কৰিবলৈ ল'লে।
কিমান দিন সহিব । মানুহহে । সহ্যৰ সীমা পাৰ হৈ আহিবলৈ বেছি দিন নেলাগিল । এদিন তাই  গিৰিয়েকৰ উপদ্ৰৱ সহিব নােৱাৰি ঘৰ এৰি মাকৰ ঘৰলৈ গুচি আছিল ।
      তাই বিয়াৰ আগৰে পৰাই কেৰাণীৰ চাকৰি  কৰি আছিল । সকলো এৰি চাকৰিতো বজাই ৰাখিলে । ঘৰ সংসাৰ এৰি আহিবলৈ বাধ্য হ'ল । ছােৱালী জনীক দেউতাকে এৰি নিদিলে ।
তাই অকলশৰীয়া হৈ গ'ল । গিৰিয়েকৰ ঘৰৰ পৰা ঘূৰি অহাৰ পিছত কিছুদিন মাকৰ ঘৰতে আছিল । কিছুদিন থকাৰ পিছত অকলশৰীয়াকৈ থাকিবলৈ ল'লে -চাকৰিৰ সংক্ৰান্তত ।
  এনেদৰে প্ৰায় ১৬ বছৰ মান থাকিলে । নাৰীৰ
অকলশৰীয়া জীৱন, জীৱনত বহুত কাম অকলেই কৰোতে কেতিয়াবা বহুত অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হৈছিল । গতানুগতিক  জীৱন অতিবাহিত কৰিলে । এনেতে মাকৰ পৰিয়ালে সন্ধান পালে- কোনোৱাই তাইক পুনৰ বিয়াৰ প্ৰস্তাৱ দিবলৈ আহিছে । তাইৰ অতীত সকলো জানিও বিয়া কৰাবলৈ মান্তি হৈছিল । ঘৰৰ মানুহে ঠিকঠাক কৰি কৰ্ট মেৰিজ কৰোৱাই দিলে । অন্জুৰ পুনৰ নতুন সংসাৰ আৰম্ভ হ'ল । বহুতে উপদেশ দিছিল তাইক -ভাল মানুহ পালে পুনৰ বিয়া কৰোৱাটোৱেই উচিত হ'ব । ভৱিষ্যতৰ নিৰাপত্তা আৰু নিসংগতা আদিৰ কথা ভাৱি তাই বিয়াত মত দিছিল । এনেদৰে সংসাৰৰ দ্বিতীয় দফা আৰম্ভ কৰিলে ।
    অঞ্জুুৱে কিছুমান মানুহৰ পৰা  গম পাই থাকিল তাইৰ ছোৱালীয়ে মেত্ৰিক পাচ কৰিলে । ছােৱালী জনীয়েও আনৰ মুখৰ পৰা মাকৰ কথা শুনি আছিল আৰু মাকক চাবলৈ উত্ৰাৱল হৈ আছিল ।  জীয়েকে এদিন মাকৰ ফোন নম্বৰ গোটালে আৰু এদিন মনে মনে দেউতাকে নজনাকৈ অনন্যাই মাক অঞ্জুুুুলৈ ফোন কৰি এদিন লগ কৰাৰ কথা ক'লে । মাক-জীয়েকৰ এদিন দেখা-দেখি হ'ল । জন্মৰ পাছত তাই সেইদিনা জনা হোৱাৰ পিছত মাকক প্ৰথম দেখিলে -মাকক লগ পাই তাইৰ হিয়া উথলি উঠিল । মাতৃ আৰু পুত্ৰীৰ তেজৰ সম্পৰ্ক ক'ত হেৰায় যাব । নাযায় । মাক - জীয়েকৰ দুচকুৱেদি অজানিতে চকুলো বৈ আহিল । দুয়ােৰে মন আবেগিক হৈ গৈছিল ।
অনন্যাই দেউতাকৰ অজানিতে মনে মনে মাকক মাজে মাজে লগ কৰি থাকিল ।

