জীৱ-বােমা বিষ্ফােৰণ

©Admin
0
বিধ্বংশী দেশে বোমা চতিয়াই
লাখ - লাখ জনতাক ৰোগ দান দিলে,
এতিয়া গোটেই পৃথিৱী কৰুণা ৰোগত কম্পমান ।
আজি সমস্ত পৃথিৱীৰ স্বাভাৱিক জীৱন ব্যাহত ।

চিকিৎসকে নিজকে শেষ কৰি ৰোগীক বচাইচে ।
আনন্দ - উৎসৱ পৃথিৱীৰ পৰা বাহিৰ এতিয়া ।
পৃথিৱীত প্ৰতিদিনে মৃত্যুৰ বাতৰি মাথো ,
পৃথিৱীত শিক্ষা স্তব্ধ ,
পৃথিৱীত ব্যৱসায় বন্ধ ,
গোটেই পৃথিৱী  দুখােজ পিচুৱালে  ।

জীৱবােমাৰ বিষ্ফােৰণত মৃত্যুৰ কিৰিলি
সেয়া অজ্ঞতা নে বদজ্ঞানীৰ কৰ্মৰ ফল ।
পৃথিৱীৰ হাঁহি নাই আজি 
চৌদিশে কান্দােনৰ ৰোল
আত্মীয়ই হিয়া ঢকিয়াই  কান্দিছে ।
ধৰিত্ৰীয়ে প্ৰতিদিনেই
খুজে মানৱ দেহবােৰ ।

ৰজাই মৃত-কফিন দেখি হুকহুকায়
তোমালোক সন্তােষ্ট নে এতিয়া (?),
জীৱ - বোমাৰ  আক্ৰমণত মৃত্যু দেখি ॥
পৃথিৱীত মৃত্যুৰ কিৰিলী 
আৰু তোমালোকৰ হাঁহি ॥
হত্যাকাৰীৰ দেশ,
পৃথিৱীৰ হত্যাকাৰী ॥

📝 মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)