কবিতা মোৰ অনুভৱেৰে-০৩

Rinku Rajowar
0
যোৱা সংখ্যাৰ পিছৰ পৰা
সময়ৰ দাবীত সকলো সলনি হয় |কবিতাৰ ক্ষেত্ৰটো তেনে হোৱাটো স্বাভাবিক | তাৰবাবেই কিজানি আজিৰ কবিতাৰ ক্ষেত্ৰটো পৰিবৰ্তন আহিল | আমাৰ অগ্ৰজ কবি সকলে সহজ সৰল ভাষাত সকলোৱে বুজি পোৱাকৈ কবিতা লিখিছিল | কথাবোৰ পোন পটীয়াকৈ কৈছিল | আজিৰ কবিতাত কবিয়ে কবখোজা কথাখিনি পোনপটীয়াকৈ নকৈ তাত অলংকাৰ, চিত্ৰকল্প, প্ৰতীক আদি প্ৰয়োগেৰে কবিতা লিখা আৰম্ভ কৰিলে  | কবিতাৰ বাহ্যিক অৰ্থত কৈ তাৰ অন্তৰ্নিহিত অৰ্থ প্ৰকাশৰ বাবে কবিয়ে অধিক গুৰুত্ব দিয়া হল  | তাৰ বাবে কবি সকলো সাৱধান হব লগা হল | যাতে তেওঁৰ সৃষ্টি পঢ়ি আমনি নাপায় | এগৰাকী কবিৰ সদ্য প্ৰকাশিত কবিতা এটা পঢ়ি আপোনাক লগ পালে যেতিয়া কয় আপোনাৰ কবিতাটো পঢ়ি ভাল পালো ,আপুনি ভাল লিখে | তেতিয়া কবি গৰাকীৰ পুনৰ কলম তুলি লবলৈ অনুপ্ৰাণিত হয় | মনত আনন্দ পায় | তাৰবাবেই কবি সকল এই ক্ষেত্ৰত সাৱধান হব লাগে, যাতে পাঠকে তেওঁৰ সৃষ্টি পঢ়ি আমনি নাপায় | কবিতা এটাৰ জৰিয়তে সমাজলৈ এটা বাৰ্তা যায় তাৰ প্ৰতি সচেতন হব লাগে  | অন্যথা কবি গৰাকীৰ শ্ৰম অথলে যায়  | কবি সকল হ'ল স্ৰষ্টা ,দ্ৰষ্টাও | বহু কম শব্দৰ জৰিয়তে বেছি কথা কব পৰা গুণৰ অধিকাৰী কবি সকল  | কবিতা ৰচনা কৰাটো খুবেই কঠিন | এটা ভাল কবিতা ৰচনা কৰাটো তাতকৈও বেছি কঠিন কাম | এই কাম উন্নত কৰিবৰ কাৰণে আমি কবিতা পঢ়িব লাগিব  | প্ৰতিষ্ঠিত কবি সকলৰ কবিতা পঢ়িব লাগিব পঢ়ি বুজিব লাগিব |

📝হেমেন হাজৰিকা 



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)