ধৰ্ষিতাৰ বিননি

©Admin
0

মা মোক চিনি পাইছা নে,মই তোমাৰ মৰমৰ জীয়ৰী।

মই এতিয়া তোমালোকৰ মৰমৰ হৈ থকা নাই অ'' মা।
মা মই এতিয়া এজনী ধৰ্ষিতা।

কিছুমান মানৱ ৰূপী দানৱৰ হ'লো মই কামনাৰ বলি।

মোৰ বৰ কষ্ট হৈছে অ' মা। 

কোনে শুনিব মোৰ ভগ্নাৱ হৃদয়ৰ কৰুণ বিননি।

অ' দেউতা মোক ভূল নুবুজিবা।

মই এতিয়া তোমালোকৰ হিয়াৰ আমঠু হৈ থকা নাই।

হৈ থকা নাই মই দাদা-বাইদেউৰ আলাসৰ ভগ্নী।

 মা-দেউতা মোক শান্তি লাগে, মোৰ আত্মাই এতিয়া ন্যায় বিচাৰে।

পাবনে শাস্তি সেই নৰপিশাচ নৰৰ্ধ্বমে?

হেৰৌ আইনৰ সুৰক্ষা বাহিনী পৰিবনে কাণত তহঁতৰ।

সেই নৰপিশাচ কেইটাৰ হাতৰপৰা নিজকে বচাবলে কৰা মই অনুৰোধৰ কাতৰ চিঞৰ। 

পাৰিবিনে কৰিব পূৰ মোৰ আধৰুৱা জীৱনৰ ভগ্ন স্বপ্ন।

নে কাহানিও নহ'ব দুখীৰ সাব্যস্ত?

কাবৌ কৰিছিলো মই মোক নামাৰিবি,মোক যাবলৈ দে।

কিন্তু সেই নৰপিশাচ কেইটাই মোৰ অনুৰোধৰ কাতৰ চিঞৰ নুশুনিলে।

বৰঞ্চ মোৰ শৰীৰটোৰ লগত খেলিলে সিহঁতে মৃত্যুৰ তাণ্ডৱ।

চিঞৰি চিঞৰি কৈছিলো মনৰ ভিতৰতে।
ভগৱান মোক বছোৱা,মই আৰু সহ্য কৰিব নোৱাৰো।

নাপালো ন্যায় মই,নাপালো মই মুক্তি।
নিষ্ঠুৰ ভগৱান নুশুনিলা মোৰ কৰুণ বিননি।

এজনী ধৰ্ষিতাৰ বিননি কিয় তুমি নুশুনিলা ভগৱান।
মোক ন্যায় লাগে ভগৱান মোক ন্যায় লাগে।

মই এজনী ধৰ্ষিতাই কৈছো।
মোক  উচিত ন্যায় লাগে।


📝দ্বীপ দীপাঙ্কৰ লাহন
     বিশ্বনাথ,গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)