     অনন্যাই মাকক, মাহী মাকে কৰা  অত্যাচাৰৰ কথা সকলো বিৱৰি ক'লে ।
অনন্যাই দেউতাকে ভালদৰে তাইৰ খা-খৰছ
নিদিয়া কথাবােৰ  মাকক (অন্জু)  কৈছিল ।
মাকেও ইমান বছৰ বিৰতিৰ পিছত জীয়েকক পাই বৰ ভাল পাইছিল । অন্জুৱে মাজে মাজে তাইক কাপোৰ-কানি, খা-খৰছ দিবলৈ ল'লে ।
এনেদৰে দুবছৰমান যোৱাৰ পিছত অন্জুৰ লগতে  থাকিম বুলি ঘৰৰ পৰা গুচি আহিল নিজৰ মাকৰ ওচৰলৈ ।  তেজৰ সম্পৰ্ক কেতিয়াও হেৰাই নাযায় - তেনেদৰে দুয়ােজনীৰাে হ'ল ।
 
    মাকৰ লগতে থাকি তাই উচ্চশিক্ষা ল'লে আৰু লগে লগে চাকৰিও পালে । পঢ়াত অনন্যা বেয়া নাছিল । তাই চাকৰি পাই দিল্লীত থাকিলে কেইবছৰমান ।  মাকৰ তালৈ মাজে মাজে ছুটি লৈ আহে । মাক-জীয়েকৰ সম্পৰ্ক 
চলি আছিল । কিন্তু, মাজতে হেঙাৰ হ'ল -অঞ্জুুুৰ দ্বিতীয় স্বামী । তেওঁ অনন্যাৰ উপস্থিতি সহ্য কৰিব নোৱাৰিলে । সেয়েই আকৌ মাক-জীয়েকৰ বান্ধােনৰ অন্তৰায় কাৰক হ'ল ।   পিছত জীয়েকে বাপেকৰ ওচৰলৈকে যোৱাৰ সিদ্ধান্ত ল'লে । বাপেকে নিজৰ জীয়েকক উভতাব পাৰে জানো । তায়ো পুনৰ দেউতাকৰ লগতে থাকিলে ।
অন্জুৰ মনতো বেয়া লাগিছিল ।  পুত্ৰীসুখ লভিবলৈ তাইৰ ভাগ্যত নহল । আকৌ পুত্ৰীদুখত তাই ভাগি পৰিল । অন্জুৱে ভাৱিলে , " মােৰ যি নাই নায়েই " ।
   অঞ্জুুুৰ দ্বিতীয় স্বামীৰ মতে," মই তোমাক সকলো জানি শুনি বিয়া কৰাইছাে আৰু আমাৰ মাজত তৃতীয় পুৰুষ আহিলে মই ভাল নাপাও । তুমি অকলশৰীয়া বুলিহে বিয়া কৰাইছাে -তোমাৰ পুত্ৰী লগত থাকে বুলি জনা হলে মই তোমাক বিয়া নকৰালোহয় । তুমি কথাষাৰ বুজিবলৈ চেষ্টাকৰা । এনেবােৰ কথাৰ অৱতাৰণা হোৱাৰ পিছত , অঞ্জুুুুৱে কেনেকৈ জীয়েকক ৰাখে -সেইবাবে তাইক তাৰ পৰা দেউতাকৰ তালৈ উভতি যোৱাতো উচিত হ'ব বুলি ভাবিলে । শেষত সেয়ে হ'ল ।

        এনেতে অনন্যাৰ বিয়াৰ দিন ঠিক হ'ল ।
দেউতাকে সৰুকৈ হলেও তাইক বিয়া পাতি দিয়াৰ ব্যৱস্থা কৰিলে । কিন্তু মাক অন্জুৱে বিয়াত যাব নোৱাৰে -কাৰণ তাই সেইখন ঘৰত ভৰি নিদিয়ে । ইফালে জীয়েকৰ বিয়াৰ যো-জা । মাকে যাব নোৱাৰিলেও বিয়াৰ কিছুদিন আগতেই জীয়েকক পাট, মুগাৰ কাপোৰ কেইযােৰমান আৰু সোণৰ গহনা কিছুমান বনাই দিলে ।মাকে বিয়াৰ পিছত আহিবলৈ দঢ়াই-দঢ়াই কৈ পথিয়ালে । পুত্ৰীক এৰাৰ শোকে মনত খুলি  - খুলি খাইছিল তাইৰ মনত,  সকলো কথা সামৰি-সুতৰি নিজৰ দৈনন্দিন কামবােৰ গতানুগতিকভাৱে  কৰি গৈ থাকিল ।

