কাৰণ ইমান দিনৰ অপেক্ষাৰ অন্তত পৰিয়ালত নতুন সদস্যৰ আগমণ ঘটিছে
দেউতাই লাইনত মিঠাই বিলাই দুখীয়াক্ ভোজন কৰাই দান দক্ষিণা কৰে সকলৰে্ মুখত সুখৰ হাহি্ এদিনাখন এগৰাকী সাধু আহিলত সাধুৰ হাতত মোক গতাই দি্ মোৰ নামকৰণ কৰিবলৈ দিলে সাধুজনে্ মোৰ মুখখনলৈ চাই ক’লে সোমবাৰেপূৰ্ণিমা তিথি জন্ম শিশুটিৰ্ গুৰু্ বৃহস্পতি দেৱ লগ্ন আৰু মীন ৰাশি গতিকে নাম হব্ দ আখৰৰ এনেতে পেহীয়ে চিঞৰি উঠিল সকলোৰে আলাসৰ মৰমৰ নামটো হব...৷ কৈ ৰখি গ'ল সাধুজনে মিচিকীয়া হাহি এটা মাৰি নাম দুলাল শিশুৰ ভৱিষ্যত উজ্জ্বল সমাজত খ্যাতি লাভ কৰিব কিন্ত মায়ে উচপ খাই সুধিলে কিন্ত কি মহাৰাজ ? সাধুজনে অলপ শান্তসুৰে ক'লে শিশোৱে মাকৰ মৰমৰ পৰা বঞ্চিত হব লগতে একনয়না হব অপিতু দৃষ্টি সমস্যত ভুগিব এই বুলি কৈ সাধু বিদায় ল'লে ৷
সাধুৰ কথা শুনাৰ পাছত সকলোৱে চিন্তাতত পৰিল ৷ আৰু এদিন সাধুৰ কথা সত্য হ'ল মা মোক সংসাৰত অকলসৰীয়া কৰি গৰি গুছি গ'ল নাপালো মাৰ মৰম সনা উমাল বুকুত শুই গাখীৰ খাবলৈ ৷
মাৰ মৃত্যুৰ সময়ত মোৰ বয়স মাত্ৰ সাত দিন দেউতা বিমূৰত পৰিল কি কৰো কি নকৰো কিন্ত পেহীহঁতৰ পৰামৰ্শমতে দেউতাই আন এটা বিয়া পাতিলে প্ৰথমতে মাহী মায়ে খুব মৰম দিলে যেতিয়া পূৰণি হ'ল আচল ৰূপ দেখুৱাবলৈ ধৰিলে পেহীয়ে মোৰ ওপৰত হোৱা অত্যাচাৰ দেখিব নোৱাৰি লগত লৈ যায় ৷
দুটামান বছৰৰপাছত দেউতাৰ ভৰি এখন অকৰা হৈ পৰিল কমেও ৫ টা বছৰ ধৰি দেউতাৰ চিকিৎসা চলিল দেউতাৰ বেমাৰৰ সুবিধা লৈ খুৰাই সকলো ধন সম্পত্তিকাঢ়ি চোৰ কৰি নিলে৷
পেহী ঘৰৰ পৰা মোৰ প্ৰাথমিক শিক্ষাৰ আৰম্ভণি হ’ল হিন্দী বিভাগত দেউতাই গা ভাল পোৱাৰ পাছত মোক নুমলীগড়লৈ লৈ আনি্ অসমীয়া বিভাগত নাম ভৰ্তি কৰাই দিলে ৷ এতিয়া আকৌ মাহীমাকৰ অত্যাচাৰৰ বলি নিতৌ নতুন বুদ্ধি পাঙি দেউতাৰ পৰা মাৰকিল খুৱাইছিল ৷
এদিনৰ কথা মই স্কুললৈ যাব ওলাই আছিলো সেই সময়তে মাহী মাইডা°আহি বেগটো মোৰপৰা কাঢ়লৈ কডা° ঐ তেৰু কলৈ যোৱা ঘৰৰ কামবোৰ কোনে কৰিব যা এনেও পঢ়ি শুনি বাগানৰ বাবু নহবি কাৰোবাৰ ঘৰত চাকৰহে কৰিবি মিছাতে খৰচ এই কৈ মোক জোৰেৰে ঠেলামাৰি দিলে ৷ মই সিদিনা বহুত কান্দিলো বাৰ বছৰীয়া কোমলীয়া অন্তৰত বেদনাৰ এক প্ৰচণ্ড ধুমুহাৰ সৃষ্টি হৈছিল সিদিনা মোৰ মালৈ বহুত মনত পৰাৰ বাবে ফটা খনকে বুকুৰ মাজত সাবতি লৈছিলো সেয়াই নহয় খাবলৈকো আধা পেট দিছিল ভাত বিচাৰিলে দাৰ কিল দিছিল আৰু যেতিয়া সন্ধিয়া দেউতা আহে তেতিয়া তেওঁক মিছাকথা কৈ মোক মাৰ খৃৱাই এদিনা মাহীমাকে জুলুম কৰি বাগানলৈ নি সন্ধিয়া মোক দেউতাই স্কুল নোযাত গৰুৰ দৰে বান্ধি পিটিলে ৷ এনেকৈ দুখ যন্ত্ৰনাৰ মাজেৰে দিন গৈ থাকিল মোৰ মনৰ কথাবোৰ এখন বহীত মই সদায় লিখি থাকোতে কেতিয়া মোৰ লিখাবোৰ কবিতালৈ পৰিবৰ্তন হ’লহি এয়া মই গমকেই পোৱা নাছিলোঁ এদিনাখন স্কুলত শিক্ষকে বহীখন চাই দুটামান কবিতা বাতৰি কাকতত দিলে মই আগতে স্কুলৰপৰা প্ৰকাশিত “ নুমলী ” নামৰ আলোচনীত দি আছিলো কিন্ত যেতিয়া বাতৰিকাকতত মোৰ লিখনি ছপা হৈ ওলাল তেতিয়াৰ পৰা মোৰ লিখিবলৈ অধিক আগ্ৰহ বাঢ়িল ৷
স্কুলত প্ৰতি বছৰে পঢ়াৰ মাপদণ্ড উন্নতিৰ পথত অগ্ৰহৰ হৈ আছিল ৷
মন মোৰ সাহিত্য , সংস্কৃতি আৰু অধ্যয়নৰ প্ৰতি বেছি আকৃষ্ট হ’ল মই পঢ়াশুনাৰ লগতে অনন্যা দিশতো পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱাৰ পাছত মোৰ প্ৰতি দেউ্তাৰ মৰম বাঢ়িল
তাৰপাছত কিছুপৰিমাণে মাহীমাকৰ অত্যাচাৰকমিলযদিও নিতৌ নতুন
ফাণ্ড মোৰ বাবে পাতি আছিল তেতিয়া মই মাহী মাৰ চকুৰ কুটা হৈ পৰিছিলো ৷
হ’লেও মই সেইবোৰ ভ্ৰূক্ষেপ নকৰি নজৰ লক্ষ্যপথ অগ্ৰহৰ হৈ আছিলোঁ এনেদৰেই সুখ দুখ ঘাট প্ৰতিঘাটৰ মাজেদি নিজৰ মনোবল আৰু আত্মবিশ্বাসৰ সৈতে বাল্য , শৈশৱ , আৰু কৈশোৰ কাল অতিক্ৰম কৰি কৰি কুৰিটা বছৰত ভৰি দিলো ৷
লিখক - দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