দক্ষিণ কামৰূপৰ সুঁৱৰী উচৱ এক অৱলোকন-০৩

Rinku Rajowar
0
যোৱা সংখ্যাৰ পিছৰ পৰা---
এই দধিমন্থন পৰবটি ভগবান শ্ৰীকৃষ্ণৰ বাল্য কালৰ বিভিন্ন লীলাই ঘাই বিষয় বস্তু | এই বাল্যলীলাৰ জৰিয়তে ভগবানৰ মাহাত্ম্য প্ৰকাশ কৰা হয় | যিটো অঞ্চলত যিদিনা উচবভাগ পালন কৰিব সেইদিনা অঞ্চলটোৰ মানুহখিনিয়ে সমুপৰ্ণ নীতি নিয়মেৰে চাফ চিকুন হৈ লঘোনে থাকি ইয়াত অংশ লয় | আহল বহল ৰভা সজাই যশোদা , ৰোহিণী , গোপিনী ,শ্ৰীকৃষ্ণ ,বলোৰাম , নন্দ আদিৰ চৰিত্ৰত অভিনেতা সকলে নানা ভংগী প্ৰদৰ্শন কৰে | তেওঁলোকে এই দধিমন্থন কাৰ্যটোক লৈয়ে সমগ্ৰ অনুষ্ঠানটি ধূপ ধূণা চাকি বন্তী নৈবদ্য কলপুলি পুতি আটকধুনিয়াকৈ সজাই পৰাই পৰিবেশটো গাম্ভীৰ্যপূৰ্ণ আৰু সৌষ্ঠৱ কৰি তোলা হয় |
  দধিমন্থন পালনৰ বাবে এখন মন্থনশাল থাকে ইয়াত পাচটা কলহ থাকে | এই পাচটা কলহত দধি মথিবৰ বাবে দুজনীকৈ গোৱালী থাকে | এই মন্থন শালখন কাঠেৰে সুন্দৰকৈ তৈয়াৰ কৰি সজাই পৰাই তুলি দেখিবলৈ চালে চকু ৰোৱা কৰি তোলা হয় | 
    আদিতে ধুৰাগীতেৰে এই অনুষ্ঠানৰ কাৰ্যসূচীৰ পাতনি মেলা হয় | আৰম্ভণীৰ পিছত সাইলাখ গোপিনীৰ দৰে সজাই পৰাই তোলা কুমাৰী ছোৱালীৰদ্বাৰা আৰম্ভ হয় দধিমন্থনৰ স্তুতি গীত | আগলৈ~~~

📝হেমেন হাজৰিকা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)