      কিন্তু , তাইৰ দ্বিতীয় স্বামীৱে অনন্যাই বিয়াৰ পিছত  তেওঁলােকৰ ঘৰত আহোতেওঁ
আলহী হিচাবে যিখিনি ব্যৱহাৰ কৰিব লাগিছিল -সেইখিনি দেখা নোপোৱাত অন্জু অলপ ক্ষুণ্ণ হৈছিল । সেইবােৰ  দেখিও নেদেখাৰ ভাওজুৰি অঞ্জুুুুৱে জী-জোৱাইক ভালকৈ আপ্যায়ন কৰিলে আৰু জোৱাইক সােণৰ আঙুঠি, কাপােৰাদি উপহাৰ দি  আশীৰ্ব্বাদ দিলে ।

     অঞ্জুৱে জীৱন সংগ্ৰামৰ দুটা মুদ্ৰাৰ দুয়ােপিঠি তেনেকৈয়ে চলাই যাবলগীয়া হ'ল ।
কাকো এৰিব নোৱাৰে । এফালে জী আৰু আনফালে ২য় স্বামী । চাৰিওফালৰ বিভিন্ন সমস্যা , শােকাদিৰ সংমিশ্ৰণৰণ মাজত নিজকে জীয়াই ৰাখিবলৈ প্ৰস্তুত কৰি লবলগীয়াত পৰিছিল । বাধ্যত পৰি এৰি অাহিব লগীয়া হৈছিল এজনী নাৰীয়ে -গিৰিয়েকৰ ঘৰখন আৰু সন্তানক , সেই শােকবােৰ কোনােদিন মচ নাখায় তাইৰ জীৱনত । 
       আনফালে  এতিয়াৰ সংসাৰখনাে বজাই ৰাখিব লাগিব জীয়াই থাকে মানে । নাৰীৰ নিৰাপত্তা পাবলৈ এইখন সমাজত বহুত অসুবিধা । পদে পদে বহুত সমস্যাৰ সন্মুখীন হৈছিল অঞ্জুুুু । সেয়েহে, তাইৰ মুখৰ মাত হেৰাই গৈছিল । অকলশৰীয়াকৈ থাকিবলৈ ভাল পোৱা হৈছিল আৰু তাইৰ সেইতাে স্বভাৱতেই পৰিণত হৈছিল । সেইবােৰ পুনৰাবৃতি কৰিলে তাইৰ মনতো নষ্টালজিক হৈ পৰে । বহুত সময় ভাৱি থকাৰ পিছত - গিৰিয়েকে , "হেৰা চাহ নিদিয়া নেকি বুলি কওঁতে , খকমককৈ উঠি চাহ বনাবলৈ গ'ল আৰু দু্য়াে চাহ খাই পুনৰ নিজৰ নিজৰ কামত ওলাই গ'ল ।
 অঞ্জুুুৰ এনেকুৱা লাগে - তাই যেন এটি নিৰ্জীৱ -জীৱহে , এয়াই জীৱন মােৰ । নাৰীয়ে সহে নীৰৱে । নাৰীয়ে সহে অকলে । নাৰীয়ে বাস্তৱৰ সমস্যাবােৰ পান কৰি জীৱন নিৰ্ব্বাহ কৰিব লাগে । অঞ্জুৰ নিচিনাকৈ কিমান নাৰীয়ে
ঘৰে ঘৰে শােকৰ জীৱন অতিবাহিত কৰিছে কােনে জানে ??
==================
মীনাা পমে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)